তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়
চৰকাৰে এনএফডিচিৰ জৰিয়তে চলচ্চিত্ৰ পৰিৱেশ তন্ত্ৰ শক্তিশালী কৰিছে, পিপিপি মডেল আৰু উন্নত চলচ্চিত্ৰ নিৰ্মাণ পদ্ধতিক প্ৰসাৰিত কৰিছে
এনএফডিচিয়ে ৰাজ্যিক চলচ্চিত্ৰ উন্নয়ন নিগমসমূহৰ সৈতেও কাৰিকৰী সহায় প্ৰদান আৰু স্থানীয় চলচ্চিত্ৰ বিষয়বস্তু সংৰক্ষণৰ বাবে সহযোগিতা কৰে
পোষ্ট কৰা হৈছে:
01 APR 2026 4:40PM by PIB Guwahati
চৰকাৰে চলচ্চিত্ৰ সামগ্ৰীৰ বিকাশ, যোগাযোগ আৰু প্ৰচাৰ (ডিচিডিএফচি) আঁচনিৰ জৰিয়তে চলচ্চিত্ৰ নিৰ্মাণৰ পৰিৱেশ তন্ত্ৰক সক্ৰিয় আৰু প্ৰণালীবদ্ধভাৱে সমৰ্থন আগবঢ়াই আহিছে।
ডিচিডিএফচি আঁচনি হৈছে কেন্দ্ৰীয় চৰকাৰৰ ১০০ শতাংশ পুঁজিৰে পৰিচালিত এক কেন্দ্ৰীয় খণ্ডৰ আঁচনি, যাৰ অধীনত চৰকাৰে চিনেমাৰ উৎকৃষ্টতা বিকাশৰ উদ্দেশ্যে প্ৰত্যক্ষ আৰ্থিক সহায় প্ৰদান কৰে।
ডিচিডিএফচি আঁচনিৰ অধীনত চৰকাৰে ৰাষ্ট্ৰীয় চলচ্চিত্ৰ উন্নয়ন নিগম (এনএফডিচি)ৰ জৰিয়তেও চিনেমা নিৰ্মাণৰ ক্ষেত্ৰত সুব্যৱস্থা নিশ্চিত কৰে। এই ব্যৱস্থাত আঞ্চলিক চিনেমাৰ লগতে তথ্যচিত্ৰও অন্তৰ্ভুক্ত কৰা হৈছে। ই সমগ্ৰ দেশজুৰি স্থানীয় কাৰিকৰী, শিল্পী আৰু সেৱা প্ৰদানকাৰীসকলৰ বাবে বিস্তৃত কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি কৰে।
চৰকাৰে মুম্বাইত বিশ্ব অডিঅ’-ভিজুৱেল এণ্ড এণ্টাৰটেইনমেণ্ট ছামিট (ৱেভছ ২০২৫) সফলভাৱে আয়োজন কৰে। এই অনুষ্ঠানটোৱে “ভাৰতত সৃষ্টি কৰক, বিশ্বৰ বাবে সৃষ্টি কৰক” পদক্ষেপৰ অধীনত ভাৰতক বিষয়বস্তু সৃষ্টিৰ এক বিশ্বব্যাপী কেন্দ্ৰ হিচাপে প্ৰতিষ্ঠা কৰাৰ চৰকাৰৰ দৃষ্টিভংগীৰ সৈতে সম্পূৰ্ণ সামঞ্জস্য ৰাখে। এই সন্মিলনে ভাৰতীয় সৃষ্টিকৰ্তা, উৎপাদক আৰু ষ্টাৰ্টআপসমূহৰ বাবে ১০০ খনতকৈও অধিক দেশৰ বিশ্বব্যাপী ক্ৰেতা, বিনিয়োগকাৰী, অ’টিটি প্লেটফৰ্ম আৰু প্ৰযুক্তি ক্ষেত্ৰৰ নেতাসকলৰ সৈতে সংযোগ স্থাপনৰ এক সমন্বিত আৰু গতিশীল মঞ্চ প্ৰদান কৰে।
তদুপৰি, চৰকাৰে অডিঅ’-ভিজুৱেল সহ-প্ৰযোজনা চুক্তিৰ জৰিয়তে আন্তঃৰাষ্ট্ৰীয় আৰু ঘৰুৱা সহযোগিতাকো সক্ৰিয়ভাৱে উৎসাহিত কৰি আহিছে। যিহেতু এই প্ৰকল্পসমূহত চৰকাৰী সমৰ্থনৰ সমান্তৰালভাৱে ব্যক্তিগত প্ৰযোজকসকলৰ অংশগ্ৰহণ জড়িত থাকে, সেয়েহে ই ৰাজহুৱা-ব্যক্তিগত অংশীদাৰিত্বৰ এক সুসংগঠিত আৰ্হিৰ সৈতে সামঞ্জস্য ৰাখে, যাৰ মুখ্য লক্ষ্য হৈছে ভাৰতীয় দৃশ্য-শ্ৰাব্য পৰিৱেশ তন্ত্ৰলৈ বিনিয়োগ আকৰ্ষণ কৰা আৰু উন্নত চলচ্চিত্ৰ নিৰ্মাণ পদ্ধতি প্ৰৱৰ্তন কৰা।
ঘৰুৱা চলচ্চিত্ৰ মহোৎসৱৰ পৰিচালনাৰ বাবে প্ৰদান কৰা সহায়ৰ অংশ হিচাপে ৰাজ্য চৰকাৰসমূহে পৰামৰ্শ আগবঢ়োৱা এনে চলচ্চিত্ৰ মহোৎসৱসমূহক অনুদান প্ৰদান কৰা হয়। এই মহোৎসৱসমূহৰ বাবে বাছনি কৰা ছবিৰ পেকেজ প্ৰদান কৰাৰ লগতে মাষ্টাৰক্লাছ আৰু কৰ্মশালাৰ আয়োজনৰ জৰিয়তেও সমৰ্থন আগবঢ়োৱা হয়। এনএফডিচিয়ে সমগ্ৰ চলচ্চিত্ৰ পৰিৱেশ তন্ত্ৰত কাৰিকৰী দক্ষতা প্ৰদান কৰি কেইবাটাও ৰাজ্যিক চলচ্চিত্ৰ উন্নয়ন নিগমৰ সৈতে সহযোগিতা কৰি আহিছে। লগতে, ৰাজ্য চৰকাৰসমূহৰ স্থানীয় চলচ্চিত্ৰীয় বিষয়বস্তু সংৰক্ষণৰ ক্ষেত্ৰতো এনএফডিচিয়ে গুৰুত্বপূৰ্ণ সহায় আগবঢ়ায়। বহু ৰাজ্যই তেওঁলোকৰ ঔদ্যোগিক উন্নয়ন নীতিৰ অধীনত, ৰাজহুৱা-ব্যক্তিগত অংশীদাৰিত্বৰ আৰ্হিৰ জৰিয়তেও চিনেমা নিৰ্মাণ ষ্টুডিঅ’সমূহৰ বিকাশক উৎসাহিত কৰি আহিছে।
এই বক্তব্য সদনত ড° থিৰুমাৱলাবন থোলকাপ্পিয়ানৰ এক তাৰকাযুক্ত প্ৰশ্নৰ উত্তৰত মাননীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী শ্ৰী অশ্বিনী বৈষ্ণৱে উপস্থাপন কৰিছিল।
*****
Mahesh Kumar/ Vivek Vishwash/AA
(ৰিলিজ আই ডি : 2248091)
অতিথি কক্ষ : 4