প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

ৰাজ্যসভাৰ সাংসদ হিচাপে শপত গ্ৰহণ কৰা শ্ৰী নীতিশ কুমাৰক শুভেচ্ছা জ্ঞাপন প্ৰধানমন্ত্ৰীৰ

পোষ্ট কৰা হৈছে: 10 APR 2026 2:07PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাজ্যসভাৰ সদস্য হিচাপে শপত গ্ৰহণ কৰা শ্ৰী নীতিশ কুমাৰক আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰে।

প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে যে শ্ৰী নীতিশ কুমাৰ হৈছে দেশৰ অন্যতম অভিজ্ঞ নেতা যাৰ সুশাসনৰ প্ৰতি দায়বদ্ধতা আৰু বিহাৰৰ উন্নয়নত অপৰিসীম অৱদান ব্যাপকভাৱে স্বীকৃত। প্ৰবীণ বিধায়ক আৰু প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী হিচাপে তেওঁৰ ব্যাপক অভিজ্ঞতাই সদনৰ মৰ্যাদা যথেষ্ট বৃদ্ধি কৰিব বুলি দৃঢ়তাৰে উল্লেখ কৰি শ্ৰী মোদীয়ে শ্ৰী কুমাৰ সংসদলৈ উভতি অহা বাবে আনন্দ প্ৰকাশ কৰে।

প্ৰধানমন্ত্ৰীয়ে এক্সত লিখিছেঃ

‘নীতিশ কুমাৰ জী দেশৰ আটাইতকৈ অভিজ্ঞ নেতাসকলৰ ভিতৰত অন্যতম। সুশাসনৰ প্ৰতি তেওঁৰ দায়বদ্ধতা ব্যাপকভাৱে প্ৰশংসিত হৈছে। বিহাৰৰ উন্নয়নত তেওঁৰ অৱদান অপৰিসীম। সংসদত তেওঁক পুনৰ দেখা পোৱাটো অতি সুখদায়ক হ’ব। তেওঁ বহু বছৰ ধৰি সাংসদ আৰু কেন্দ্ৰীয় মন্ত্ৰী হিচাপেও কাৰ্যনিৰ্বাহ কৰিছে। মই নিশ্চিত যে তেওঁৰ দীঘলীয়া ৰাজনৈতিক অভিজ্ঞতাই সংসদৰ মৰ্যাদা বৃদ্ধি কৰিব। ৰাজ্যসভাৰ সাংসদ হিচাপে শপত গ্ৰহণ কৰাৰ বাবে তেওঁক আন্তৰিক অভিনন্দন আৰু আগন্তুক কাৰ্যকালৰ বাবে শুভেচ্ছা জনালো।’

***

MJPS/PRK/DD


(ৰিলিজ আই ডি : 2250803) অতিথি কক্ষ : 15