গৃহ মন্ত্ৰালয়
নতুন দিল্লীত আজি ভাৰতৰ ৰেজিষ্ট্ৰাৰ জেনেৰেল আৰু লোকপিয়ল আয়ুক্তৰ লোকপিয়ল-২০২৭ সন্দৰ্ভত সাংবাদিক সন্মিলন সম্বোধন
বিশ্বৰ সৰ্ববৃহৎ লোকপিয়ল দুটা পৰ্যায়ত অনুষ্ঠিত হ’ব, প্ৰথম পৰ্যায় ২০২৬ চনৰ ১ এপ্ৰিলৰ পৰা আৰম্ভ হ’ব
প্ৰথমবাৰৰ বাবে, লোকপিয়ল ডিজিটেলভাৱে অনুষ্ঠিত কৰা হ'ব আৰু প্ৰথমবাৰৰ বাবে, আত্ম-গণনাৰ বিকল্পও উপলভ্য হ'ব
আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ, এনডিএমচি আৰু দিল্লী কেণ্ট নমেণ্ট ব’ৰ্ড, গোৱা, কৰ্ণাটক, লাক্ষাদ্বীপ, মিজোৰাম, ওড়িশা আৰু ছিকিমত ১এপ্ৰিলৰ পৰা ১৫ এপ্ৰিললৈ স্ব-গণনা, ১৬ এপ্ৰিলৰ পৰা ১৫ মে’ ২০২৬ লৈ গৃহ তালিকা আৰু গৃহ গণনা অনুষ্ঠিত কৰা হ’ব
আত্ম-গণনা হৈছে এক সুৰক্ষিত ৱেব-আধাৰিত সুবিধা যাৰ জৰিয়তে উত্তৰদাতাসকলে ঘৰে ঘৰে জৰীপৰ পূৰ্বে ১৬টা ভাষাত তেওঁলোকৰ তথ্য অনলাইনত প্ৰবিষ্ট কৰিব পাৰে
গণনাকাৰীসকলে তেওঁলোকৰ স্মাৰ্ট ফোন ব্যৱহাৰ কৰি পোনপটীয়াকৈ মোবাইল এপৰ জৰিয়তে তথ্য সংগ্ৰহ আৰু জমা দিব
তথ্যৰ সুৰক্ষা নিশ্চিত কৰিবলৈ সকলো প্ৰয়োজনীয় ব্যৱস্থা কৰা হৈছে
সমগ্ৰ দেশতে ২০২৭ চনৰ লোকপিয়লত ৩০ লাখতকৈও অধিক গণনাকাৰী, নিৰীক্ষণকাৰী আৰু অন্যান্য বিষয়াসকলক জড়িত কৰা হ'ব
পোষ্ট কৰা হৈছে:
30 MAR 2026 3:22PM by PIB Guwahati
ভাৰতৰ ৰেজিষ্ট্ৰাৰ জেনেৰেল আৰু লোকপিয়ল আয়ুক্ত শ্ৰী মৃত্যুঞ্জয় কুমাৰ নাৰায়ণে আজি নতুন দিল্লীত লোকপিয়ল-২০২৭ সম্পৰ্কীয় এখন সংবাদ সন্মিলনত ভাষণ দিয়ে। বিশ্বৰ সৰ্ববৃহৎ লোকপিয়ল দুটা পৰ্যায়ত অনুষ্ঠিত হ'ব, প্ৰথম পৰ্যায়টো ২০২৬ চনৰ ১ এপ্ৰিলৰ পৰা আৰম্ভ হ' ব। প্ৰথমবাৰৰ বাবে, লোকপিয়ল ডিজিটেলভাৱে অনুষ্ঠিত কৰা হ'ব আৰু প্ৰথমবাৰৰ বাবে আত্ম-গণনাৰ বিকল্পও উপলভ্য হ' ব। আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ, এনডিএমচি আৰু দিল্লী কেণ্টনমেণ্ট ব’ৰ্ড, গোৱা, কৰ্ণাটক, লাক্ষাদ্বীপ, মিজোৰাম ওড়িশা আৰু ছিকিমত ১ এপ্ৰিলৰ পৰা ১৫ এপ্ৰিললৈ স্ব-গণনা আৰু ১৬ এপ্ৰিলৰ পৰা ১৫ মে’ ২০২৬ লৈ গৃহ তালিকা তথা গৃহ গণনা অনুষ্ঠিত কৰা হ’ব।
ভাৰতৰ লোকপিয়ল সংশোধিত লোকপিয়ল আইন, ১৯৪৮, লোকপিয়ল নিয়ম, ১৯৯০ৰ অধীনত অনুষ্ঠিত কৰা হয়। ভাৰতৰ শেষৰটো লোকপিয়ল ২০১১ চনত অনুষ্ঠিত হৈছিল। ২০২৭ চনৰ লোকপিয়ল ধাৰাবাহিকভাৱে ১৬ সংখ্যক আৰু স্বাধীনতাৰ পাছত ৮ সংখ্যক হ’ব।
জনসংখ্যা লোকপিয়ল ২০২৭ অনুষ্ঠিত কৰাৰ চৰকাৰৰ অভিপ্ৰায় ১৬ জুন, ২০২৫ তাৰিখে ভাৰতৰ গেজেটত অৱগত কৰা হৈছে। ২০২৭ চনৰ লোকপিয়লৰ প্ৰসংগ তাৰিখ হৈছে ২০২৭ চনৰ ১ মাৰ্চৰ ০০.০০ ঘণ্টা, (লাডাখৰ কেন্দ্ৰীয় শাসিত অঞ্চল আৰু জম্মু-কাশ্মীৰৰ কেন্দ্ৰীয় শাসিত অঞ্চল আৰু উত্তৰাখণ্ড তথা হিমাচল প্ৰদেশৰ বৰফেৰে আবৃত অসংলগ্ন অঞ্চলসমূহৰ বাবে প্ৰসংগ তাৰিখ হৈছে ২০২৬ চনৰ ১ অক্টোবৰৰ ০০.০০ ঘণ্টা)।
ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ চৰকাৰৰ সুবিধা অনুসৰি ২০২৬ চনৰ এপ্ৰিলৰ পৰা ছেপ্টেম্বৰলৈ ছমাহৰ ভিতৰত এইচ এল অ' নামেৰে জনাজাত প্ৰথম পৰ্যায়ৰ গৃহ তালিকা আৰু গৃহ গণনা দুটা পৰ্যায়ত ২০২৭ চনৰ লোকপিয়ল অনুষ্ঠিত কৰা হ'ব। লগতে ঘৰে ঘৰে গৃহ তালিকাৰ কামৰ ৩০ দিনৰ ঠিক আগতে ১৫ দিনৰ সময় স্ব-গণনাৰ বিকল্প থাকিব। এই পৰ্যায়ত ঘৰৰ অৱস্থা, পৰিয়ালৰ বাবে উপলভ্য সা-সুবিধা আৰু পৰিয়ালৰ সম্পত্তি সম্পৰ্কে তথ্য সংগ্ৰহ কৰা হ'ব। লোকপিয়লৰ প্ৰথম পৰ্যায়ৰ প্ৰশ্নবোৰ ২০২৬ চনৰ জানুৱাৰীত অৱগত কৰা হৈছিল।
দ্বিতীয় পৰ্যায়-জনসংখ্যা গণনা (পি ই) ২০২৭ চনৰ ফেব্ৰুৱাৰী মাহত অনুষ্ঠিত কৰা হ'ব (লাডাখৰ কেন্দ্ৰীয় শাসিত অঞ্চল আৰু জম্মু-কাশ্মীৰৰ কেন্দ্ৰীয় শাসিত অঞ্চল তথা উত্তৰাখণ্ড আৰু হিমাচল প্ৰদেশৰ বৰফেৰে আবৃত অ-সংলগ্ন অঞ্চলসমূহ ২০২৬ চনৰ ছেপ্টেম্বৰ মাহত অনুষ্ঠিত কৰা হ'ব)। চি চি পি এ-ৰ সিদ্ধান্ত অনুসৰি, লোকপিয়লৰ দ্বিতীয় পৰ্যায়ত জাতিৰ গণনাও কৰা হ’ব। দ্বিতীয় পৰ্যায়ত প্ৰতিজন ব্যক্তিৰ পৰা জনগাঁথনিগত, আৰ্থ-সামাজিক, শিক্ষা, প্ৰব্ৰজন, উৰ্বৰতা আদিৰ তথ্য সংগ্ৰহ কৰা হ’ব। এই পৰ্যায়ত সামৰি লোৱা জনসংখ্যা গণনা আৰু প্ৰশ্নৰ সঠিক তাৰিখসমূহ যথাসময়ে অৱগত কৰা হ’ব।
আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ, দিল্লী (নতুন দিল্লী পৌৰ পৰিষদ আৰু দিল্লী কেণ্ট ‘টনমেণ্ট ব’ৰ্ড), গোৱা, কৰ্ণাটক, লাক্ষাদ্বীপ, মিজোৰাম, ওড়িশা আৰু ছিক্কিমত ২০২৬ চনৰ ১৬ এপ্ৰিলৰ পৰা ১৫ মে’লৈকে গৃহ তালিকা আৰু গৃহ গণনা কৰা হ’ব আৰু লগতে ২০২৬ চনৰ ১ এপ্ৰিলৰ পৰা ১৫ এপ্ৰিললৈকে আত্মগণনা কৰিব। মধ্যপ্ৰদেশ, অন্ধ্ৰ প্ৰদেশ, অৰুণাচল প্ৰদেশ, চণ্ডীগড়, ছত্তীশগড় আৰু হাৰিয়ানাই ১৬ এপ্ৰিলৰ পৰা ৩০ এপ্ৰিল, ২০২৬লৈকে স্ব-গণনা আৰু ১ মে’ৰ পৰা ৩০ মে’ লৈকে গৃহ-তালিকাভুক্ত লোকপিয়ল আৰম্ভ কৰিব। আত্ম-গণনাৰ সৈতে প্ৰথম পৰ্যায়ৰ ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চল অনুসৰি সময়ৰ বিশদ বিৱৰণ সংযুক্ত কৰা হৈছে।
কেন্দ্ৰীয় চৰকাৰে ২০২৭ চনৰ লোকপিয়লৰ বাবে ১১,৭১৮,২৪ কোটি টকাৰ ব্যয় অনুমোদন কৰিছে, যাৰ জৰিয়তে লোকপিয়লৰ কৰ্মচাৰীসকল, তথ্য প্ৰযুক্তি আন্তঃগাঁথনি, পৰিবহন আদিৰ বাবে ধন পৰিশোধ আৰু প্ৰশিক্ষণৰ বাবে পৰ্যাপ্ত ব্যৱস্থা কৰা হৈছে।
২০২৭ চনৰ লোকপিয়ল ডিজিটেল পদ্ধতিৰে সম্পন্ন কৰা হ'ব। গণনাকাৰীসকলে তেওঁৰ স্মাৰ্ট ফোন ব্যৱহাৰ কৰি পোনপটীয়াকৈ মোবাইল এপৰ জৰিয়তে তথ্য সংগ্ৰহ আৰু জমা দিব। ইয়াৰ উপৰি, দুয়োটা পৰ্য্যায়ত স্ব-গণনাৰ বাবে অনলাইন ব্যৱস্থা থাকিব। মোবাইল এপৰ লগতে স্ব-গণনা প'ৰ্টেল হিন্দী আৰু ইংৰাজীকে ধৰি ১৬টা ভাষাত উপলভ্য হ'ব। গণনাকাৰী আৰু পৰিদৰ্শকৰ নিযুক্তি পত্ৰ তথা আইডি কাৰ্ড প্ৰস্তুত কৰা আৰু তেওঁলোকক কাম বিতৰণ কৰা, লোকপিয়লৰ কৰ্মচাৰীসকলক প্ৰশিক্ষণৰ ব্যৱস্থাপনা, এইচএলবি সৃষ্টি, প্ৰকৃত সময়ৰ আধাৰত ডেশ্বব'ৰ্ডৰ জৰিয়তে কামৰ অগ্ৰগতি নিৰীক্ষণ কৰা, কিছুমান লোকপিয়ল ৰেকৰ্ড/এব্ষ্ট্ৰেক্ট আদিৰ স্বয়ংক্ৰিয় প্ৰস্তুতকৰণৰ দৰে বিভিন্ন লোকপিয়ল সম্পৰ্কীয় ক্ষেত্ৰীয় কাৰ্যকলাপৰ ব্যৱস্থাপনা আৰু নিৰীক্ষণৰ বাবে এটা পৰ্টেল বিকশিত কৰা হৈছে। ৱেব মেপিং এপ্লিকেচন ব্যৱহাৰ কৰি গৃহ তালিকাভুক্ত ব্লক (এইচ এল বি) গঠন কৰা হ'ব। তথ্য সুৰক্ষাৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰা হৈছে।
স্ব-গণনাৰ বাবে, উত্তৰদাতাসকলে তেওঁলোকৰ মোবাইল নম্বৰ আৰু অন্যান্য মৌলিক বিৱৰণ ব্যৱহাৰ কৰি এছই পৰ্টেলত লগ ইন কৰিব পাৰে আৰু তেওঁলোকৰ সুবিধা অনুসৰি লোকপিয়লৰ এক অনন্য আত্ম-গণনা আইডি (এছই আইডি) সৃষ্টি কৰা হ'ব (এছ ই প'ৰ্টেলত প্ৰৱেশ কৰক (se.census.gov.in) → মোবাইল নম্বৰ ব্যৱহাৰ কৰি লগইন কৰক → মানচিত্ৰত অৱস্থান চিনাক্ত কৰক → ঘৰুৱা বিৱৰণ পূৰণ কৰক → তথ্য দাখিল কৰক → এছ ই আই ডি গ্ৰহণ কৰক → গণনাকাৰীক এছ ই আই ডি প্ৰদান কৰক → নিশ্চিত তথ্য আৰু লোকপিয়লত অন্তৰ্ভুক্ত)
লোকপিয়লৰ প্ৰথম পৰ্যায়ৰ প্ৰাক-পৰীক্ষা অৰ্থাৎ সমগ্ৰ লোকপিয়ল পদ্ধতিৰ সম্পূৰ্ণ অনুশীলন, যাৰ ভিতৰত আছে লোকপিয়ল ক্ষেত্ৰৰ কৰ্মচাৰী আৰু ৰাজ্যৰ অন্যান্য বিষয়া/বিষয়াসকলৰ নিযুক্তি আৰু প্ৰশিক্ষণ, প্ৰশ্নাৱলী, প্ৰাসংগিক এপ আৰু প'ৰ্টেল আৰু তথ্য সংগ্ৰহৰ পৰা তথ্য প্ৰক্ৰিয়াকৰণলৈকে অন্যান্য সকলো সম্পৰ্কিত কাৰ্যকলাপ ২০২৫ চনৰ নৱেম্বৰ মাহত সকলো ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলত প্ৰায় ৫০০০ব্লকত অনুষ্ঠিত কৰা হৈছিল।০১.০১.২০২৬ ৰ পৰা ৩১.০৩.২০২৭ লৈ সকলো প্ৰশাসনিক গোট বন্ধ কৰি দিয়া হৈছে। ২০২৭ চনৰ লোকপিয়ল ৩৬খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চল, ৭,০৯২ খন মহকুমা, ৫,১২৮খন বিধিবদ্ধ চহৰ, ৪,৫৮০খন লোকপিয়ল চহৰ আৰু ইয়াৰ আশে-পাশে থকা ৬,৩৯,৯০২খন গাঁৱত অনুষ্ঠিত কৰা হ'ব ০১.০১.২০২৬ অনুসৰি।
লোকপিয়লৰ কৰ্মীসকলৰ প্ৰশিক্ষণৰ বাবে বিস্তৃত ব্যৱস্থা কৰা হৈছে। ১০০গৰাকী ৰাষ্ট্ৰীয় প্ৰশিক্ষকক বিষয় বিশেষজ্ঞৰ দ্বাৰা প্ৰশিক্ষণ দিয়া হৈছে যিয়ে প্ৰায় ২০০০গৰাকী মাষ্টাৰ প্ৰশিক্ষকক প্ৰশিক্ষণ দিছে। এই মাষ্টাৰ প্ৰশিক্ষকসকলে প্ৰায় ৪৫,০০০ফিল্ড প্ৰশিক্ষকক প্ৰশিক্ষণ দি আছে যিয়ে প্ৰায় ৮০ হাজাৰ বেচত প্ৰায় ৩১লাখ গণনাকাৰী আৰু পৰিদৰ্শকক প্ৰশিক্ষণ দিব। সকলো সম্ভৱপৰ প্ৰশিক্ষণ সামগ্ৰী আঞ্চলিক ভাষাত প্ৰস্তুত কৰা হৈছে যাতে আমাৰ গণনাকাৰী আৰু পৰিদৰ্শকসকলে অন্তিম পৰ্যায়লৈকে সময়মতে মানসম্পন্ন তথ্য সংগ্ৰহ কৰাত অসুবিধাৰ সন্মুখীন নহয়।
***** State & UT-wise Houselisting and Housing Census and SE Period
*Gujarat- Subject to change
**Jharkhand- Notification of intention to conduct census published. For HLO period notification to be issued.



*****
RK/RR/PR/SK/MK
(ৰিলিজ আই ডি : 2246948)
অতিথি কক্ষ : 14