গৃহ মন্ত্ৰালয়
azadi ka amrit mahotsav

২০২৭ চনৰ লোকপিয়ল: গৃহ গণনা আৰু ঘৰে ঘৰে গৈ তথ্য সংগ্ৰহৰ জড়িয়তে আৰম্ভ হৈছে বিশ্বৰ সৰ্ববৃহৎ লোকপিয়ল

লোকপিয়ল ২০২৭ ত প্ৰথমবাৰৰ বাবে ডিজিটেল ডাটা সংগ্ৰহ আৰু স্ব-গণনাৰ সুবিধা প্ৰদান কৰা হৈছে

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে স্ব-গণনা সম্পূৰ্ণ কৰা প্ৰথমগৰাকী ব্যক্তি হিচাপে দেশক নেতৃত্ব দিছে

উপ-ৰাষ্ট্ৰপতি শ্ৰী চি.পি. ৰাধাকৃষ্ণণ, প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় দপ্তৰৰ মন্ত্ৰী শ্ৰী অমিত শ্বাহেও অনলাইনত স্ব-গণনা কৰে

প্ৰধানমন্ত্ৰীয়ে ভাৰতৰ জনসাধাৰণক নিজৰ ঘৰৰ সবিশেষ তথ্য নিজে নিজে গণনা কৰি লোকপিয়ল প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰিবলৈ আহ্বান জনাইছে

আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ, গোৱা, কৰ্ণাটক, লাক্ষাদ্বীপ, মিজোৰাম, ওড়িশা, ছিকিম, দিল্লীৰ এন ডি এম চি আৰু কেণ্টনমেণ্ট ব’ৰ্ড অঞ্চলত স্ব-গণনা আৰম্ভ হৈছে

ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ পৰা প্ৰায় ৫৫,০০০ পৰিয়ালে প্ৰথম দিনাই স্ব-গণনা কৰাৰ সুবিধা লাভ কৰিছে

১৯৪৮ চনৰ লোকপিয়ল আইনৰ অধীনত সংগ্ৰহ কৰা তথ্য কঠোৰভাৱে গোপনীয় কৰি ৰখা হ'ব

লোকপিয়ল প্ৰশাসনৰ বাবে এক গুৰুত্বপূৰ্ণ আহিলা হৈয়েই আছে, যিয়ে অহা দশকৰ বাবে ভাৰতৰ উন্নয়নৰ পৰিকল্পনাৰ বাবে ভেটি প্ৰদান কৰিছে

পোষ্ট কৰা হৈছে: 01 APR 2026 8:45PM by PIB Guwahati

ভাৰতত আৰম্ভ হৈছে বিশ্বৰ সৰ্ববৃহৎ লোকপিয়ল অনুশীলন ২০২৭। ভাৰত চৰকাৰে আজিৰে পৰা আৰম্ভ কৰিছে লোকপিয়ল ২০২৭ৰ প্ৰথম পৰ্যায়ৰ গৃহ তালিকাভুক্তিকৰণ আৰু ঘৰে ঘৰে গৈ তথ্য সংগ্ৰহৰ প্ৰক্ৰিয়া । ভাৰতৰ এয়াই হৈছে প্ৰথম ডিজিটেল ডাটা সংগ্ৰহ আৰু স্ব-গণনাৰ সুবিধা থকা লোকপিয়ল । ভাৰতৰ প্ৰথম নাগৰিকৰ সৈতে ৰাষ্ট্ৰীয় গণনা আৰম্ভ কৰাৰ গৌৰৱৰ পৰম্পৰা ৰক্ষা কৰি স্ব-গণনা বিকল্পৰ জৰিয়তে ভাৰতৰ ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে স্ব- গণনাৰ জৰিয়তে লোকপিয়লৰ প্ৰক্ৰিয়া আৰম্ভ কৰে।

উপ-ৰাষ্ট্ৰপতি শ্ৰী চি.পি. ৰাধাকৃষ্ণণে উপৰাষ্ট্ৰপতি ভৱনত ২০২৭ চনৰ লোকপিয়লৰ বাবে অনলাইনযোগে স্ব-গণনা প্ৰ-পত্ৰ পূৰণ কৰে । প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ স্ব-গণনা সম্পূৰ্ণ কৰিছে। 

প্ৰধানমন্ত্ৰীয়ে ভাৰতৰ জনসাধাৰণক নিজৰ ঘৰৰ সবিশেষ তথ্য  স্ব-গণনা কৰি লোকপিয়ল প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰিবলৈ আহ্বান জনাইছে।

কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় দপ্তৰৰ মন্ত্ৰী শ্ৰীযুত অমিত শ্বাহেও স্ব-গণনা পৰ্টেলৰ জৰিয়তে নিজৰ গণনা সম্পূৰ্ণ কৰি এই ৰাষ্ট্ৰীয় অনুশীলনত জনসাধাৰণৰ অংশগ্ৰহণৰ গুৰুত্বৰ বিষয়ত  আলোকপাত কৰে। 

প্ৰথম পৰ্যায়ৰ লোকপিয়লত  আজিৰে পৰা আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ, গোৱা, কৰ্ণাটক, লাক্ষাদ্বীপ, মিজোৰাম, ওড়িশা, ছিকিম, নতুন দিল্লীৰ পৌৰ পৰিষদ (এন ডি এম চি) এলেকা আৰু ৰাষ্ট্ৰীয় ৰাজধানীৰ দিল্লী কেণ্টনমেণ্ট ব’ৰ্ডকে ধৰি আঠখন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত স্ব-গণনা প্ৰক্ৰিয়া আৰম্ভ হৈছে। এই  ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ পৰা প্ৰায় ৫৫ হাজাৰ পৰিয়ালে প্ৰথম দিনাই স্ব-গণনা কৰাৰ সুবিধা লাভ কৰিছে। এই ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহত গৃহ তালিকাভুক্তিকৰণ আৰু ঘৰে ঘৰে গৈ তথ্য সংগ্ৰহ ২০২৬ চনৰ ১৬ এপ্ৰিলৰ পৰা আৰম্ভ হ’ব আৰু ২০২৬ চনৰ ১৫ মে’লৈকে চলিব। স্ব-গণনা অনুশীলন হৈছে ১৬টা আঞ্চলিক ভাষাত উপলব্ধ এক সুৰক্ষিত, ৱেব-ভিত্তিক সুবিধা। প্ৰথমবাৰৰ বাবে উত্তৰদাতাসকলে গণনাকাৰীয়ে ঘৰলৈ যোৱাৰ পূৰ্বে নিজৰ সুবিধা অনুসৰি অনলাইনযোগে তেওঁলোকৰ সবিশেষ তথ্য পূৰণ কৰিব পাৰিব। গণনাকাৰীসকলে পূৰ্বৰ লোকপিয়লৰ দৰে  সকলো ঘৰলৈ যাব , আনহাতে এইক্ষেত্ৰত  স্ব-গণনাই অতিৰিক্ত সুবিধা হিচাপে কাম কৰিব। স্ব-গণনাত অংশগ্ৰহণ কৰিবলৈ উত্তৰদাতাসকলে তেওঁলোকৰ মোবাইল নম্বৰ আৰু বিভিন্ন প্ৰমাণপত্ৰ ব্যৱহাৰ কৰি se.census.gov.in পৰ্টেলত লগ ইন কৰিব পাৰে। সফলভাবে তথ্য  জমা দিয়াৰ পিছত, এটা অনন্য স্ব-গণনা আইডি (SE ID) সৃষ্টি কৰা হ'ব , যিটো নিশ্চিতকৰণৰ বাবে পৰৱৰ্তী সময়ত ঘৰলৈ যোৱা গণনাকাৰীক সেয়া  অৱগত কৰিব পৰা যাব। গৃহ তালিকাভুক্তিকৰণ আৰু ঘৰে ঘৰে গৈ তথ্য সংগ্ৰহৰ পৰ্যায়ত গৃহ নিৰ্মাণৰ অৱস্থা, ঘৰুৱা সুবিধা আৰু সম্পত্তিৰ বিস্তৃত তথ্য সংগ্ৰহ কৰা হ’ব। এই গুৰুত্বপূৰ্ণ  সূচকসমূহৰ বাবে ২০২৬ চনৰ জানুৱাৰী মাহত প্ৰথম পৰ্যায়ৰ বাবে মুঠ ৩৩টা প্ৰশ্নৰ বিষয়ত জাননী প্ৰকাশ  কৰা হৈছিল, যিয়ে প্ৰমাণভিত্তিক পৰিকল্পনা, নীতি প্ৰণয়ন আৰু লক্ষ্য নিৰ্ধাৰণ কৰা কল্যাণমূলক পদক্ষেপৰ ৰ বাবে ভেটি হিচাপে কাম কৰিছে।

২০২৬ চনৰ ১ এপ্ৰিলৰ পৰা ৩০ ছেপ্টেম্বৰৰ ভিতৰত সমগ্ৰ দেশতে গৃহ গণনা আৰু ঘৰে ঘৰে গৈ তথ্য সংগ্ৰহৰ পৰ্যায় অনুষ্ঠিত হ’ব।এই ছমাহৰ ভিতৰত ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ চৰকাৰে অৱগত কৰা অনুসৰি প্ৰতিখন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলতে  ৩০ দিনৰ অবিৰত ক্ষেত্ৰ অভিযান চলোৱা ল’ব। প্ৰথমবাৰৰ বাবে ঘৰে ঘৰে গৈ  জৰীপ কৰাৰ  পূৰ্বে  স্ব-গণনাৰ বাবে অতিৰিক্ত ১৫ দিনৰ সময়  প্ৰদান কৰা হৈছে। এই সুবিধাৰ জৰিয়তে মানুহে গণনাকাৰীয়ে ঘৰলৈ যোৱাৰ   পূৰ্বে ঘৰৰ পৰাই নিজৰ সবিশেষ ডিজিটেলভাৱে প্ৰদান কৰিব পাৰে।

লোকপিয়ল প্ৰশাসনৰ বাবে এক গুৰুত্বপূৰ্ণ আহিলা হৈয়েই আছে, যিয়ে ভাৰতক অহা দশকৰ উন্নয়নৰ পৰিকল্পনাৰ বাবে ভেটি প্ৰদান কৰিছে। ১৯৪৮ চনৰ লোকপিয়ল আইনৰ অধীনত সংগ্ৰহ কৰা তথ্য কঠোৰভাৱে গোপনীয় কৰি ৰখা হ'ব । ২০২৭ চনৰ লোকপিয়লৰ বাবে ব্যৱহৃত ডিজিটেল সঁজুলিসমূহ তথ্য সুৰক্ষাৰ উচ্চতম মান  নিশ্চিত কৰিবলৈ শক্তিশালী এনক্ৰিপচন আৰু বহু-কাৰক প্ৰমাণীকৰণৰ সৈতে সজ্জিত কৰা হৈছে । ৰাইজক লোকপিয়ল প্ৰক্ৰিয়াত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিবলৈ উৎসাহিত কৰা হৈছে, হয় স্ব-গণনাকৰণৰ জৰিয়তে,  নহয় গণনাকাৰী ঘৰলৈ যোৱাৰ সময়ত গণনাকাৰীসকলক সম্পূৰ্ণ সহযোগিতা আগবঢ়াবলৈ আহ্বান জনোৱা হৈছে।

 

****

RK/RR/PR/PS/SK/DM


(ৰিলিজ আই ডি : 2248186) অতিথি কক্ষ : 12