গৃহ মন্ত্ৰালয়
azadi ka amrit mahotsav

মহান সমাজ সংস্কাৰক তথা শিক্ষাবিদ মহাত্মা জ্যোতিবা ফুলেৰ জন্ম জয়ন্তীত শ্ৰদ্ধাঞ্জলি জনালে কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় দপ্তৰৰ মন্ত্ৰী শ্ৰীযুত অমিত শ্বাহে

জ্যোতিবা ফুলেই শিক্ষাক সমাজ সংস্কাৰৰ আটাইতকৈ ফলপ্ৰসূ মাধ্যম হিচাপে গণ্য কৰিছিল

তেওঁ স্ত্ৰী শিক্ষাৰ পথ প্ৰদৰ্শক আছিল আৰু ‘সত্যশোধক সমাজ’ প্ৰতিষ্ঠা কৰি সমাজৰ সমতা তথা ন্যায়ৰ দিশত এক উল্লেখযোগ্য অৱদান আগবঢ়াইছিল

পোষ্ট কৰা হৈছে: 11 APR 2026 1:08PM by PIB Guwahati

মহান সমাজ সংস্কাৰক তথা শিক্ষাবিদ মহাত্মা জ্যোতিবা ফুলেৰ জন্ম জয়ন্তীত কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় দপ্তৰৰ মন্ত্ৰী শ্ৰীযুত অমিত শ্বাহে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

এক্স প্লেটফৰ্মত দিয়া এটা পোষ্টত কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় দপ্তৰৰ  মন্ত্ৰী শ্ৰী অমিত শ্বাহে কয় যে জ্যোতিবা ফুলেই শিক্ষাক সমাজ সংস্কাৰৰ আটাইতকৈ ফলপ্ৰসূ মাধ্যম হিচাপে গণ্য কৰিছিল। শ্ৰী শ্বাহে কয় যে শ্ৰী ফুলেই স্ত্ৰী শিক্ষাৰ পথ প্ৰদৰ্শক আছিল আৰু ‘সত্যশোধক সমাজ’ প্ৰতিষ্ঠা কৰি সমাজৰ সমতা তথা ন্যায়ৰ দিশত উল্লেখযোগ্য অৱদান আগবঢ়াইছিল।

***

RK / RR / PS/DM


(ৰিলিজ আই ডি : 2251238) অতিথি কক্ষ : 21