গৃহ মন্ত্ৰালয়
কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় দপ্তৰৰ মন্ত্ৰী শ্ৰী অমিত শ্বাহে কয়, আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী জী ভাৰতৰ সৰ্বাধিক দীৰ্ঘদিনীয়া কাৰ্যকালৰ চৰকাৰৰ মুৰব্বী হিচাবে পৰিগণিত হৈছে
এখন চৰকাৰৰ মুৰব্বী হিচাপে ছিকিমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী পৱন কুমাৰ চামলিঙৰ ৮,৯৩০ দিনৰ অভিলেখ ভংগ কৰিলে প্ৰধানমন্ত্ৰী মোদী জীয়ে
প্ৰধানমন্ত্ৰী মোদী জীৰ জনসেৱাৰ ৮,৯৩১ দিনত দেশ -প্ৰথম শাসন, কৰ্মত সততা আৰু প্ৰতিজন নাগৰিকৰ অক্লান্ত সেৱাৰ প্ৰতি গভীৰ সমৰ্পণ প্ৰতিফলিত হৈছে
মোদী ৰ যুগে ভাৰতক চিনি নোপোৱাকৈ ৰূপান্তৰিত কৰিছে, দুখীয়াৰ অধিকাৰ, উন্নয়ন আৰু গৌৰৱৰ সৈতে
এই নতুন ভাৰতক লালন-পালন কৰিবলৈ আজীৱন প্ৰচেষ্টাৰ প্ৰয়োজন আছিল আৰু প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী জীয়ে এয়া সমভৱ কৰিছে
২৪ বছৰতকৈ অধিক সময় ছুটী নোলোৱাকৈ দেশ আৰু জনসাধাৰণৰ সেৱা কৰাটো ৱে তেওঁৰ দায়বদ্ধতাৰ কথাই প্ৰমাণ কৰে
তেওঁৰ প্ৰতি মানুহৰ আস্থা, মৰম আৰু সমৰ্থন দিনক দিনে বাঢ়ি গৈছে
পোষ্ট কৰা হৈছে:
22 MAR 2026 3:14PM by PIB Guwahati
কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় দপ্তৰৰ মন্ত্ৰী শ্ৰীযুত অমিত শ্বাহে কয় যে আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী জী ভাৰতৰ সৰ্বাধিক সময়ৰ দীৰ্ঘদিনীয়া কালৰ বাবে চৰকাৰৰ মুৰব্বী হৈ পৰিছে। তেওঁ কয় যে সেৱা, কঠোৰ পৰিশ্ৰম আৰু অদম্য দায়বদ্ধতাৰে প্ৰধানমন্ত্ৰী মোদী জীয়ে ছিকিমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী পৱন কুমাৰ চামলিঙৰ ৮,৯৩০ দিনৰ অভিলেখ অতিক্ৰম কৰি এই মাইলৰ খুঁটিত উপনীত হৈছে।
এক্স প্লেটফৰ্মত দিয়া পোষ্টত কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় দপ্তৰৰ মন্ত্ৰী শ্ৰী অমিত শ্বাহে কয় “সেৱা, কঠোৰ পৰিশ্ৰম আৰু অদম্য দায়বদ্ধতা শিপাই থকা এয়া এক মাইলৰ খুঁটি।আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী জীয়ে ছিকিমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী পৱন কুমাৰ চামলিঙৰ ৮,৯৩০ দিনৰ অভিলেখ অতিক্ৰম কৰি ভাৰতৰ সৰ্বাধিক দীৰ্ঘদিনীয়া চৰকাৰৰ মুৰব্বী হিচাপে পৰিগণিত হৈছে। প্ৰথমে গুজৰাটৰ মুখ্যমন্ত্ৰী হিচাপে আৰু এতিয়া প্ৰধানমন্ত্ৰী হিচাপে দেশ প্ৰথম শাসনৰ প্ৰতি গভীৰ সমৰ্পণ, কৰ্মত সততা আৰু প্ৰতিগৰাকী নাগৰিকৰ প্ৰতি অক্লান্ত সেৱাৰ ড়িয়তে তেওঁ নিজকে সমৰ্পিত কৰিছে । এয়া অভূতপূৰ্ব আস্থা আৰু অতুলনীয় সেৱাৰ এক বিৰল উদাহৰণ ।”
শ্ৰী অমিত শ্বাহে কয় “মোদীজীয়ে দশক দশক ধৰি কৰা সেৱাই এক যুগৰ সৃষ্টি কৰিছে ।দৰিদ্ৰক তেওঁলোকৰ অধিকাৰ দিয়াই হওক, উন্নয়নৰ ক্ষেত্ৰত নতুন পদক্ষেপ গ্ৰহণ কৰাই হওক বা বিশ্ব মঞ্চত দেশৰ গৌৰৱ বৃদ্ধি কৰাই হওক, মোদী যুগে ভাৰতক নতুন দিশত ৰূপান্তৰিত কৰিছে।এই নতুন ভাৰতক লালন-পালন কৰিবলৈ যি আজীৱন প্ৰচেষ্টাৰ প্ৰয়োজন হৈছিল সেয়া প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীজীয়ে গ্ৰহণ কৰিছে ।দেশ আৰু জনসাধাৰণ বাবে ২৪ বছৰতকৈ অধিক সময় ধৰি ছুটী নোলোৱাকৈয়ে তেওঁ দায়বদ্ধতাৰ কাম কৰিছে ।
***
RK / RR / PS/DM
(ৰিলিজ আই ডি : 2243674)
অতিথি কক্ষ : 7