গৃহ মন্ত্ৰালয়
azadi ka amrit mahotsav

খালছা পন্থৰ প্ৰতিষ্ঠা দিৱস আৰু বৈশাখী উপলক্ষ্যে শুভেচ্ছা জ্ঞাপন কৰিলে কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় দপ্তৰৰ মন্ত্ৰী শ্ৰীযুত অমিত শ্বাহে

এই পবিত্ৰ দিনটোৱে শ্ৰী গুৰু গোবিন্দ সিংহ জীয়ে খালছা পন্থ প্ৰতিষ্ঠা কৰাৰ কথা মনত পেলাই দিয়ে

এই শুভক্ষণত খালছা পন্থলৈ মোৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে আমাৰ আন্নাদাতাসকলৰ কঠোৰ পৰিশ্ৰমৰ বাবে তেওঁলোকক প্ৰণাম জনাইছো

পোষ্ট কৰা হৈছে: 14 APR 2026 12:46PM by PIB Guwahati

কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় দপ্তৰৰ মন্ত্ৰী শ্ৰীযুত অমিত শ্বাহে আজি খালছা পন্থ প্ৰতিষ্ঠা দিৱস  আৰু বৈশাখী উপলক্ষ্যে  ৰাইজলৈ শুভেচ্ছা জ্ঞাপন কৰে।

এক্সত দিয়া এটা পোষ্টত শ্ৰী অমিত শ্বাহে কয়, ‘খালছা পন্থৰ প্ৰতিষ্ঠা দিৱস আৰু বৈশাখী উৎসৱত সকলোকে আন্তৰিক শুভেচ্ছা জনাইছো।এই পবিত্ৰ দিনটোৱে আমাক সত্য আৰু সততাৰ পথত নিৰ্ভয়ে খোজ কাঢ়িবলৈ সাহস প্ৰদান কৰা শ্ৰী গুৰু গোবিন্দ সিং জীয়ে খালছা পন্থ প্ৰতিষ্ঠা কৰাৰ কথা মনত পেলাই দিয়ে।

বৈশাখী আমাৰ কঠোৰ পৰিশ্ৰমী কৃষকসকলৰ আনন্দৰ উদযাপন, যাৰ ত্যাগে  সমগ্ৰ দেশলৈ সমৃদ্ধি কঢ়িয়াই আনে। এই পবিত্ৰ শুভক্ষণত খালছা পন্থলৈ মোৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে আমাৰ আন্নাদাতাসকলৰ অক্লান্ত প্ৰচেষ্টাক প্ৰণাম জনাইছো।

*****

RK/PR/PS/SC/DM


(ৰিলিজ আই ডি : 2251838) অতিথি কক্ষ : 8