ভাৰতীয় নিৰ্বাচন আয়োগ
azadi ka amrit mahotsav

ভাৰতীয় নিৰ্বাচন আয়োগে অসম, কেৰালা আৰু পুডুচেৰী বিধানসভাৰ সমাগত সাধাৰণ নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰীয় পৰ্যবেক্ষকসকলক অৱগত কৰে

পোষ্ট কৰা হৈছে: 01 APR 2026 4:14PM by PIB Guwahati

১.  মুখ্য নিৰ্বাচন আয়ুক্ত শ্ৰী জ্ঞানেশ কুমাৰে নিৰ্বাচন আয়ুক্ত ডাঃ এছ এছ সান্ধু   আৰু ডাঃ বিবেক যোশীৰ সৈতে আজি অসম, কেৰালা আৰু কেন্দ্ৰীয় শাসিত অঞ্চল পুডুচেৰীত নিয়োজিত কেন্দ্ৰীয় পৰ্যবেক্ষক (সাধাৰণ, আৰক্ষী, ব্যয়)ৰ বাবে এক পৰ্যালোচনা বৈঠক অনুষ্ঠিত কৰে । ইয়াত ২০২৬ চনৰ ৯ এপ্ৰিলত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ' ব।

  ২. অসম, কেৰালা আৰু পুডুচেৰীৰ মুখ্য নিৰ্বাচনী বিষয়াসকলৰ (চিইঅ’) সৈতে মুঠ       ২৮২ জন কেন্দ্ৰীয় পৰ্যবেক্ষকে ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে এই বৈঠকত অংশগ্ৰহণ কৰে। পৰ্যবেক্ষকসকলৰ সবিশেষ তলত দিয়া ধৰণৰঃ

অসম, কেৰালা আৰু পুডুচেৰীৰ সাধাৰণ নিৰ্বাচনত নিযুক্ত কেন্দ্ৰীয় পৰ্যবেক্ষকৰ সংখ্যা,

ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ নাম

 

বিধানসভা সমষ্টিৰ সংখ্যা

নিয়োজিত সাধাৰণ পৰ্যবেক্ষকৰ সংখ্যা

নিয়োজিত আৰক্ষী পৰ্যবেক্ষকৰ সংখ্যা

নিয়োজিত ব্যয় পৰ্যবেক্ষকৰ সংখ্যা

নিয়োজিত মুঠ কেন্দ্ৰীয় পৰ্যবেক্ষ

অসম

১২৬

৫১

৩৫

৫০

১৩৬

কেৰালা

১৪০

৫১

১৭

৪০

১০৮

পুডুচেৰী

৩০

১৭

১৭

৩৮

মুঠ

২৯৬

১১৯

৫৬

১০৭

২৮২

৩. আয়োগে পৰ্যবেক্ষকসকলক নিৰ্বাচন যাতে উৎসৱৰ অনুভূতিৰে, মুক্ত তথা  নিৰপেক্ষভাৱে আৰু যিকোনো ধৰণৰ ভাবুকি, হিংসা আৰু প্ৰলোভনৰ পৰা মুক্তভাৱে অনুষ্ঠিত হয় সেয়া নিশ্চিত কৰিবলৈ নিৰ্দেশ দিয়ে।

  ৪. আয়োগে নিৰ্বাচনী আচৰণ বিধি কঠোৰভাৱে বলৱৎ কৰা আৰু উলংঘনৰ      যিকোনো অভিযোগৰ ক্ষেত্ৰত দ্ৰুত ব্যৱস্থা গ্ৰহণৰ ওপৰতো গুৰুত্ব আৰোপ কৰে।

 ৫. পৰ্যবেক্ষকসকলক তেওঁলোকৰ যোগাযোগ নম্বৰ আৰু ৰাজহুৱা/ৰাজনৈতিক দল/প্ৰাৰ্থী বা তেওঁলোকৰ এজেণ্টসকলৰ পৰা অভিযোগসমূহ শুনাৰ স্থান আৰু সময় ভালদৰে প্ৰচাৰ কৰিবলৈ কোৱা হয়।

৬. তেওঁলোককো নিৰ্দেশ দিয়া হৈয় যে প্ৰিজাইডিং বিষয়াসকলৰ প্ৰশিক্ষণ সঠিকভাৱে সম্পন্ন কৰা হৈছে নে নাই তাৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰি ২ ঘণ্টাৰ ভিতৰত সময়মতে ভোটদান কৰা আৰু ভোটদান সমাপ্ত কৰা তথা ইচিআইএনইটিৰ ভোটাৰ মডিউলৰ অন্যান্য তথ্য, স্থায়ী চিয়াঁহীৰ সঠিক প্ৰয়োগ, প্ৰ-পত্ৰ ১৭ -চি পূৰণ কৰা আৰু ভোটদান সমাপ্ত হোৱাৰ সময়ত উপস্থিত থকা প’লিং এজেণ্টসকলৰ সৈতে ভাগ বাটোৱাৰা কৰাৰ লগতে মক প’ল তথ্য মচি পেলোৱা আদিৰ ওপৰত গুৰুত্ব দিয়া হৈছে।

৭. পৰ্যবেক্ষকসকলক মোবাইল ফোন জমা কৰাৰ সুবিধা আৰু ভোটাৰৰ শাৰীত থকা বেঞ্চকে ধৰি সকলো ভোটদান কেন্দ্ৰত নিশ্চিত ন্যূনতম সুবিধাৰ উপলভ্যতা নিশ্চিত কৰিবলৈ নিৰ্দেশ দিয়া হয়।

৮. ৱেবকাষ্টিং মনিটৰিং নিয়ন্ত্ৰণ কক্ষৰ ব্যৱস্থা সঠিকভাৱে পৰীক্ষা কৰিব লাগে আৰু নিৰীক্ষণৰ বাবে তাত নিযুক্ত সকলো কৰ্মচাৰীৰ উপস্থিতিত পৰীক্ষণ চলোৱা উচিত, যিসকল কোনো ভুল থাকিলে চিনাক্ত কৰিবলৈ আৰু চিহ্নিত কৰিবলৈ ভালদৰে প্ৰশিক্ষিত হ'ব লাগে।

**********

PK/GDH/RP/MK


(ৰিলিজ আই ডি : 2248190) অতিথি কক্ষ : 3
ত এই ৰিলিজটো পঢ়ক: English , Urdu , हिन्दी , Punjabi , Gujarati , Tamil , Malayalam