প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

মা কাত্যায়নীৰ আশীৰ্বাদ বিচাৰি আৰু ভক্তিমূলক আবৃত্তিৰে প্ৰধানমন্ত্ৰীৰ সংস্কৃত সুভাশিতম শ্বেয়াৰ

পোষ্ট কৰা হৈছে: 24 MAR 2026 8:06AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মা কাত্যায়নীৰ আশীৰ্বাদ বিচাৰি কয় যে মা জগদম্বেৰ পূজা-অৰ্চনাই মনটোক অসীম শক্তিৰে ভৰাই তোলে, আনহাতে তেওঁৰ ঐশ্বৰিক জ্যোতিয়ে হৃদয়ক উচ্চ চেতনাৰে আলোকিত কৰে। তেওঁ প্ৰাৰ্থনা কৰে যে ঈশ্বৰত্ব আৰু পৰাক্ৰমৰ প্ৰতীক দেৱীৰ আশীৰ্বাদত তেওঁৰ সকলো ভক্ত অপৰিসীম শক্তি আৰু আত্মবিশ্বাসৰে পৰিপূৰ্ণ হওক।

প্ৰধানমন্ত্ৰীয়ে এটা সংস্কৃত শ্লোক শ্বেয়াৰ কৰে-

“चन्द्रहासोज्ज्वलकरा शार्दूलवरवाहना। कात्यायनी शुभं दद्याद् देवी दानवघातिनी॥”

প্ৰধানমন্ত্ৰীয়ে দেৱীৰ গুণ-গান কৰি এটা আবৃত্তিও শ্বেয়াৰ কৰে।

প্ৰধানমন্ত্ৰীয়ে এক্সত লিখিছে;

‘মা কাত্যায়নীলৈ বন্দনা!’ দেৱী মাতাৰ কৃপাৰে তেওঁৰ সকলো ভক্তৰ মাজত অপৰিসীম শক্তি আৰু আত্মবিশ্বাস জাগ্ৰত হওক।

चन्द्रहासोज्ज्वलकरा शार्दूलवरवाहना।

कात्यायनी शुभं दद्याद् देवी दानवघातिनी॥”

মা জগদম্বেৰ উপাসনাৰ দ্বাৰা মনটো অসীম শক্তি আৰু আত্মশক্তিৰে ভৰি পৰে। দেৱী মাতৃৰ অলৌকিক তেজস্বতাই হৃদয়ক ঐশ্বৰিক চেতনাৰে আলোকিত কৰে।

***

MJPS/ST/MK


(ৰিলিজ আই ডি : 2244318) অতিথি কক্ষ : 8