প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰধানমন্ত্ৰীয়ে দৃঢ়তাৰে কয় যে বিধায়িনী সংস্থাত মহিলাৰ বাবে সংৰক্ষণৰ ব্যৱস্থা সময়ৰ আহ্বান
মহিলা সংৰক্ষণ বিধেয়কৰ জৰিয়তে ভাৰতীয় গণতন্ত্ৰক অধিক সজীৱ আৰু অংশগ্ৰহণমূলক কৰি তোলাৰ বিষয়ত প্ৰধানমন্ত্ৰীয়ে এটা প্ৰৱন্ধত নিজৰ অন্তৰ্দৃষ্টি ভাগ-বাটোৱাৰা কৰিছে
পোষ্ট কৰা হৈছে:
09 APR 2026 8:51AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দৃঢ়তাৰে কয় যে ভাৰতীয় গণতন্ত্ৰক অধিক সজীৱ আৰু অংশগ্ৰহণমূলক কৰি তুলিবলৈ বিধায়িনী সংস্থাত মহিলাৰ বাবে সংৰক্ষণৰ ব্যৱস্থা কৰাটো সময়ৰ আহ্বান।
প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে যে এই সংৰক্ষণৰ ব্যৱস্থা কৰাত যিমানে পলম হ’ব সিমানেই সেয়া দুৰ্ভাগ্যজনক কথা হ’ব। শ্ৰী মোদীয়ে লগতে শেহতীয়াকৈ প্ৰকাশিত এটা প্ৰবন্ধৰ জৰিয়তে বিষয়টো সন্দৰ্ভত তেওঁৰ চিন্তা আৰু দৃষ্টিভংগী ব্যক্ত কৰিছে।
প্ৰধানমন্ত্ৰীয়ে এক্সত লিখিছে:
"বিধায়িনী সংস্থাত মহিলাৰ বাবে সংৰক্ষণৰ ব্যৱস্থা কৰাটো সময়ৰ আহ্বান! ইয়াৰ দ্বাৰা আমাৰ গণতন্ত্ৰ আৰু অধিক সজীৱ তথা অংশগ্ৰহণমূলক হ'ব। এই সংৰক্ষণৰ ব্যৱস্থা কৰাত যিমানে পলম হ'ব সিমানে সেয়া দুৰ্ভাগ্যজনক কথা হ'ব। এই বিষয়টো সন্দৰ্ভত মোৰ চিন্তাধাৰা এই অপ-এড প্ৰৱন্ধত প্ৰকাশ কৰিলোঁ।"
***
MJPS/PRK/DM
(ৰিলিজ আই ডি : 2250414)
অতিথি কক্ষ : 11
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali
,
Bengali-TR
,
Punjabi
,
Gujarati
,
Odia
,
Telugu
,
Kannada
,
Malayalam