প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
পশ্চিম বংগৰ কলকাতাত উন্নয়নমূলক কাম আৰম্ভ কৰাৰ সময়ত প্ৰধানমন্ত্ৰীয়ে দিয়া ভাষণৰ অসমীয়া অনুবাদ
পোষ্ট কৰা হৈছে:
14 MAR 2026 4:46PM by PIB Guwahati
ৰাজ্যপাল শ্ৰী আৰ এন ৰবি জী, কেন্দ্ৰীয় মন্ত্ৰীসভাৰ মোৰ সহযোগী শান্তনু ঠাকুৰ জী, সুকান্ত মজুমদাৰ জী, পশ্চিম বংগৰ বিৰোধী দলপতি শুভেন্দু অধিকাৰী জী, মোৰ সতীৰ্থ সংসদ সদস্য শমিক ভট্টাচাৰ্য জী, অন্যান্য জনপ্ৰতিনিধি, ভদ্ৰলোক-ভদ্ৰ মহিলাসকল,
আজি কলকাতাৰ মাটিৰ পৰা পশ্চিমবংগ আৰু পূব ভাৰতৰ বাবে উন্নয়নৰ এক নতুন অধ্যায় ৰচনা কৰা হৈছে। ১৮ হাজাৰ কোটি টকাৰো অধিক মূল্যৰ পথ, ৰে'লৱে, বন্দৰ আন্তঃগাঁথনি প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰা হৈছে। এই প্ৰকল্পসমূহে পশ্চিম বংগ আৰু পূব ভাৰতক নতুন গতি প্ৰদান কৰিব, বাণিজ্য আৰু উদ্যোগক প্ৰসাৰিত কৰিব, লাখ লাখ লোকৰ জীৱন সহজ কৰি তুলিব আৰু নতুন সুযোগ প্ৰদান কৰিব। খড়গপুৰ–মৰেগ্ৰাম এক্সপ্ৰেছৱেৰ নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ লগে লগে পশ্চিমবংগৰ বহু ঠাইত অৰ্থনৈতিক কাৰ্যকলাপ ত্বৰান্বিত হ’ব। দুবৰাজপুৰ বাইপাছ, আৰু কংশাবাটি আৰু শিলাবতী নদীৰ ওপৰত নিৰ্মাণ হৈ থকা বৃহৎ দলংসমূহে সংযোগ আৰু অধিক উন্নত কৰিব। এই প্ৰকল্পসমূহৰ বাবে পশ্চিমবংগ আৰু পূব ভাৰতৰ জনসাধাৰণলৈ মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ।
বন্ধুসকল,
আজি দেশৰ ৰেলপথ আধুনিকীকৰণৰ বাবে এক দ্ৰুত অভিযান চলি আছে। আমাৰ সংকল্প পশ্চিম বংগ এই অভিযানত পিছ পৰি নাযাব! সেয়ে পশ্চিম বংগৰ ৰে’ল আন্তঃগাঁথনি সম্প্ৰসাৰণৰ বাবে কেন্দ্ৰীয় চৰকাৰে পদক্ষেপ গ্ৰহণ কৰিছে। আজি কলাইকুণ্ড আৰু কণিমাহুলী খণ্ডত স্বয়ংক্ৰিয় ব্লক চিগনেলিং ব্যৱস্থা জাতিৰ বাবে উৎসৰ্গা কৰা হৈছে। ইয়াৰ ফলত ব্যস্ত ৰে'লপথৰ ক্ষমতা বৃদ্ধি পাব, যাত্ৰা সুৰক্ষিত হ’ব, আৰু যাত্ৰীসকলৰ গতি আৰু সুবিধা বৃদ্ধি পাব।
বন্ধুসকল,
আজি ছটা ষ্টেচন-কামাখ্যাগুৰী,অনাৰা, তামলুক, হালদিয়া, বাৰাভূম, আৰু ছিউৰী-অমৃত ষ্টেচন হিচাপে উদ্বোধন কৰা হৈছে। বংগৰ মহান সংস্কৃতি এতিয়া এই ষ্টেচনসমূহত আৰু অধিক উজ্জ্বলতাৰে জিলিকি উঠিছে। ইয়াত আৰু বহুতো ষ্টেচনৰ পুনৰ উন্নয়ন কৰা হৈছে। পুৰুলীয়া আৰু আনন্দ বিহাৰ টাৰ্মিনেলৰ মাজত নতুন এক্সপ্ৰেছ ৰে'ল সেৱাও ফ্লেগ অফ কৰা হৈছে। এই ৰে'ল সেৱাই কেৱল পশ্চিম বংগৰ জনসাধাৰণকে নহয়, ঝাৰখণ্ড, বিহাৰ, উত্তৰ প্ৰদেশ, আৰু দিল্লীৰ জনসাধাৰণকো উপকৃত কৰিব।
বন্ধুসকল,
পথ আৰু ৰে’ল সংযোগ যেনেকৈ গুৰুত্বপূৰ্ণ, বন্দৰ আৰু জল পৰিবহণেও গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। দশক দশক ধৰি এই ক্ষেত্ৰত পূব ভাৰতৰ সম্ভাৱনাক অৱহেলা কৰা হৈছিল। কিন্তু আজি জলপথসমূহে বাণিজ্য আৰু উদ্যোগিক অগ্ৰগতিৰ বাবে নতুন বাট মুকলি কৰিছে। এই দিশত আজি গুৰুত্বপূৰ্ণ বন্দৰ আন্তঃগাঁথনি প্ৰকল্প উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰা হৈছে। কলকাতা আৰু হালদিয়াৰ দৰে বন্দৰসমূহ দীৰ্ঘদিন ধৰি পূব ভাৰতৰ বাণিজ্যৰ প্ৰধান কেন্দ্ৰ হৈ আহিছে। হালদিয়া ডক কমপ্লেক্সৰ যান্ত্ৰিকীকৰণৰ কাম চলি আছে। ইয়াৰ ফলত মালবাহী অভিযান ক্ষিপ্ৰ হ’ব, বন্দৰৰ ক্ষমতা বৃদ্ধি পাব, আৰু বাণিজ্যৰ বাবে নতুন সুবিধাৰ সৃষ্টি হ’ব। কলকাতা ডক চিষ্টেমত থকা বাস্কুল দলংখনৰ সংস্কাৰৰ কামো চলি আছে। আমি খিদৰপুৰ ডকত কাৰ্গো হেণ্ডলিং ক্ষমতা বৃদ্ধিৰ ওপৰতো গুৰুত্ব আৰোপ কৰিছো। এই সকলোবোৰ প্ৰকল্পই পূব ভাৰতৰ লজিষ্টিক ব্যৱস্থা শক্তিশালী কৰিব।
বন্ধুসকল,
পথ, ৰেলপথ, বন্দৰৰ সৈতে জড়িত এই নতুন প্ৰকল্পসমূহে পশ্চিম বংগৰ আধুনিক ভৱিষ্যতৰ বাবে নতুন পথ মুকলি কৰিছে। কৃষক, ব্যৱসায়ী, উদ্যোগী, ছাত্ৰ-ছাত্ৰী-সকলোৱে উপকৃত হব। পৰ্যটনৰ দৰে খণ্ডতো নতুন সুযোগৰ সৃষ্টি হ’ব৷ স্থানীয় উদ্যোগ আৰু সেৱাসমূহে গতি লাভ কৰিব। আমাৰ সংকল্প এই যে ভাৰতক সদায় পথ প্ৰদৰ্শন কৰা বংগে পুনৰবাৰ সেই গৌৰৱ লাভ কৰক ‘উন্নত বংগ’ হৈ।মই সম্পূৰ্ণ বিশ্বাসী যে শক্তিশালী সংযোগ আৰু আধুনিক আন্তঃগাঁথনিয়ে এখন উন্নত বংগৰ ভেটি গঠন কৰিব। এই কামনাৰে এই উন্নয়নমূলক প্ৰকল্পসমূহৰ বাবে আপোনালোক সকলোকে পুনৰবাৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। এতিয়া এই চৰকাৰী কাৰ্যসূচী সমাপ্ত হোৱাৰ লগে লগে মই সেই মুকলি খেলপথাৰলৈ যাম য’ত সমগ্ৰ বংগৰ সমাগম হৈছে। বংগবাসীক লগ পোৱাৰ লগতে তেওঁলোকৰ মাজত অতি গুৰুত্বপূৰ্ণ বিষয়বোৰ আলোচনা কৰাৰ সৌভাগ্য লাভ কৰিম। এই অনুষ্ঠানৰ বাবে এইখিনিয়েই যথেষ্ট।
আপোনাক অশেষ ধন্যবাদ!
সকলোলৈ শুভেচ্ছা!
ঘোষণা : এয়া প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদহে। তেওঁ মূল ভাষণটো হিন্দীত দিছিল
****
MJPS/VJ/ST/DM
(ৰিলিজ আই ডি : 2240285)
অতিথি কক্ষ : 6