প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

‘নাৰী শক্তি বন্দন সন্মিলন’ত ভাষণৰ আভাস শ্বেয়াৰ প্ৰধানমন্ত্ৰীৰ

পোষ্ট কৰা হৈছে: 13 APR 2026 10:35PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ বিজ্ঞান ভৱনত অনুষ্ঠিত ‘নাৰী শক্তি বন্দন সন্মিলন’ত তেওঁৰ ভাষণৰ কিয়দাংশ শ্বেয়াৰ কৰে। তেওঁ মহিলা নেতৃত্বাধীন উন্নয়ন আৰু সবলীকৰণৰ প্ৰতি দেশৰ প্ৰতিশ্ৰুতি সন্দৰ্ভত আলোকপাত কৰে।

এক্সৰ এলানি পোষ্টত প্ৰধানমন্ত্ৰীয়ে লিখিছেঃ

‘মাতৃ, ভগ্নী আৰু কন্যাসকলৰ উৎসাহ আৰু আত্মবিশ্বাসে নতুন দিল্লীৰ নাৰী শক্তি বন্দন সন্মিলনখনক নতুন শক্তি প্ৰদান কৰিছে।’

‘২০২৯ চনত নাৰী শক্তি বন্দন আইন প্ৰণয়ন সন্দৰ্ভত বিৰোধীৰ বিচাৰ-বিবেচনাৰ প্ৰতিও গুৰুত্ব দিয়া হৈছে। ১৬ এপ্ৰিলৰ পৰা সংসদৰ বিশেষ সত্ৰত এই প্ৰক্ৰিয়াটো আলোচনা, সহযোগিতা আৰু সমন্বয়ৰ জৰিয়তে আগুৱাই নিয়াৰ বাবে আমাৰ আন্তৰিক প্ৰয়াস।’

‘যেতিয়া সিদ্ধান্ত গ্ৰহণ প্ৰক্ৰিয়াত মহিলাৰ অংশগ্ৰহণ বৃদ্ধি পায়, তেতিয়া ব্যৱস্থাসমূহৰ সংবেদনশীলতাও বৃদ্ধি পায়। জলজীৱন মিছনকে ধৰি আমাৰ বহুতো আঁচনিৰ সফলতা ইয়াৰ এটা উৎকৃষ্ট উদাহৰণ।’

‘গুজৰাটৰ খেড়া জিলাৰ এখন পঞ্চায়তৰ মহিলা সদস্যসকলে উন্নয়নৰ বিষয়ে প্ৰকাশ কৰা মনোভাৱৰ দ্বাৰা ইয়াকে বুজাই যে তৃণমূল পৰ্যায়ৰ অভিজ্ঞতাৰ পৰা বাণী কেনেদৰে বেদ-বাক্যত পৰিণত হয়। এই বিষয়ে প্ৰতিগৰাকী দেশবাসীয়ে জনা উচিত।’

আমি আমাৰ আঁচনিসমূহৰ জৰিয়তে মাতৃ, ভগ্নী আৰু কন্যাসকলক অধিক শক্তিশালী কৰাৰ বাবে নিৰন্তৰ প্ৰয়াস চলাই আহিছো। ইয়াৰ বহুতো উদাহৰণ আছে।

***

MJPS/PRK/NB


(ৰিলিজ আই ডি : 2253743) অতিথি কক্ষ : 39