প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

পশ্চিম এছিয়াত চলি থকা সংঘাত সন্দৰ্ভত ৰাজ্যসভাত দিয়া ভাষণৰ উল্লেখযোগ্য দিশসমূহ দাঙি ধৰিলে প্ৰধানমন্ত্ৰীয়ে

পোষ্ট কৰা হৈছে: 24 MAR 2026 10:45PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে পশ্চিম এছিয়াত চলি থকা সংঘাত সন্দৰ্ভত ৰাজ্যসভাত দিয়া মন্তব্যৰ উল্লেখযোগ্য দিশসমূহ  দাঙি ধৰিলে ।

এক্সত দিয়া ধাৰাবাহিক  পোষ্টত শ্ৰী মোদীয়ে কয়;

“ভাৰতৰ লক্ষ্য হৈছে  আলোচনা আৰু কূটনীতিৰ জৰিয়তে পশ্চিম এছিয়ালৈ শান্তি ঘূৰাই অনা। ইয়াৰ বাবে আমি সংশ্লিষ্ট  সকলো পক্ষৰ সৈতে অহৰহ যোগাযোগ ৰক্ষা কৰি  আছো।”

“প্ৰতিকূল পৰিস্থিতিৰ মাজতো ভাৰতলৈ তেল আৰু গেছৰ যোগান যাতে নিৰৱচ্ছিন্ন হৈ থাকে তাৰ বাবে আমাৰ প্ৰচেষ্টা অব্যাহত আছে।এই প্ৰচেষ্টাসমূহৰ ইতিবাচক ফলাফল দেশখনে  ইতিমধ্যে প্ৰত্যক্ষ কৰি আছে।”

“আগন্তুক বীজ সিঁচাৰ বতৰত যাতে আমাৰ কৃষক ভাই-ভনীসকলৰ ওপৰত এই সংকটৰ বোজা নপৰে তাৰ বাবে আমি সকলো প্ৰয়োজনীয় প্ৰস্তুতি চলাইছো।”

“বৰ্তমানৰ সংকট ‘টিম ইণ্ডিয়া’ৰ বাবেও এক ডাঙৰ পৰীক্ষা হিচাপে চিহ্নিত হৈছে। এই প্ৰচেষ্টাত সফলতা নিশ্চিত কৰিবলৈ মই সকলো ৰাজ্য চৰকাৰলৈ  বিশেষ আহ্বান জনাইছো...”

‘দেশৰ জনসাধাৰণৰ কল্যাণ আমাৰ বাবে সৰ্বোচ্চ।

এয়াই আমাৰ পৰিচয়; এয়াই আমাৰ শক্তি।”

******

MJPS/ST/DM


(ৰিলিজ আই ডি : 2244846) অতিথি কক্ষ : 2
ত এই ৰিলিজটো পঢ়ক: English , Urdu , हिन्दी , Manipuri , Bengali , Gujarati