কৃষি মন্ত্ৰালয়
azadi ka amrit mahotsav

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধিৰ ২২ সংখ্যক কিস্তি মুকলি কৰিব, ইয়াৰ জৰিয়তে ৯.৩২ কোটি কৃষকলৈ ১৮,৬৪০ কোটি টকাৰ প্ৰত্যক্ষ লাভ আগবঢ়োৱা হ’ব

অসমৰ গুৱাহাটীত আয়োজিত এক কাৰ্য্যসূচীত প্ৰত্যক্ষ লাভ হস্তান্তৰৰ জৰিয়তে এই পুঁজি কৃষকসকলৰ একাউন্টত সোমাবগৈ

২.১৫ কোটিৰো অধিক মহিলা কৃষকেও তেওঁলোকৰ একাউন্টত পিএম সন্মান নিধিৰ ধনৰাশি লাভ কৰিব

অভিলেখ পৰিমাণৰ খাদ্য শস্যৰ উৎপাদন বৃদ্ধি, ২৮.৬৯ লাখ কোটি টকাৰ কৃষি ঋণৰ ব্যৱস্থা, কৃষক সকলৰ বাবে এআই-ভিত্তিক ‘ভাৰত বিস্তাৰ’ প্লেটফৰ্মৰ শুভাৰম্ভ কৰা হৈছেঃ কেন্দ্ৰীয় কৃষি মন্ত্ৰী শ্ৰী শিৱৰাজ সিং চৌহান

শস্য উৎপাদনৰ ক্ষেত্ৰত ভাৰত বিশ্ব শক্তিত পৰিণত হৈছে; খাদ্য শস্যৰ উৎপাদন ৩৫৭ নিযুত টন হৈছেঃ শ্ৰী চৌহান

পোষ্ট কৰা হৈছে: 12 MAR 2026 3:50PM by PIB Guwahati

কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ তথা গ্ৰামোন্নয়ন দপ্তৰৰ মন্ত্ৰী শ্ৰী শিৱৰাজ সিং চৌহানে আজি বাসগৃহত সাংবাদিক সকলক সম্বোধন কৰে। ভাষণত তেওঁ উল্লেখ কৰে যে কৃষি খণ্ডত অভূতপূৰ্ব অগ্ৰগতি আৰু ভাৰত চৰকাৰৰ কৃষক সকলৰ কল্যাণ সাধনৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ অৰ্থাৎ ১৩ মাৰ্চত অসমৰ গুৱাহাটীত আয়োজিত এক কাৰ্য্যসূচীত প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি (PM-Kisan) আঁচনিৰ ২২ সংখ্যক কিস্তি হিচাপে দেশৰ ৯.৩২ কোটি কৃষকৰ একাউন্টলৈ পোনপটীয়াকৈ ১৮,৬৪০ কোটি টকা হস্তান্তৰ কৰিব।

ইয়াত কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী শিৱৰাজ সিঙে জনাই যে প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি আঁচনিৰ অধীনত এতিয়ালৈকে ডিবিটি-ৰ জৰিয়তে ৪,০৯,০০০ কোটিৰো অধিক টকা হস্তান্তৰ কৰা হৈছে। বিশেষকৈ ২.১৫ কোটিৰো অধিক মহিলা কৃষকো ইয়াত অন্তৰ্ভুক্ত হৈছে। তেওঁ কয় যে অধ্যয়নত দেখা গৈছে যে এই প্ৰত্যক্ষ আৰ্থিক সাহায্যৰ ফলত কৃষি বিনিয়োগ বৃদ্ধি পাইছে আৰু কৃষকৰ ধনদাতাৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস পাইছে, ইয়াৰ ফলশ্ৰুতিত গ্ৰাম্য অৰ্থনীতি শক্তিশালী হৈছে। শ্ৰী শিৱৰাজ সিঙে কয় যে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত কৃষি উন্নয়ন আৰু কৃষক সকলৰ কল্যাণ সাধনৰ মহা ‘যজ্ঞ’ নিৰৱচ্ছিন্নভাৱে অব্যাহত থাকিব।

যোৱা এটা দশকত কৃষি খণ্ডত লাভ কৰা সাফল্যৰাজি

সাংবাদিকসকলক সম্বোধন কৰি শ্ৰী শিৱৰাজ সিং চৌহানে বিগত ১২ বছৰত ভাৰত চৰকাৰে কৃষি খণ্ডত লাভ কৰা অগ্ৰগতি সন্দৰ্ভত আলোকপাত কৰি কয় যে শস্যৰ নাটনিৰ সন্মুখীন হোৱা দেশৰ পৰা ভাৰত এতিয়া বিশ্ব শক্তি হিচাপে পৰিগণিত হৈছে। এয়া হৈছে চৰকাৰৰ নীতি আৰু কৃষক ৰাইজৰ কঠোৰ পৰিশ্ৰমৰ ফলশ্ৰুতি। তেওঁ অৱগত কৰে যে ১৫০ নিযুত টন চাউল উৎপাদনেৰে ভাৰতে এতিয়া চীনক অতিক্ৰম কৰি এই ক্ষেত্ৰত বিশ্বৰ এক নং স্থান দখল কৰিছে।

কেন্দ্ৰীয় কৃষি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে ২০১৪-ত মুঠ খাদ্য শস্যৰ উৎপাদন ২৫২ নিযুত টনৰ তুলনাত এতিয়া দেশৰ মুঠ খাদ্য শস্যৰ উৎপাদন ৩৫৭ নিযুত টনলৈ বৃদ্ধি পাইছে। উদ্যান শস্যৰো উল্লেখযোগ্য বিকাশ হৈছে। ফল-মূলৰ উৎপাদন ২৭৭ নিযুত টনৰ পৰা ৩৬৯ নিযুত টনলৈ বৃদ্ধি পাইছে। তেওঁ কয় যে আজি ভাৰত দাইল উৎপাদনৰ ক্ষেত্ৰত আত্ম-নিৰ্ভৰতাৰ দিশত আগবাঢ়িছে। আজি ভাৰত দাইলৰ সৰ্বাধিক উৎপাদক আৰু উপভোক্তা। চৰকাৰে অভিলেখ পৰিমাণৰ মাটিমাহ, মচুৰ, ৰহৰ দাইল ক্ৰয় কৰিছে।

শ্ৰী শিৱৰাজ সিঙে কয় যে কৃষকসকলক সহায় কৰিবলৈ চৰকাৰে ‘ভাৰত বিস্তাৰ’ নামেৰে প্ৰথম পৰ্য্যায়ৰ এআই ডিজিটেল প্লেটফৰ্মৰ শুভাৰম্ভ কৰিছে। ইয়াৰ জৰিয়তে কৃষকসকলে মাত্ৰ এটা ফোন কলৰ জৰিয়তেই স্থানীয় ভাষাত কৃষি সম্পৰ্কীয় সকলো তথ্য লাভ কৰিব পাৰিব। বিগত বছৰ কেইটাত আমি এমএছপি-ত অভিলেখ পৰিমাণৰ ঘেঁহু, ধান, কপাহ, তৈলবীজ আৰু মাহজাতীয় শস্য ক্ৰয় কৰিছো তথা কৃষক ৰাইজে সুলভ মূল্যত সাৰ ক্ৰয় কৰাটো নিশ্চিত কৰিছো।

বিত্তীয় নিৰাপত্তাৰ ক্ষেত্ৰতো গুৰুত্বপূৰ্ণ সংস্কাৰ সাধন

কেন্দ্ৰীয় কৃষি মন্ত্ৰীজনে উল্লেখ কৰে যে ২০১৪-ত ৮,৪৫,০০০ কোটি টকাৰ কৃষি ঋণ এতিয়া ২৮,৬৯,০০০ কোটি টকালৈ বৃদ্ধি পাইছে। শস্য বীমা আঁচনিৰ অধীনত প্ৰায় ২ লাখ কোটি টকাৰ ক্লেইম কৃষক সকলৰ একাউন্টত জমা হৈছে। ইয়াৰ লগতে বাজেটো ব্যাপক বৃদ্ধি কৰা হৈছে। ইউপিএ চৰকাৰৰ দিনত ২৭,০০০ কোটি টকাৰ কৃষি বাজেট এতিয়া বছৰি ১.৪০ লাখ কোটি টকাৰো অধিকলৈ বৃদ্ধি পাইছে।

*****


RC/MS/AD/DK/MK/SB


(ৰিলিজ আই ডি : 2239321) অতিথি কক্ষ : 40