প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰায় ১১,২০০ কোটি টকা বিনিয়োগেৰে নিৰ্মাণ কৰা নয়ডা আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ প্ৰথম পৰ্যায়ৰ শুভাৰম্ভ কৰে

নয়ডা আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ প্ৰথম পৰ্যায়ৰ উদ্বোধন উত্তৰ প্ৰদেশৰ বিকাশৰ কাহিনী আৰু ভাৰতৰ বিমান পৰিবহণৰ ভৱিষ্যতৰ ক্ষেত্ৰত এক ডাঙৰ পদক্ষেপ: প্ৰধানমন্ত্ৰী

উত্তৰ প্ৰদেশে এতিয়া ভাৰতৰ ভিতৰতে সৰ্বাধিক আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ থকা ৰাজ্যসমূহৰ ভিতৰত অন্যতম ৰাজ্য হিচাপে আত্মপ্ৰকাশ কৰিছে: প্ৰধানমন্ত্ৰী

বিমানবন্দৰ কেৱল যিকোনো দেশৰ মৌলিক সুবিধাই নহয়, ই প্ৰগতিৰ বাবে ডেউকাও দিয়ে: প্ৰধানমন্ত্ৰী

আমাৰ চৰকাৰে আধুনিক আন্তঃগাঁথনিত অভূতপূৰ্ব বিনিয়োগ কৰি বিকশিত ভাৰতৰ আকাংক্ষাক পূৰণ কৰিব বিচাৰিছে: প্ৰধানমন্ত্ৰী

পোষ্ট কৰা হৈছে: 28 MAR 2026 2:23PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি উত্তৰ প্ৰদেশৰ জেৱাৰত নয়ডা আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ উদ্বোধন কৰে। এই উপলক্ষ্যে গৌৰৱ আৰু আনন্দ প্ৰকাশ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে আজি বিকশিত উত্তৰ প্ৰদেশৰ এক নতুন অধ্যায় আৰম্ভ হৈছে, বিকশিত ভাৰতৰ  অভিযানতো এয়া এক নতুন অধ্যায়। তেওঁ উল্লেখ কৰে যে ভাৰতৰ সৰ্ববৃহৎ ৰাজ্যখন এতিয়া সৰ্বাধিক আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ থকা ৰাজ্যসমূহৰ ভিতৰত অন্যতম হৈ পৰিছে। প্ৰধানমন্ত্ৰী মোদীয়ে শ্বেয়াৰ লগতে কয় যে তেওঁ দুটা কথাত অধিক  গৌৰৱ অনুভৱ কৰিছে , প্ৰথমতে, এই বিমানবন্দৰৰ আধাৰশিলা স্থাপন কৰাৰ বাবে আৰু এতিয়া ইয়াৰ উদ্বোধন কৰাৰ সুবিধা পোৱাৰ বাবে আৰু দ্বিতীয়তে,  এই  সুন্দৰ  বিমানবন্দৰটিৰ  নাম উত্তৰ প্ৰদেশৰ সৈতে জড়িত। শ্ৰী মোদীয়ে মন্তব্য কৰে যে এইখনেই ৰাজ্য যিয়ে মোক নিজৰ প্ৰতিনিধি হিচাপে বাছি লৈ মোক সংসদৰ সদস্য কৰিছিল আৰু ইয়াৰ পৰিচয় এতিয়া এই সুন্দৰ বিমানবন্দৰৰ সৈতে জড়িত।

নতুন বিমানবন্দৰৰ সুদূৰপ্ৰসাৰী প্ৰভাৱৰ বিষয়ত  আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে নয়ডা বিমানবন্দৰটোৱে আগ্ৰা, মথুৰা, আলিগড়, গাজিয়াবাদ, মীৰুট, ইটাৱা, বুলণ্ডচহৰ আৰু ফৰিদাবাদক সামৰি লোৱা এক বিশাল অঞ্চলক লাভাৱান্বিত কৰিব। তেওঁ দৃঢ়তাৰে কয় যে বিমানবন্দৰটোৱে কৃষক, ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগল তথা পশ্চিম উত্তৰ প্ৰদেশৰ যুৱক-যুৱতীসকলৰ বাবে অসংখ্য নতুন সুযোগ কঢ়িয়াই আনিব। ৰাজ্যখনৰ জনসাধাৰণক বিশেষকৈ পশ্চিম উত্তৰ প্ৰদেশৰ জনসাধাৰণলৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰি শ্ৰী মোদীয়ে কয় যে ইয়াৰ পৰা বিশ্বলৈ বিমান উৰিব  আৰু এই বিমানবন্দৰটো  উন্নত উত্তৰ প্ৰদেশে উৰণ লোৱাৰ প্ৰতীক হৈ পৰিব।

বৰ্তমান বিশ্বৰ পৰিস্থিতিৰ বিষয়ে উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে আজি সমগ্ৰ বিশ্বই গভীৰভাৱে চিন্তিত হৈ পৰিছে, পশ্চিম এছিয়াত এমাহৰো অধিক সময় ধৰি যুদ্ধ চলি আছে, যাৰ ফলত বহু দেশত খাদ্য, পেট্ৰ’ল, ডিজেল, গেছ, সাৰকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ সংকটৰ সৃষ্টি হৈছে। তেওঁ উল্লেখ কৰে যে ভাৰতে সংঘাত প্ৰভাৱান্বিত  অঞ্চলৰ পৰা অতি বৃহৎ পৰিমাণৰ খাৰুৱা তেল আৰু গেছ আমদানি কৰে। শ্ৰী মোদীয়ে দৃঢ়তাৰে কয় যে এই সংকটৰ বোজা যাতে সাধাৰণ পৰিয়াল আৰু কৃষকৰ ওপৰত নপৰে তাৰ বাবে চৰকাৰে সকলো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰিছে।

বিশ্ব সংকটৰ সময়তো ভাৰতৰ দ্ৰুত বিকাশৰ গতি অব্যাহত ৰখাৰ বিষয়ত  আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে কেৱল পশ্চিম উত্তৰ প্ৰদেশতে যোৱা কেইটামান সপ্তাহত নতুন প্ৰকল্প হয় উদ্বোধন হৈছে বা আধাৰশিলা স্থাপন কৰা হৈছে। আজিৰ এই প্ৰকল্পটো  চতুৰ্থটো বৃহৎ প্ৰকল্প। প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে এই সময়ছোৱাত নয়ডাত এটা বৃহৎ অৰ্ধপৰিবাহী কাৰখানাৰ আধাৰশিলা স্থাপন কৰা হৈছে, দেশৰ প্ৰথমখন দিল্লী-মীৰুট নমো ভাৰত ৰে’লে গতি লাভ কৰিছে, মীৰুট মেট্ৰ’ৰ সম্প্ৰসাৰণ কৰা হৈছে  আৰু আজি নয়ডা আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ উদ্বোধন কৰা হৈছে।

উত্তৰ প্ৰদেশৰ  উন্নয়নৰ এই উল্লেখযোগ্য সাফল্যৰ বাবে প্ৰধানমন্ত্ৰীয়ে  বৰ্তমানৰ  চৰকাৰক কৃতিত্ব প্ৰদান কৰে। তেওঁ উল্লেখ কৰে যে অৰ্ধপৰিবাহী কাৰখানাটোৱে ভাৰতক প্ৰযুক্তিৰ ক্ষেত্ৰত আত্মনিৰ্ভৰশীল কৰি তুলিছে, মীৰুট মেট্ৰ’ আৰু নমো ভাৰত ৰে’লে দ্ৰুত তথা স্মাৰ্ট সংযোগ প্ৰদান কৰিছে আৰু জেৱাৰ বিমানবন্দৰে সমগ্ৰ উত্তৰ ভাৰতক বিশ্বৰ সৈতে সংযোগ কৰিছে। " আজি বৰ্তমানৰ চৰকাৰৰ অধীনত  নয়ডা  উত্তৰ প্ৰদেশৰ উন্নয়নৰ এক শক্তিশালী ইঞ্জিন হৈ পৰিছে," শ্ৰী মোদীয়ে দৃঢ়তাৰে কয়।

বিমানবন্দৰ প্ৰকল্পৰ ইতিহাসৰ বিষয়ে বিশদভাৱে উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে স্মৰণ কৰে যে ২০০৩ চনতেই জেৱাৰ বিমানবন্দৰ অটল জীয়ে অনুমোদন জনাইছিল। ইয়াত বৰ্তমানৰ চৰকাৰ গঠন হোৱাৰ লগে লগে ইয়াৰ ভেটি স্থাপন হ’ল, নিৰ্মাণ হ’ল আৰু এতিয়া ইয়াৰ কাম-কাজ আৰম্ভ হৈছে।’- শ্ৰী মোদীয়ে কয়।

লজিষ্টিক হাব হিচাপে অঞ্চলটোৰ উদীয়মান ভূমিকাৰ  বিষয়ত আলোকপাত  কৰি প্ৰধানমন্ত্ৰীয়ে আঙুলিয়াই দিয়ে যে এই অঞ্চলটো দুটা ডাঙৰ মালবাহী কৰিডৰৰ কেন্দ্ৰত পৰিণত হৈছে । এয়া হৈছে সামগ্ৰী কঢ়িওৱা ৰে’লৰ বাবে স্থাপন কৰা বিশেষ ৰে’লপথ, যিয়ে উত্তৰ ভাৰতৰ বংগ আৰু গুজৰাটৰ সাগৰৰ সৈতে সংযোগ বৃদ্ধি কৰিছে। তেওঁ উল্লেখ কৰে যে দাদ্ৰী হৈছে এই দুয়োটা কৰিডৰ একত্ৰিত হোৱা বিশেষ বিন্দু, অৰ্থাৎ ইয়াত কৃষকসকলে যি উৎপাদন কৰে আৰু উদ্যোগে যি উৎপাদন কৰে, এতিয়া স্থলপথেৰে আৰু আকাশী পথেৰে বিশ্বৰ প্ৰতিটো চুকত দ্ৰুতগতিত উপনীত হ’ব পাৰিছে। প্ৰধানমন্ত্ৰী মোদীয়েকয় যে এই ধৰণৰ মাল্টি-ম’ডাল সংযোগে উত্তৰ প্ৰদেশক বিশ্বজুৰি বিনিয়োগকাৰীৰ বাবে এক ডাঙৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু কৰি তুলিছে।

অঞ্চলটোৰ ভাবমূর্তিৰ ৰূপান্তৰৰ বিষয়ত মন্তব্য  কৰি প্রধানমন্ত্রীয়ে কয়  "আজি নয়দাই সমগ্ৰ বিশ্বক আদৰিবলৈ সাজু হৈছে। এই গোটেই অঞ্চলটোৱে আত্মনিৰ্ভৰ ভাৰতৰ সংকল্পক শক্তিশালী কৰি তুলিছে"।

এই প্ৰকল্পটো বাস্তৱত পৰিণত কৰিবলৈ নিজৰ মাটি এৰি দিয়া কৃষকসকলৰ প্ৰতি প্ৰধানমন্ত্ৰীয়ে কৃতজ্ঞতা জ্ঞাপন কৰি অঞ্চলটোৰ অৰ্থনীতিত কৃষি আৰু কৃষিৰ যথেষ্ট গুৰুত্ব আছে বুলি কয়। শ্ৰী মোদীয়ে উল্লেখ কৰে যে আধুনিক সংযোগৰ সম্প্ৰসাৰণে পশ্চিম উত্তৰ প্ৰদেশত খাদ্য প্ৰক্ৰিয়াকৰণৰ সম্ভাৱনা আৰু অধিক বৃদ্ধি কৰিব। তেওঁ   লগতে কয়, “ইয়াৰ পৰা কৃষিজাত সামগ্ৰীয়ে এতিয়া অধিক কাৰ্যক্ষমভাৱে বিশ্বৰ বজাৰত উপনীত হ’ব।”

খাৰুৱা তেলৰ ক্ষেত্ৰত  ভাৰতৰ নিৰ্ভৰশীলতা হ্ৰাস কৰাত কুঁহিয়াৰ খেতিয়কৰ অৱদানক স্বীকাৰ কৰি প্ৰধানমন্ত্ৰীয়ে কুঁহিয়াৰৰ পৰা উৎপাদিত ইথানলৰ উল্লেখযোগ্য ভূমিকাৰ বিষয়ে  আলোকপাত কৰে। ইথানলৰ উৎপাদন বৃদ্ধি আৰু পেট্ৰলৰ সৈতে ইয়াক  মিহলি নকৰিলে ভাৰতে বছৰি অতিৰিক্ত চাড়ে চাৰি কোটি বেৰেল,প্ৰায় ৭০০ কোটি লিটাৰ খাৰুৱা তেল আমদানি কৰিবলগীয়া হ’লহেঁতেন বুলি মন্তব্য  কৰি প্ৰধানমন্ত্ৰী মোদীয়ে লগতে কয়, “আমাৰ কৃষকৰ কঠোৰ পৰিশ্ৰমে সংকটৰ সময়ত দেশখনক এই বিশাল সকাহ দিছে।”

প্ৰধানমন্ত্ৰীয়ে লগতে বিশদভাৱে কয় যে ইথানলে কেৱল দেশক  উপকৃত কৰাই নহয়, কৃষকসকলকো যথেষ্ট উপকৃত কৰিছে, প্ৰায় ১.৫ লাখ কোটি টকাৰ বৈদেশিক মুদ্ৰা ৰাহি হৈছে। তেওঁ আগৰ দিনবোৰৰ কথা মনত পেলায়,  যেতিয়া কুঁহিয়াৰ খেতিয়কসকলে পাবলগীয়া  ধনৰ বাবে বছৰ বছৰ ধৰি অপেক্ষা কৰিবলগীয়া হৈছিল। শ্ৰী মোদীয়ে দৃঢ়তাৰে কয় যে আজি বৰ্তমানৰ চৰকাৰৰ প্ৰচেষ্টাৰ ফলতকুঁহিয়াৰ খেতিয়কৰ অৱস্থা যথেষ্ট উন্নত হৈছে। বিমানবন্দৰ কেৱল সুবিধাই নহয়, প্ৰগতিৰ অনুঘটকো বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে ভাৰতৰ বিমান পৰিবহণৰ আন্তঃগাঁথনিৰ উল্লেখযোগ্য সম্প্ৰসাৰণৰ কথা আঙুলিয়াই দিয়ে। আজি দেশত  ১৬০ টাতকৈও অধিক বিমানবন্দৰ আছে বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে মন্তব্য কৰে যে আকাশী  সংযোগ এতিয়া কেৱল মহানগৰতে নহয়, সৰু চহৰতো বিয়পি পৰিছে। “ বৰ্তমানৰ চৰকাৰে সাধাৰণ ভাৰতীয়ৰ বাবে বিমান যাত্ৰা সুলভ কৰি তুলিছে,” শ্ৰী মোদীয়ে দৃঢ়তাৰে কয় । তেওঁ লগতে কয় যে উত্তৰ প্ৰদেশৰ বিমানবন্দৰৰ সংখ্যা সোতৰটালৈ বৃদ্ধি কৰা হৈছে। উড়ান আঁচনিৰ প্ৰভাৱৰ বিষয়ত  আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে বিমানবন্দৰ নিৰ্মাণ হ’লেও বিমান ভাড়া সাধাৰণ পৰিয়ালৰ হাতৰ মুঠিত ৰাখিবলৈ চৰকাৰে ধাৰাবাহিকভাৱে চেষ্টা কৰি আহিছে। উড়ান  আঁচনিৰ অধীনত টিকট বুকিং কৰি এক কোটি ষাঠি লাখতকৈ অধিক নাগৰিকে সুলভ মূল্যত বিমান যাত্ৰা কৰা বুলি উল্লেখ কৰি শ্ৰী মোদীয়ে মন্তব্য কৰে, “ শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰে প্ৰায় ২৯,০০০ কোটি টকাৰ অনুমোদনেৰে উড়ান আঁচনিখনৰ আৰু অধিক সম্প্ৰসাৰণ কৰিছে, যাৰ অধীনত ক্ষুদ্ৰ চহৰসমূহত ১০০টা নতুন বিমানবন্দৰ আৰু ২০০টা নতুন হেলিপেড নিৰ্মাণ কৰা হ’ব ।অনাগত বছৰবোৰত উত্তৰ প্ৰদেশো ইয়াৰ দ্বাৰা  অপৰিসীম লাভাৱান্বিত হ’ব৷” ভাৰতৰ দ্ৰুতগতিত বৃদ্ধি পোৱা বিমান পৰিবহণ খণ্ডৰ বিষয়ে উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে নতুন বিমানবন্দৰ নিৰ্মাণৰ লগে লগে নতুন বিমানৰ চাহিদাও বাঢ়িছে, বিভিন্ন বিমান সংস্থাই শ শ নতুন বিমানৰ ফৰমাইচ দিছে। শ্ৰী মোদীয়ে পৰ্যবেক্ষণ কৰে যে ইয়াৰ ফলত পাইলট, কেবিন ক্ৰু আৰু ৰক্ষণাবেক্ষণৰ বাবে প্ৰয়োজনীয়  পেছাদাৰীকে ধৰি যুৱক-যুৱতীসকলৰ বাবে বিশাল  সুযোগৰ সৃষ্টি হ'ব । তেওঁ লগতে কয় "এই ক্ৰমবৰ্ধমান চাহিদা পূৰণৰ বাবে আমাৰ চৰকাৰে বিমান পৰিবহণ খণ্ডতো প্ৰশিক্ষণৰ সুবিধা সম্প্ৰসাৰণ কৰি আছে"।

ভাৰতৰ বিমান পৰিবহণ পৰিৱেশ তন্ত্ৰৰ এক জটিল ব্যৱধান দূৰ কৰি প্ৰধানমন্ত্ৰীয়ে মেইণ্টেনেন্স, মেৰামতি  আৰু অভাৰহ’ল (এম আৰ অ’) খণ্ডৰ আলোকপাত কৰে কয় যে এতিয়াও ৮৫ শতাংশ ভাৰতীয় বিমানে এম আৰ অ’ সেৱাৰ বাবে বহিঃ দেশলৈ যাবলগীয়া হৈছে। প্ৰধানমন্ত্ৰী মোদীয়ে উল্লেখ কৰে যে চৰকাৰে এম আৰ অ’ খণ্ডতো ভাৰতক স্বাৱলম্বী কৰাৰ সংকল্প লৈছে আৰু আজি   জেৱাৰত এম আৰ অ’ৰ সুবিধাৰ আধাৰশিলা স্থাপন কৰা হৈছে। “যেতিয়া ই সাজু হৈ উঠিব, তেতিয়া ই ভাৰত আৰু বিদেশৰ বিমানৰ  বাবে   সেৱা আগবঢ়াব , দেশৰ বাবে ৰাজহ আহৰণ কৰিব, আমাৰ ধন ভাৰতৰ ভিতৰতে ৰাখিব আৰু যুৱক-যুৱতীসকলৰ বাবে অসংখ্য চাকৰিৰ সৃষ্টি কৰিব,” শ্ৰী মোদীয়ে ঘোষণা কৰে।

নাগৰিকৰ সুবিধা সুনিশ্চিত কৰা আৰু তেওঁলোকৰ সময় তথা  ধন ৰাহি কৰাৰ বিষয় চৰকাৰৰ অগ্ৰাধিকাৰৰ ওপৰত আলোক বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে মেট্ৰ’ আৰু বন্দে ভাৰতৰ দৰে আধুনিক ৰে’ল সেৱাৰ সম্প্ৰসাৰণৰ বিষয়ে কয়। প্ৰধানমন্ত্ৰী মোদীয়ে কয়, "দিল্লী-মীৰুট নমো ভাৰত ৰে'ল ইতিমধ্যে ডেৰ কোটিৰো অধিক যাত্ৰীয়ে ব্যৱহাৰ কৰিছে। আগতে ঘণ্টাৰ পিছত ঘণ্টা সময় লোৱা দিল্লী-মীৰুটৰ মাজৰ যাত্ৰা এতিয়া মিনিটৰ ভিতৰতে সম্পূৰ্ণ হৈছে।" বিকশিত  ভাৰতৰ বাবে আধুনিক আন্তঃগাঁথনিত অভূতপূৰ্ব বিনিয়োগৰ কৰাৰ বিষয়ত  গুৰুত্ব আৰোপ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে বিগত এঘাৰ বছৰত আন্তঃগাঁথনিৰ বাজেট ছগুণতকৈও অধিক বৃদ্ধি কৰা হৈছে, ঘাইপথ আৰু এক্সপ্ৰেছৱেত ১৭ লাখ কোটি টকা ব্যয় কৰা হৈছে আৰু এক লাখ কিলোমিটাৰৰো অধিক ঘাইপথ নিৰ্মাণ কৰা হৈছে। তেওঁ উল্লেখ কৰে যে ২০১৪ চনৰ আগতে  ২০ হাজাৰ কিলোমিটাৰৰ ঘাইপথহে আছিল।এতিয়া সেয়া প্ৰায় ৪০,০০০ কিলোমিটাৰ হৈছে। ৰে’লৱেৰ বৈদ্যুতিকৰণ ৪০ হাজাৰ কিলোমিটাৰতকৈও অধিক পৰিমাণলৈ সম্প্ৰসাৰিত হৈছে আৰু এতিয়া ব্ৰডগজ নেটৱৰ্কৰ প্ৰায় ১০০ শতাংশত বিদ্যুৎ সংযোগ হৈছে। প্ৰধানমন্ত্ৰীয়ে কয়  যে প্ৰথমবাৰৰ বাবে কাশ্মীৰ উপত্যকা আৰু উত্তৰ-পূবৰ ৰাজধানীসমূহ ৰে’ল নেটৱৰ্কৰ সৈতে সংযোগ কৰা হৈছে, আনহাতে বিগত দশকত বন্দৰৰ ক্ষমতা দুগুণতকৈও অধিক বৃদ্ধি পাইছে। লগতে অভ্যন্তৰীণ জলপথৰ সংখ্যাও বৃদ্ধি পাইছে। শ্ৰী মোদীয়ে কয় যে ভাৰতে বিকাশিত ভাৰত গঢ়ি তোলাৰ বাবে প্ৰয়োজনীয় প্ৰতিটো খণ্ডতে দ্ৰুত গতিত কাম কৰি আছে।

বিশ্বজোৰা প্ৰত্যাহ্বানৰ সময়ত  সামূহিক প্ৰচেষ্টা আৰু জাতীয় ঐক্যৰ আহ্বান জনাই প্ৰধানমন্ত্ৰীয়ে সংসদত দীঘলীয়াকৈ ভাষণ দিছে আৰু চলি থকা সংঘাতৰ পৰা উদ্ভৱ হোৱা সংকটৰ মোকাবিলা কৰা সন্দৰ্ভত মুখ্যমন্ত্ৰীসকলৰ সৈতে বিতংভাবে  আলোচনাত মিলিত হৈছে। একতা ভাৰতীয়ৰ সৰ্বশ্ৰেষ্ঠ শক্তি বুলি অভিহিত কৰি তেওঁ শান্ত মন আৰু ধৈৰ্য্যৰে এই সংকটৰ সন্মুখীন হ’বলৈ জনতাক আহ্বান জনায়। প্ৰধানমন্ত্ৰী মোদীয়ে পুনৰ কয় যে যিটো ভাৰতীয়ৰ স্বাৰ্থত আৰু ভাৰতৰ স্বাৰ্থত, সেয়াই ভাৰত চৰকাৰৰ নীতি আৰু কৌশল।"

 

***

MJPS/PRK/DM


(ৰিলিজ আই ডি : 2246509) অতিথি কক্ষ : 6