গৃহ মন্ত্ৰালয়
কেন্দ্ৰীয় গৃহ তথা সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহৰ উগাদি, গুড়ি পাড়ৱা, নৱৰেহ, সাজিবু চেইৰাওবা আৰু চেটি চান্দ উপলক্ষে শুভেচ্ছা জ্ঞাপন
নতুন বছৰক আদৰণি জনোৱা উগাদি উৎসৱে সকলোৰে জীৱনত আনন্দ, একতা আৰু সমৃদ্ধি কঢ়িয়াই আনক
বিজয়, সমৃদ্ধি আৰু সৌভাগ্যৰ প্ৰতীক গুড়ি পাড়ৱাই সকলোৰে জীৱনত নতুন শক্তি আৰু অসীম আনন্দ কঢ়িয়াই আনক
শুভ নৱৰেহ উপলক্ষে আমাৰ কাশ্মীৰী পণ্ডিত ভাতৃ-ভগ্নীসকলক উষ্ম শুভেচ্ছা জনাইছো
ছাজিবু চেইৰাওবাই আমাৰ সংস্কৃতিৰ শিপা শক্তিশালী কৰক আৰু সকলোকে সুখ তথা প্ৰাচুৰ্যতাৰ আশীৰ্বাদ দিয়ক
ভগৱান ঝুলেলালৰ জয়ন্তী আৰু চেটি চান্দ উৎসৱ উপলক্ষে সিন্ধি সম্প্ৰদায়ৰ সকলো ভাই-ভনীলৈ মোৰ আন্তৰিক শুভেচ্ছা জনাইছো
পোষ্ট কৰা হৈছে:
19 MAR 2026 12:14PM by PIB Guwahati
কেন্দ্ৰীয় গৃহ তথা সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে বিভিন্ন অঞ্চলত উদযাপন কৰা পৰম্পৰাগত নৱবৰ্ষ উৎসৱ উপলক্ষে দেশৰ জনসাধাৰণক উষ্ম শুভেচ্ছা জ্ঞাপন কৰে।
এক্সৰ এলানি পোষ্টত শ্ৰী অমিত শ্বাহে কয়, "কৰ্ণাটকৰ জনসাধাৰণক আন্তৰিক উগাদিৰ শুভেচ্ছা জনাইছো। নতুন বছৰক আদৰণি জনোৱা এই উৎসৱে সকলোৰে জীৱনত আনন্দ, একতা আৰু সমৃদ্ধি কঢ়িয়াই আনক।"
গৃহ মন্ত্ৰী শ্ৰী অমিত শ্বাহে তেলেগু সম্প্ৰদায়ক শুভেচ্ছা জ্ঞাপন কৰি কয়, "পৰভৱ নম সম্বৎসৰ উপলক্ষে সকলো তেলেগু জনসাধাৰণক উগাদিৰ আন্তৰিক শুভেচ্ছা জনাইছো। মই আন্তৰিকতাৰে কামনা কৰোঁ যে এই নৱবৰ্ষই আপোনালোকৰ জীৱনত শান্তি, সুস্বাস্থ্য আৰু আনন্দ কঢ়িয়াই আনিব।"
শ্ৰী অমিত শ্বাহে গুড়ি পড়ৱা উপলক্ষে এটা বাৰ্তা পোষ্ট কৰি কয়, " উৎসাহ আৰু জীৱনীশক্তিৰ পৱিত্ৰ উৎসৱ শুভ গুড়ি পড়ৱা উপলক্ষে দেশৰ সকলো জনসাধাৰণলৈ আন্তৰিক শুভেচ্ছা! বিজয়, সমৃদ্ধি আৰু সৌভাগ্যৰ প্ৰতীক এই উৎসৱে সকলোৰে জীৱনত নতুন শক্তি আৰু অপৰিসীম আনন্দ কঢ়িয়াই আনক-এয়াই মোৰ আন্তৰিক কামনা।"
নৱৰেহ উপলক্ষে শুভেচ্ছা জ্ঞাপন কৰি শ্ৰী অমিত শ্বাহে কয়, " শুভ নৱৰেহ উপলক্ষে আমাৰ কাশ্মীৰী পণ্ডিত ভাতৃ-ভগ্নীসকলক উষ্ম শুভেচ্ছা জনালোঁ। নতুন বছৰটোৱে সকলোৰে বাবে সুখ, শান্তি, সুস্বাস্থ্য আৰু সমৃদ্ধি কঢ়িয়াই আনক।"
ছাজিবু চেইৰাওবা উপলক্ষে মণিপুৰৰ জনসাধাৰণক শুভেচ্ছা জনাই গৃহ মন্ত্ৰী শ্ৰী অমিত শ্বাহে কয়, "ছাজিবু চেইৰাওবা উপলক্ষে মণিপুৰৰ আমাৰ ভাতৃ-ভগ্নীসকলক শুভেচ্ছা জনাইছো। এই নতুন বছৰটোৱে আমাৰ সংস্কৃতিৰ শিপা শক্তিশালী কৰক আৰু সকলোকে সুখ আৰু প্ৰাচুৰ্যতাৰ আশীৰ্বাদ দিয়ক "
চেটি চান্দ উৎসৱত সিন্ধি সম্প্ৰদায়ক শুভেচ্ছা জনাই কেন্দ্ৰীয় গৃহ মন্ত্ৰীয়ে কয়, "ভগৱান ঝুলেলালৰ জয়ন্তী আৰু চেটি চান্দ উৎসৱত সিন্ধি সম্প্ৰদায়ৰ সকলো ভাই-ভনীলৈ মোৰ আন্তৰিক শুভেচ্ছা জনাইছো। ভগৱান ঝুলেলালে প্ৰদান কৰা পাৰস্পৰিক সম্প্ৰীতিৰ বাৰ্তা মানৱ সমাজৰ বাবে চিৰকাল অনুপ্ৰেৰণাৰ উৎস হৈ থাকিব। মই ভগৱান ঝুলেলালক সকলোৰে কল্যাণৰ বাবে প্ৰাৰ্থনা জনাইছো।"
***
RK/PR/PS/SC/MK
(ৰিলিজ আই ডি : 2242370)
অতিথি কক্ষ : 11