প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

জন্ম বাৰ্ষিকীত ড° বি.আৰ. আম্বেদকাৰক শ্ৰদ্ধাৰে স্মৰণ কৰিলে প্ৰধানমন্ত্ৰীয়ে

পোষ্ট কৰা হৈছে: 14 APR 2026 9:14AM by PIB Guwahati

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ড০ বি আৰ আম্বেদকাৰৰ জন্ম বাৰ্ষিকীত আন্তৰিক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

প্ৰধানমন্ত্ৰীয়ে কয় যে বাবাচাহেব আম্বেদকাৰে দেশ  গঠনৰ ক্ষেত্ৰত আহবঢ়োৱা অতুলনীয় অৱদানে প্ৰজন্মৰ পিছত প্ৰজন্মক অনুপ্ৰাণিত কৰি আহিছে। তেওঁ আলোকপাত কৰে যে ড° আম্বেদকাৰৰ জীৱন আৰু আদৰ্শই নাগৰিকসকলক এখন ন্যায়সংগত, সৰ্বাংগীন আৰু প্ৰগতিশীল সমাজ গঢ়ি তোলাৰ দিশত কাম কৰিবলৈ প্ৰেৰণা যোগাই আহিছে।

প্ৰধানমন্ত্ৰীয়ে লগতে উল্লেখ কৰে যে ড° আম্বেদকাৰৰ ব্যক্তিত্ব আৰু কৰ্মৰাজি সদায় দেশৰ বিকাশৰ পথ প্ৰদৰ্শক শক্তি হৈ থাকিব।

শ্ৰী মোদীয়ে লগতে এটা সংস্কৃত শুভাশিতম আগবঢ়ায়-

अयं निजः परो वेति गणना लघुचेतसाम्।

उदारचरितानां तु वसुधैव कुटुम्बकम्॥

প্ৰধানমন্ত্ৰীয়ে এক্সত এনেদৰে  লিখিছে;

"ড° বাবাচাহেব আম্বেদকাৰলৈ তেওঁৰ জন্ম বাৰ্ষিকীত শ্ৰদ্ধাঞ্জলি জনাইছো। ৰাষ্ট্ৰ নিৰ্মাণৰ দিশত তেওঁৰ প্ৰচেষ্টা গভীৰভাৱে প্ৰেৰণাদায়ক। তেওঁৰ জীৱন আৰু কৰ্মই প্জন্মৰ পিছত প্ৰজন্মক  ন্যায্য তথা  প্ৰগতিশীল সমাজ গঢ়াৰ বাবে অনুপ্ৰাণিত কৰি আহিছে।"

 

তেওঁ কয়, ‘ড০ বাবাচাহেব আম্বেদকাৰৰ ব্যক্তিত্ব আৰু কৰ্মৰাজি দেশৰ  গঠনৰ বাবে প্ৰেৰণা হৈ থাকিব।

 

अयं निजः परो वेति गणना लघुचेतसाम्।

 

उदारचरितानां तु वसुधैव कुटुम्बकम्॥”

 

****

MJPS/ST/DM


(ৰিলিজ আই ডি : 2251814) অতিথি কক্ষ : 9