গৃহ মন্ত্ৰালয়
সকলো অংশীদাৰৰ সৈতে গঠনমূলক আৰু অৰ্থপূৰ্ণ আলোচনাৰ সুবিধাৰ বাবে লাডাখত শান্তি, স্থিতিশীলতা আৰু পাৰস্পৰিক বিশ্বাসৰ পৰিৱেশ গঢ়ি তোলাৰ বাবে চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ
এই উদ্দেশ্যক আগুৱাই নিয়াৰ দিশত আৰু যথাযথ বিবেচনাৰ অন্তত চৰকাৰ/এম এইচ এই শ্ৰী সোণম ৱাংচুকৰ আটক তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ বাতিল কৰাৰ সিদ্ধান্ত লৈছে
চৰকাৰে লাডাখৰ সুৰক্ষাৰ বাবে প্ৰয়োজনীয় সকলো ব্যৱস্থা প্ৰদানৰ প্ৰতিশ্ৰুতি পুনৰবাৰ প্ৰকাশ কৰে
পোষ্ট কৰা হৈছে:
14 MAR 2026 11:26AM by PIB Guwahati
২০২৫ চনৰ ২৪ ছেপ্টেম্বৰত শান্তিপূৰ্ণ লেহ চহৰত উদ্ভৱ হোৱা গুৰুতৰ আইন-শৃংখলা পৰিস্থিতিৰ পটভূমিত জনশৃংখলা বৰ্তাই ৰখাৰ উদ্দেশ্যে লেহুৰ জিলা দণ্ডাধীশে জাৰি কৰা আদেশ অধীনত ২০২৫ চনৰ ২৬ ছেপ্টেম্বৰত ৰাষ্ট্ৰীয় নিৰাপত্তা আইন (এন এছ এ)ৰ বিধান অনুসৰি শ্ৰী সোণম ৱাংচুকক আটক কৰি ৰখা হৈছিল। শ্ৰী সোণম ৱাংচুকে ইতিমধ্যে উক্ত আইনৰ অধীনত কৰা আটকৰ প্ৰায় আধা সময় পাৰ কৰিছে।
অঞ্চলটোৰ জনসাধাৰণৰ আকাংক্ষা আৰু উদ্বেগসমূহৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে লাডাখৰ বিভিন্ন অংশীদাৰ আৰু নাগৰিক সমাজৰ নেতাৰ সৈতে সক্ৰিয়ভাৱে যোগাযোগ কৰি আহিছে। কিন্তু বন্ধ আৰু প্ৰতিবাদৰ পৰিৱেশ সমাজৰ শান্তিপ্ৰেমী চৰিত্ৰৰ বাবে ক্ষতিকাৰক হোৱাৰ লগতে সমাজৰ বিভিন্ন শ্ৰেণীত ই বিৰূপ প্ৰভাৱ পেলাইছে, যাৰ ফলত ছাত্ৰ-ছাত্ৰী, চাকৰি-আকাংক্ষী, ব্যৱসায়ী, পৰ্যটন পৰিচালক আৰু পৰ্যটক তথা সামগ্ৰিক অৰ্থনীতি আদিতো ভয়ংকৰ প্ৰভাৱ পৰিছে।
লাডাখত শান্তি, স্থিতিশীলতা আৰু পাৰস্পৰিক বিশ্বাসৰ পৰিৱেশ গঢ়ি তোলাৰ বাবে চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ, যাতে সকলো অংশীদাৰৰ সৈতে গঠনমূলক আৰু অৰ্থপূৰ্ণ আলোচনাৰ সুবিধা হয়। এই উদ্দেশ্যক আগুৱাই নিয়াৰ বাবে আৰু যথাযথ বিবেচনাৰ অন্তত চৰকাৰে ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ অধীনত উপলব্ধ ক্ষমতা ব্যৱহাৰ কৰি শ্ৰী সোণম ৱাংচুকৰ আটক তাৎক্ষণিকভাৱে বাতিল কৰাৰ সিদ্ধান্ত লৈছে।
চৰকাৰে লাডাখৰ সুৰক্ষাৰ বাবে প্ৰয়োজনীয় সকলো ব্যৱস্থা প্ৰদানৰ প্ৰতিশ্ৰুতি পুনৰবাৰ প্ৰকাশ কৰিছে। আশা কৰা হৈছে যে উচ্চ ক্ষমতাসম্পন্ন সমিতি আৰু অন্যান্য উপযুক্ত মঞ্চকে ধৰি গঠনমূলক সহযোগিতা আৰু আলোচনাৰ জৰিয়তে অঞ্চলটোৰ সৈতে জড়িত সমস্যাসমূহ সমাধান কৰা হ’ব।
*****
RK / RR / PS/ KD
(ৰিলিজ আই ডি : 2240096)
অতিথি কক্ষ : 7