প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
দিল্লী-ডেৰাডুন অৰ্থনৈতিক কৰিডৰ উদ্বোধনৰ সময়ত দিয়া ভাষণৰ আভাস দাঙি ধৰিলে প্ৰধানমন্ত্ৰীয়ে
পোষ্ট কৰা হৈছে:
14 APR 2026 9:36PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে দিল্লী-ডেৰাডুন অৰ্থনৈতিক কৰিডৰ উদ্বোধনৰ সময়ত দিয়া তেওঁৰ ভাষণৰ আভাস দাঙি ধৰে ।
এক্সত দিয়া ধাৰাবাহিক পোষ্টত শ্ৰী মোদীয়ে কয়;
দেশৰ পথ, ঘাইপথ, এক্সপ্ৰেছৱে, বিমানপথ, ৰে'লপথ, জলপথ উন্নয়নৰ জীৱনৰেখা। বিগত দশক ধৰি আমাৰ চৰকাৰে এইবোৰৰ নিৰ্মাণৰ দিশত অহৰহ প্ৰচেষ্টা চলাই আহিছে।
আজি উদ্বোধন কৰা ডেৰাডুন-দিল্লী অৰ্থনৈতিক কৰিডৰে এই সমগ্ৰ অঞ্চলটোক সম্পূৰ্ণৰূপে ৰূপান্তৰিত কৰিবলৈ সাজু হৈছে। ই কেৱল ভ্ৰমণক সস্তা আৰু দ্ৰুত কৰি তোলাই নহয়, ইয়াৰ দ্বাৰা উত্তৰাখণ্ডৰ পৰ্যটন আৰু বাণিজ্য খণ্ডও যথেষ্ট লাভাৱান্বিত হ’ব।
“দেশৰ লগতে বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা উত্তৰাখণ্ড ভ্ৰমণ কৰা সকলো পৰ্যটক তথা তীৰ্থযাত্ৰীলৈ মোৰ বিশেষ আহ্বান...”
উত্তৰাখণ্ডৰ পবিত্ৰ ভূমিৰ পৰা মই পুনৰবাৰ দেশৰ সকলো ৰাজনৈতিক দলকে নাৰী শক্তি বন্দন অধিনিয়মৰ সংশোধনীক সম্পূৰ্ণ হৃদয়েৰে সমৰ্থন কৰিবলৈ আহ্বান জনাইছো। দেশৰ মাতৃ-ভগ্নীসকলে যাতে ২০২৯ চনৰ পৰা তেওঁলোকৰ উচিত প্ৰাপ্য লাভ কৰে, সেয়া নিশ্চিত কৰিবলৈ আমি দৃঢ়প্ৰতিজ্ঞ।
সশস্ত্ৰ বাহিনীৰ সামৰ্থ্য শক্তিশালী কৰাৰ কথাই হওক বা আমাৰ জোৱানৰ পৰিয়ালৰ আৰাম তথা মৰ্যাদা সুনিশ্চিত কৰাৰ কথাই হওক, আমাৰ চৰকাৰে এই দিশত কোনো য'তি পৰিবলৈ দিয়া নাই ।
***
MJPS/ST/DM
(ৰিলিজ আই ডি : 2252068)
অতিথি কক্ষ : 6
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Telugu
,
Kannada
,
Malayalam