প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ গুজৰাটৰ ভাৱ-থাৰাদত ২০,০০০কোটি টকাতকৈও অধিক মূল্যৰ উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন, উদ্বোধন আৰু ৰাষ্ট্ৰলৈ উৎসৰ্গা
এই প্ৰকল্পসমূহে সংযোগ উন্নত কৰিব আৰু অঞ্চলটোৰ আৰ্থ-সামাজিক উন্নয়নত সহায় কৰিবঃ প্ৰধানমন্ত্ৰী
আন্তঃগাঁথনিমূলক প্ৰকল্পসমূহে উন্নয়নক গতি প্ৰদান কৰে, গাওঁসমূহক বজাৰৰ সৈতে, কৃষকসকলক নতুন সুযোগৰ সৈতে আৰু যুৱক-যুৱতীসকলক নিযুক্তিৰ সৈতে সংযোগ কৰেঃ প্ৰধানমন্ত্ৰী
গুজৰাটত সৌৰ শক্তি প্ৰকল্পসমূহ যেনেকৈ বিকশিত কৰা হৈছে, সেই দিনটো বেছি দূৰ নহয় যেতিয়া গুজৰাট বিশ্বৰ নৱীকৰণযোগ্য শক্তিৰ এক প্ৰধান কেন্দ্ৰ হিচাপে আত্মপ্ৰকাশ কৰিবঃ প্ৰধানমন্ত্ৰী
আজি যেতিয়া বিশ্বই ভাৰতৰ উন্নয়ন আৰু বিকাশৰ কাহিনীৰ কথা কয়, 'গুজৰাট মডেল' ৰ প্ৰশংসা কৰা হয়, গুজৰাটে দেখুৱাইছে যে উন্নয়নৰ বাবে আন্তঃগাঁথনি প্ৰকল্পৰ দৰে কল্যাণমূলক আঁচনিবোৰো গুৰুত্বপূৰ্ণঃ প্ৰধানমন্ত্ৰী
যেতিয়ালৈকে পঞ্চায়তৰ পৰা সংসদলৈ আস্থা আছে, উন্নয়নৰ গতি অতি দ্ৰুতভাবে চলি থাকিবঃ প্ৰধানমন্ত্ৰী
আজি যেতিয়া বিশ্বৰ বহু দেশে যুদ্ধ, অস্থিৰতাৰ সন্মুখীন হৈছে, ভাৰতে কেৱল সুস্থিৰতাই বজাই ৰখা নাই, প্ৰতিদিনে উন্নয়নৰ পথত আগবাঢ়িছেঃ প্ৰধানমন্ত্ৰী
পোষ্ট কৰা হৈছে:
31 MAR 2026 7:35PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বানাচকাণ্ঠা জিলাৰ ভাৱ-থাৰাদত এখন ৰাজহুৱা সভাত ভাষণ দিয়ে, য’ত তেওঁ উত্তৰ গুজৰাটৰ বাবে প্ৰায় ২০,০০০ কোটি টকাৰ উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। পবিত্ৰ নৱৰাত্ৰি উৎসৱ অলপতে সমাপ্ত হয় আৰু সেই দিনটোত ভগৱান মহাবীৰ জয়ন্তীও আছিল, প্ৰধানমন্ত্ৰীয়ে মা আম্বাজী আৰু ভগৱান শ্ৰী ধৰণীধৰজীলৈ শ্ৰদ্ধা নিবেদন কৰে।
প্ৰথমবাৰৰ বাবে দীছা বিমান ঘাটিত পোনপটীয়াকৈ অৱতৰণ কৰাৰ আনন্দ ভাগ বাটোৱাৰা কৰি প্ৰধানমন্ত্ৰীয়ে আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ পৰা মাত্ৰ ১৩০ কিলোমিটাৰ দূৰত্বত ইয়াৰ অৱস্থিতিৰ বাবে ইয়াৰ কৌশলগত গুৰুত্বৰ ওপৰত আলোকপাত কৰে। তেওঁ উল্লেখ কৰে যে প্ৰকল্পটোৰ বাবে কৃষকসকলে স্বেচ্ছাই তেওঁলোকৰ মাটি দিয়াৰ পাছতো দীছা বিমানবন্দৰৰ সম্প্ৰসাৰণ বহু দশক ধৰি স্থগিত হৈ আছিল। ‘আমাৰ চৰকাৰে অগ্ৰাধিকাৰৰ ভিত্তিত এই কাম সম্পূৰ্ণ কৰিছে’, প্ৰধানমন্ত্ৰী মোদীয়ে মন্তব্য কৰি কয় যে এই বিমানবন্দৰটো দেশৰ বাবে এক উন্নয়নমূলক মাইলৰ খুঁটি আৰু এক গুৰুত্বপূৰ্ণ কৌশলগত সম্পদ।
ভাৱ-থাৰাদ আৰু বানাচকাণ্ঠা অঞ্চলৰ সৈতে তেওঁৰ গভীৰ ব্যক্তিগত সম্পৰ্কৰ কথা স্মৰণ কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে এজন সাংগঠনিক কৰ্মী হিচাপে তেওঁৰ দিনবোৰৰ কথা উল্লেখ কৰে, যেতিয়া তেওঁ অঞ্চলটোৰ গাঁওসমূহত দীঘলীয়া সময় অতিবাহিত কৰিছিল। তেওঁ অঞ্চলটোৰ মাতৃ আৰু ভগ্নীসকলে প্ৰেমৰে প্ৰস্তুত কৰা বজৰা ৰোটলা, ঘিঁ, গুড় আৰু শ্বিৰাৰ কথা মৰমেৰে স্মৰণ কৰে।
এই অঞ্চলৰ উন্নয়নৰ সৈতে তেওঁৰ ২৫ বছৰীয়া সম্পৰ্কৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে মুখ্যমন্ত্ৰী হিচাপে তেওঁ আৰম্ভ কৰা উন্নয়নৰ শৃংখল নিৰবিচ্ছিন্নভাৱে অব্যাহত আছে, যি এতিয়া ২০১৪ চনৰ পৰা বৰ্তমান চৰকাৰে অধিক শক্তিশালী কৰিছে। আজি আৰম্ভ কৰা প্ৰকল্পসমূহ শক্তি, পথ, ৰে'লপথ আৰু গৃহ নিৰ্মাণৰ ক্ষেত্ৰত বিস্তৃত বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে দৃঢ়তাৰে কয়, ‘২০,০০০ কোটি টকাৰ এই প্ৰকল্পসমূহে এই অঞ্চলৰ সমগ্ৰ ছবি সলনি কৰিব আৰু ইয়াত জীৱনক নতুন গতি প্ৰদান কৰিব।’
পথ আন্তঃগাঁথনি প্ৰকল্পসমূহৰ বিশদ বিৱৰণ দি প্ৰধানমন্ত্ৰীয়ে ইদাৰৰ পৰা ভাদালি বাইপাছলৈ ৪ লেনৰ ঘাইপথ, ধোলাভিৰাৰ পৰা সান্তালপুৰলৈ ঘাইপথৰ উন্নয়ন আৰু সম্পূৰ্ণ হোৱা আহমেদাবাদ-ধোলেৰা এক্সপ্ৰেছৱে কৰিডৰ উৎসৰ্গাৰ বিষয়ে কয়। তেওঁ গুৰুত্ব আৰোপ কৰি কয় যে এনে সংযোগে উদ্যোগ আৰু বিনিয়োগৰ সুযোগ কঢ়িয়াই আনে। ৰে’ল সংযোগৰ ক্ষেত্ৰত তেওঁ উত্তৰ গুজৰাটৰ জনজাতীয় অঞ্চলসমূহক ৰাষ্ট্ৰীয় ব্ৰডগজ নেটৱৰ্কৰ সৈতে সংযোগ কৰা হিম্মতনগৰৰ পৰা খেডব্ৰহ্মলৈ গজ পৰিৱৰ্তন আৰু খেডব্ৰহ্ম, হিম্মতনগৰ আৰু আচাৰৱাক সংযোগ কৰা এক নতুন ৰে’ল সেৱাৰ শুভাৰম্ভৰ কথা উল্লেখ কৰে। ‘যেতিয়া গাওঁবোৰ বজাৰৰ সৈতে, কৃষকসকলক সুযোগৰ সৈতে আৰু যুৱক-যুৱতীসকলক নিযুক্তিৰ সৈতে সংযুক্ত কৰা হয়, সেইটোৱেই হৈছে প্ৰকৃত উন্নয়ন’, শ্ৰী মোদীয়ে মন্তব্য কৰে।
ঔদ্যোগিক বিকাশ আৰু নতুন বিনিয়োগৰ ক্ষেত্ৰত শক্তিৰ গুৰুত্বপূৰ্ণ ভূমিকাৰ ওপৰত গুৰুত্ব আৰোপ কৰি প্ৰধানমন্ত্ৰীয়ে খাৱদা নৱীকৰণযোগ্য শক্তি উদ্যানৰ সৈতে সংযুক্ত সঞ্চালন প্ৰকল্পসমূহৰ বিষয়ে কয়, যি ৪.৫ গিগাৱাট বিদ্যুৎ উৎপাদন কৰিব।২০১০ চনত গুজৰাটৰ মুখ্যমন্ত্ৰী হিচাপে তেওঁ চৰংকাত দেশৰ প্ৰথমটো সৌৰ উদ্যান মুকলি কৰাৰ কথা স্মৰণ কৰি তেওঁ উল্লেখ কৰে যে এই প্ৰাৰম্ভিক উদ্যোগে নৱীকৰণযোগ্য শক্তিৰ ক্ষেত্ৰত গুজৰাটৰ বৰ্তমানৰ নেতৃত্বৰ ভেটি স্থাপন কৰিছিল। ‘সেই দিনটো বেছি দূৰ নহয় যেতিয়া গুজৰাট নৱীকৰণযোগ্য শক্তিৰ ক্ষেত্ৰত এক প্ৰধান বিশ্ব কেন্দ্ৰ হিচাপে আত্মপ্ৰকাশ কৰিব’, প্ৰধানমন্ত্ৰী মোদীয়ে দৃঢ়তাৰে কয়।
প্ৰধানমন্ত্ৰীয়ে কয় যে যেতিয়া বিশ্বই ভাৰতৰ বিকাশৰ কাহিনীৰ বিষয়ে আলোচনা কৰে, তেতিয়া ‘গুজৰাট মডেল’ ব্যাপকভাৱে প্ৰশংসা কৰা হয়, কিয়নো ই প্ৰদৰ্শন কৰে যে আন্তঃগাঁথনি উন্নয়ন আৰু জনকল্যাণ একেলগে চলিব লাগিব। আজিৰ অনুষ্ঠানত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত প্ৰায় ৪০,০০০ পৰিয়ালে পকী ঘৰ লাভ কৰাৰ কথা উল্লেখ কৰি তেওঁ কয়, ‘এটা পকী ঘৰে এটা পৰিয়ালৰ জীৱনত অনা পৰিৱৰ্তন জনসাধাৰণৰ মুখত দৃশ্যমান, পথ আৰু ঘাইপথ নিৰ্মাণ কৰিব লাগিব, কিন্তু সাধাৰণ মানুহৰ জীৱন ধাৰণৰ মানো উন্নত কৰিব লাগিব’, শ্ৰী মোদীয়ে মন্তব্য কৰে।
উত্তৰ গুজৰাটে এসময়ত সন্মুখীন হোৱা কেইবা দশকৰ কষ্ট, খৰাং, পানীৰ তীব্ৰ অভাৱৰ কথা স্মৰণ কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে সেই সময়ৰ কথা উল্লেখ কৰে যেতিয়া মহিলাসকলে পানী আনিবলৈ বহু কিলোমিটাৰ খোজ কাঢ়িব লগা হৈছিল আৰু কৃষকসকলে তেওঁলোকৰ শ্ৰমৰ ন্যায্য মূল্য লাভ কৰা নাছিল। তেওঁ গুজৰাটৰ জনসাধাৰণক তেওঁলোকৰ ভাগ্য সলনি কৰাৰ সংকল্প লোৱাৰ বাবে কৃতিত্ব দিয়ে, আৰু সুজলাম সুফলাম আঁচনি আৰু নৰ্মদাৰ পানীৰ সম্প্ৰসাৰণক পৰিৱৰ্তনমূলক হস্তক্ষেপ হিচাপে ৰূপাঙ্কণ কৰে। ‘আজি, ইয়াৰ কৃষক এটা শস্যৰ ওপৰত নিৰ্ভৰশীল হৈ থকা নাই, আগশাৰীৰ আলু উৎপাদক হিচাপে বানাচকাণ্ঠাৰ উত্থান নিজেই এক উদাহৰণ’, প্ৰধানমন্ত্ৰী মোদীয়ে দৃঢ়তাৰে কয়।
গুজৰাটৰ অবিৰত ২৫ বছৰীয়া উন্নয়ন যাত্ৰা উদযাপন কৰি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে কেনেদৰে ৰাজ্যখনে ধাৰাবাহিকভাৱে নিজৰ অভিলেখ স্থাপন কৰিছে। তেওঁ ২০০৫ চনত ৬৫০ কোটি টকাৰ বাজেটৰ সৈতে 'নগৰ উন্নয়ন বৰ্ষ' আৰম্ভ কৰাৰ আহ্বান জনাইছিল, যি এতিয়া ৩৩,০০০ কোটি টকাতকৈও অধিকলৈ বৃদ্ধি পাইছে।৯ খন নতুন পৌৰ নিগমৰ বাবে ২,৩০০ কোটি টকাৰ প্ৰায় ৩০০ টা প্ৰস্তাৱৰ অনুমোদন,৭২ খন পৌৰসভাৰ উন্নয়ন আৰু ৪ লাখ কোটি টকাতকৈ অধিক ৰাজ্যিক বাজেটৰ কথা উল্লেখ কৰি তেওঁ আশ্বাস দিয়ে যে উন্নয়ন প্ৰতিখন গাঁও, চহৰ আৰু চহৰত উপনীত হ'ব। শ্ৰী মোদীয়ে দৃঢ়তাৰে কয়, ‘যেতিয়ালৈকে পঞ্চায়তৰ পৰা সংসদলৈকে আপোনালোকৰ আস্থা আছে, উন্নয়নৰ গতি অতে দ্ৰুতভাবে চলি থাকিব ।’
বিশ্ব পৰিস্থিতিৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে বহু দেশে যুদ্ধ, অস্থিৰতা আৰু ইন্ধনৰ মূল্য বৃদ্ধিৰ সৈতে যুঁজি আছে, আনকি মহাশক্তিশালী ৰাষ্ট্ৰসমূহৰ মাজত ডিজেল আৰু পেট্ৰ’লৰ মূল্য ১০ৰ পৰা ২৫ শতাংশ বৃদ্ধি পাইছে, ভাৰতে ইয়াৰ সফল বৈদেশিক নীতি আৰু ইয়াৰ জনসাধাৰণৰ একতাৰ জৰিয়তে পৰিস্থিতি নিয়ন্ত্ৰণত ৰাখিছে।
ক’ভিড মহামাৰীৰ সময়ত দেশৰ ঐক্যবদ্ধ সঁহাৰিৰ কথা স্মৰণ কৰি প্ৰধানমন্ত্ৰীয়ে নাগৰিকসকলক বৰ্তমানৰ প্ৰত্যাহ্বানপূৰ্ণ সময়তও একেলগে থিয় দিবলৈ আহ্বান জনায়। ‘বিশ্বই সংগ্ৰাম কৰি থকাৰ সময়তে ভাৰতে কেৱল স্থিৰতা বজাই ৰখা নাই, ই প্ৰতিদিনে উন্নয়নৰ পথত আগবাঢ়ি আছে আৰু আজিৰ প্ৰকল্পসমূহ এই সংকল্পৰ আন এক উদাহৰণ’, প্ৰধানমন্ত্ৰী মোদীয়ে সামৰণি মাৰি কয়।
***
MJPS/PRK/MK
(ৰিলিজ আই ডি : 2248309)
অতিথি কক্ষ : 8
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Telugu
,
Kannada
,
Malayalam