ভাৰতীয় নিৰ্বাচন আয়োগ
সাধাৰণ নিৰ্বাচন আৰু উপ-নিৰ্বাচন ২০২৬: ভোটদানৰ দিনা লাভ কৰিব বেতনসহ ছুটী
পোষ্ট কৰা হৈছে:
03 APR 2026 11:39AM by PIB Guwahati
১। ভাৰতৰ নিৰ্বাচন আয়োগে ১৫ মাৰ্চ, ২০২৬ত অসম, কেৰালাম, পুডুচেৰী, তামিলনাডু আৰু পশ্চিমবংগৰ বিধানসভা নিৰ্বাচন আৰু গোৱা, গুজৰাট, কৰ্ণাটক, মহাৰাষ্ট্ৰ, নাগালেণ্ড আৰু ত্ৰিপুৰাৰ ৮টা বিধানসভা সমষ্টিৰ বাবে উপ-নিৰ্বাচনৰ দিন ঘোষণা কৰে।
২। সংশ্লিষ্ট ৰাজ্যসমূহত নিৰ্বাচন অনুষ্ঠিত কৰাৰ সময়সূচী তলত দিয়া হ'ল -
|
সাধানৰণ নিৰ্বাচন/উপ-নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া ৰাজ্য/কেন্দ্ৰীয়শাসিত অঞ্চলৰ নাম
|
ভোটদানৰ তাৰিখ
|
|
অসম, কেৰালাম, পুডুচেৰী, গোৱা, কৰ্ণাটক, নাগালেণ্ড আৰু ত্ৰিপুৰা
|
০৯.০৪.২০২৬
|
|
তামিলনাডু, গুজৰাট আৰু মহাৰাষ্ট্ৰ
|
২৩.০৪.২০২৬
|
|
পশ্চিমবংগ
|
২৩.০৪.২০২৬ (প্ৰথম পৰ্যায়)
|
|
২৯.০৪.২০২৬ (দ্বিতীয় পৰ্যায়)
|
৩। জনপ্ৰতিনিধিত্ব আইন, ১৯৫১ৰ ১৩৫খ ধাৰাৰ মতে, যিকোনো ব্যৱসায়, বাণিজ্য, ঔদ্যোগিক প্ৰতিষ্ঠান বা অন্য প্ৰতিষ্ঠানত কৰ্মৰত আৰু ৰাজ্য/কেন্দ্ৰীয়শাসিত অঞ্চলৰ লোকসভা বা বিধানসভা নিৰ্বাচনত বা সংসদীয় সমষ্টি/বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনত ভোটদানৰ অধিকাৰ থকা প্ৰতিজন ব্যক্তিক ভোটদানৰ দিনা বেতনসহ ছুটী প্ৰদান কৰা হ'ব।
৪। এই ধৰণৰ বেতনসহ ছুটীৰ বাবে কোনো ধৰণৰ দৰমহা কৰ্তন কৰা নহ'ব। এই বিধি উলংঘা কৰা নিয়োগকৰ্তাক জৰিমনা বিহা হ'ব। ভোটগ্ৰহণৰ দিনটোত দৈনিক মজুৰি আৰু অস্থায়ীভাৱে কাম কৰা সকলো শ্ৰমিকৰ বেতনসহ ছুটীৰ অধিকাৰ আছে।
৫। আয়োগে আৰু স্পষ্ট কৰি দিছে যে যিসকল ভোটাৰ (অস্থায়ী আৰু দৈনিক মজুৰি লাভ কৰা কৰ্মচাৰীকে ধৰি) তেওঁলোকৰ সমষ্টিৰ বাহিৰত অৱস্থিত ঔদ্যোগিক বা বাণিজ্যিক প্ৰতিষ্ঠানত কাম কৰে বা নিয়োজিত থাকে, কিন্তু নিৰ্বাচন অনুষ্ঠিত হ'বলগীয়া সমষ্টিত ভোটাৰ হিচাপে পঞ্জীয়নভুক্ত হৈ আছে, তেওঁলোকেও ভোটদানৰ দিনা বেতনসহ ছুটীৰ সুবিধা লাভ কৰিব।
৬। আয়োগে সকলো ৰাজ্য/কেন্দ্ৰীয়শাসিত অঞ্চলৰ চৰকাৰক এই বিধিসমূহ কঠোৰভাৱে পালন কৰাৰ বাবে প্ৰয়োজনীয় নিৰ্দেশনা জাৰি কৰিবলৈ আৰু সকলো ভোটাৰে যাতে তেওঁলোকৰ ভোটাধিকাৰ অবাধে আৰু সুবিধাজনকভাৱে সাব্যস্ত কৰিব পাৰে সেয়া সুনিশ্চিত কৰিবলৈ নিৰ্দেশ দিছে।
**********
PK/GDH/RP/DB
(ৰিলিজ আই ডি : 2248782)
অতিথি কক্ষ : 35