ভাৰতীয় নিৰ্বাচন আয়োগ
সাধাৰণ নিৰ্বাচন আৰু উপ-নিৰ্বাচন ২০২৬: নিৰ্বাচন আয়োগৰ আন্তঃৰাজ্যিক সীমান্ত বৈঠক অনুষ্ঠিত
নিৰ্বাচনী চোৰাংচোৱা সম্পৰ্কীয় বহু-বিভাগীয় সমিতিৰ সৈতেও বৈঠক অনুষ্ঠিত
পোষ্ট কৰা হৈছে:
24 MAR 2026 2:55PM by PIB Guwahati
১. ভাৰতীয় নিৰ্বাচন আয়োগে (ই চি আই) আজি বিধি বলৱৎকাৰী সংস্থাৰ মুৰব্বীসকলৰ সৈতে নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া ৫ খন ৰাজ্য/কেন্দ্ৰীয়শাসিত অঞ্চল আৰু ইয়াৰ ১২ খন সীমান্তৱৰ্তী ৰাজ্য/কেন্দ্ৰীয়শাসিত অঞ্চলৰ মুখ্য সচিব, মুখ্য নিৰ্বাচন বিষয়া, আৰক্ষী সঞ্চালকপ্ৰধান আৰু জ্যেষ্ঠ বিষয়াসকলৰ সৈতে এক পৰ্যালোচনা বৈঠক অনুষ্ঠিত কৰি প্ৰস্তুতি পৰ্যালোচনা কৰি সমন্বয় বৃদ্ধি আৰু হিংসামুক্ত, ভাবুকিমুক্ত তথা প্রলোভনমুক্ত নিৰ্বাচন নিশ্চিত কৰিবলৈ সংশ্লিষ্ট সকলোকে নিৰ্দেশ দিয়ে।
২. মুখ্য নিৰ্বাচন আয়ুক্ত (চি ই চি) শ্ৰী জ্ঞানেশ কুমাৰে নিৰ্বাচন আয়ুক্ত ড০ এছ এছ সান্ধু আৰু ড০ বিবেক যোশীৰ সৈতে নিৰ্বাচনৰ প্ৰস্তুতি, আইন-শৃংখলাৰ পৰিস্থিতি, অবৈধ নগদ ধন, সুৰা, মাদক দ্ৰব্য, অস্ত্ৰ-শস্ত্ৰ, আন্তঃৰাজ্যিক চেক পোষ্ট, অসম, কেৰালাম, পুডুচেৰী, তামিলনাডু আৰু পশ্চিমবংগৰ আসন্ন সাধাৰণ নিৰ্বাচনৰ বাবে স্পৰ্শকাতৰ সমষ্টি আৰু ৬ খন ৰাজ্যৰ উপ-নিৰ্বাচনৰ পৰ্যালোচনা কৰে।
৩. নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া ৰাজ্যসমূহে আয়োগক তেওঁলোকৰ সামগ্ৰিক প্ৰস্তুতি, আইন-শৃংখলাৰ বিষয় আৰু ব্যয় প্ৰৱৰ্তন তথা কেন্দ্ৰীয় সংস্থা আৰু চুবুৰীয়া ৰাজ্যসমূহৰ সৈতে যিকোনো উদ্বেগ বা অমীমাংসিত বিষয় সন্দৰ্ভত অৱগত কৰে। নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া ৰাজ্য/কেন্দ্ৰীয়শাসিত অঞ্চলত শান্তি আৰু শৃংখলা বজাই ৰাখিবলৈ সীমান্তৱৰ্তী জিলাসমূহৰ সীমান্ত ছীল কৰি দিয়াৰ ওপৰত বিশেষ গুৰুত্ব দিয়া হয়।
৪. চুবুৰীয়া সীমান্তৱৰ্তী ৰাজ্যসমূহক প্ৰলোভনমুক্ত আৰু হিংসামুক্ত নিৰ্বাচন নিশ্চিত কৰাত নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া ৰাজ্য/কেন্দ্ৰীয়শাসিত অঞ্চলসমূহক সহায় কৰিবলৈ সকলো সম্ভৱ পদক্ষেপ গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়া হয়।
৫. সংস্থাসমূহৰ মুৰব্বীসকল হ’ল- চিবিডিটি, চিবিআইচি, ইডি, ডিআৰআই, চিইআইবি, এফআইইউ-আইএনডি, আৰবিআই, আইবিএ, এনচিবি, আইচিজি, বিচিএএছ, এএআই, ডাক সেৱা, চিআৰপিএফ, চিআইএছএফ, বিএছএফ, এছএছবি, আৰপিএফ, আইটিবিপি, ইণ্ডিয়ান কোষ্ট গাৰ্ড আৰু অসম ৰাইফলছক নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া ৰাজ্যসমূহ/কেন্দ্ৰীয়শাসিত অঞ্চলসমূহৰ সীমান্ত অঞ্চলত আন্তঃৰাজ্যিক চেকপোষ্টসমূহত উন্নত পৰীক্ষাৰ সৈতে অধিক সতৰ্কতা নিশ্চিত কৰিবলৈ নিৰ্দেশ দিয়া হয়।
৬. নাৰ্কোটিক্স নিয়ন্ত্ৰণ ব্যুৰো (এনচিবি), আয়কৰ বিভাগ, কেন্দ্ৰীয় সামগ্ৰী আৰু সেৱা কৰ (চিজিএছটি) আৰু ৰাজহ চোৰাংচোৱা সঞ্চালকালয় (ডিআৰআই)কে ধৰি কেন্দ্ৰীয় সংস্থাসমূহক নিৰ্বাচনৰ পূৰ্বে কাৰ্যদক্ষতা তীব্ৰ কৰিবলৈ আৰু অবৈধ নগদ ধন, সুৰা, মাদক দ্ৰব্য, অস্ত্ৰ-শস্ত্ৰ আদি জব্দ কৰিবলৈ নিৰ্দেশ দিয়া হৈছিল।
**********
PK/GDH/RP/MK
(ৰিলিজ আই ডি : 2244557)
অতিথি কক্ষ : 9