ভাৰতীয় নিৰ্বাচন আয়োগ
azadi ka amrit mahotsav

নিৰ্বাচন আয়োগৰ আসন্ন বিধানসভা নিৰ্বাচনত জ্যেষ্ঠ, দিব্যাংগ আৰু কৰ্মৰত ভোটদাতা তথা নিৰ্বাচনৰ দায়িত্বত থকা ভোটদাতাসকলক পোষ্টেল বেলট ব্যৱহাৰ কৰি ভোটদান কৰাৰ সুবিধা প্ৰদান

পোষ্ট কৰা হৈছে: 19 MAR 2026 3:42PM by PIB Guwahati

১. ভাৰতীয় নিৰ্বাচন আয়োগে (ই চি আই) অসম, কেৰালা, পুডুচেৰী, তামিলনাডু আৰু পশ্চিমবংগ বিধানসভাৰ সাধাৰণ নিৰ্বাচন আৰু ৬খন ৰাজ্যৰ উপ-নিৰ্বাচনৰ সময়সূচী ঘোষণা কৰিছে। অসম, কেৰালা আৰু পুডুচেৰীৰ বাবে সময়সূচী অনুসৰি ২০২৬ চনৰ ১৬ মাৰ্চত জাননী জাৰি কৰা হয়।

২. জনসাধাৰণৰ প্ৰতিনিধিত্ব আইন, ১৯৫১-ৰ ধাৰা ৬০ (চি) অনুসৰি আয়োগে জাননী জাৰি কৰিছে যে ৮৫ বছৰতকৈ অধিক বয়সৰ আৰু নিৰ্বাচক তালিকাত চিহ্নিত কৰা দিব্যাংগ ব্যক্তিসকলে (পিডব্লিউডি) ডাকৰ বেলটৰ জৰিয়তে ভোটদান কৰিব পাৰে।

৩. এনে নিৰ্বাচকসকলে ১২ডি প্ৰ-পত্ৰ ব্যৱহাৰ কৰি এই সুবিধা লাভ কৰিব পাৰে আৰু নিৰ্বাচনৰ জাননী দিয়াৰ ৫ দিনৰ ভিতৰত তেওঁলোকৰ বিএলঅ’ৰ জৰিয়তে ৰিটাৰ্ণিং বিষয়াৰ ওচৰত দাখিল কৰিব পাৰিব। নিৰ্বাচনী দলসমূহে নিজৰ ঘৰত নিজৰ ভোট সংগ্ৰহ কৰিব, নিৰ্ধাৰিত সময়সূচী অনুসৰি, যিটো সংশ্লিষ্ট ৰিটাৰ্ণিং বিষয়াসকলে প্ৰস্তুত কৰিব লাগিব আৰু লগতে প্ৰাৰ্থীসকলৰ সৈতেও শ্বেয়াৰ কৰিব লাগিব।

৪. ভোটগ্ৰহণৰ দিনা অত্যাৱশ্যকীয় সেৱাত থকা নিৰ্বাচকে তেওঁলোকৰ নিজ বিভাগৰ মনোনীত নোডেল বিষয়াৰ জৰিয়তে ডাক বেলট সুবিধাৰ বাবে আবেদন কৰিব পাৰে। অগ্নিনিৰ্বাপক সেৱা, স্বাস্থ্য, বিদ্যুৎ, যান-বাহন, এম্বুলেন্স সেৱা, বিমান পৰিবহণ, দীৰ্ঘ দূৰত্বৰ চৰকাৰী পথ পৰিবহণ নিগম আদিৰ দৰে অত্যাৱশ্যকীয় সেৱাসমূহ এই সুবিধাৰ অধীনত সামৰি লোৱা হৈছে।

. নিৰ্বাচন আয়োগৰ দ্বাৰা ভোটগ্ৰহণৰ দিনটোৰ প্ৰচাৰৰ বাবে অনুমোদিত সংবাদ মাধ্যমৰ ব্যক্তিসকলকো অত্যাৱশ্যকীয় সেৱাত অনুপস্থিত ভোটাদাতাৰ শ্ৰেণীত অন্তৰ্ভুক্ত কৰা হৈছে আৰু তেওঁলোক ডাক বেলট সুবিধাৰ অধিকাৰী।

. নিৰ্বাচনৰ দায়িত্ব পালন কৰা এগৰাকী ভোটদাতাই তেওঁৰ ডাক বেলট লাভ কৰিব, তাত তেওঁৰ ভোট লিপিবদ্ধ কৰিব আৰু এই সুবিধা থকা কেন্দ্ৰত ঘূৰাই দিব। ই চি আই-এ এই সন্দৰ্ভত নিৰ্দেশনা জাৰি কৰিছে যাতে ভোটদাতাসকলৰ বাবে সম্পূৰ্ণ গোপনীয়তাৰে ভোটদান নিশ্চিত কৰা হয়।

৭. প্ৰতিদ্বন্দ্বিতা কৰা প্ৰাৰ্থীৰ তালিকা চূড়ান্ত কৰাৰ লগে কৰ্মৰত ভোটদাতাসকলক ইলেক্ট্ৰনিকেলী ট্ৰেন্সমিটেড পোষ্টেল বেলট চিষ্টেম (ই টি পি বি এছ)ৰ জৰিয়তে ৰিটাৰ্ণিং অফিচাৰে ইলেক্ট্ৰনিকভাৱে তেওঁলোকৰ ডাক বেলট প্ৰেৰণ কৰিব। কৰ্মৰত ভোটদাতাসকলে ডাক সেৱাৰ ব্যয় বহন কৰাৰ প্ৰয়োজন নাই।

৮. ভোট গণনাৰ দিনা অৰ্থাৎ ২০২৬ চনৰ ৪ মে'ৰ পুৱা ৮ বজাৰ ভিতৰত প'ষ্টেল বেলেট সংশ্লিষ্ট ৰিটাৰ্ণিং বিষয়াৰ (আৰ অ')-ৰ ওচৰত জমা দিব লাগিব।

৯. ৰিটাৰ্ণিং বিষয়া (আৰ ও)/জিলা নিৰ্বাচন বিষয়া (ডি ই অ') ক ওপৰোক্ত ব্যৱস্থাসমূহৰ বিষয়ে ৰাজনৈতিক দল/প্ৰতিদ্বন্দ্বিতা কৰা প্ৰাৰ্থীসকলক অৱগত কৰিবলৈ নিৰ্দেশ দিয়া হৈছে।

**********

PK/GDH/RP/MP


(ৰিলিজ আই ডি : 2242517) অতিথি কক্ষ : 13
ত এই ৰিলিজটো পঢ়ক: Urdu , English , Gujarati , हिन्दी , Bengali , Tamil , Malayalam