প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে তামিলনাডুৰ তিৰুচিৰাপল্লীত প্ৰায় ৫,৬৫০ কোটি টকা মূল্যৰ একাধিক উন্নয়নমূলক প্ৰকল্প উদ্বোধন, ৰাষ্ট্ৰলৈ উৎসৰ্গা, আধাৰশিলা স্থাপন আৰু ফ্লেগ অফ কৰে

স্বচ্ছ শক্তিৰ বাবে আন্তঃগাঁথনি, পেট্ৰলিয়াম-সম্পৰ্কীয় উৎপাদন, ঘাইপথ, ৰেলপথ আৰু গ্ৰামীণ পথেৰে সম্পৰ্কীয় এই প্ৰকল্পসমূহে শক্তি লাভ, যোগাযোগ ব্যৱস্থাৰ বৰ্ধন ঘটাব আৰু তামিলনাডুৰ যুৱক-যুৱতীসকলৰ বাবে হাজাৰ-হাজাৰ নিয়োগ সৃষ্টি কৰিবঃ প্ৰধানমন্ত্ৰী

আজি চেন্নাইৰ ভাৰতীয় তেল নিগমৰ লুব ব্লেণ্ডিং প্ৰকল্পটো ৰাষ্ট্ৰৰ বাবে উৎসৰ্গা কৰা হৈছে, এয়া বিশ্বৰ অন্যতম বৃহৎ সুবিধাঃ প্ৰধানমন্ত্ৰী

আমি আজি ৩৭০ কিমি দৈৰ্ঘ্যৰ গ্ৰামীণ পথ উদ্বোধন কৰিছো, সামগ্ৰিকভাৱে প্ৰতিটো পথেই গ্ৰাম্য অৰ্থনীতিক সমৃদ্ধ কৰে আৰু ইজ অৱ লিভিঙৰ বৰ্ধন ঘটায়ঃ প্ৰধানমন্ত্ৰী

একাধিক নতুন ৰেল সেৱাৰ ফ্লেগ অফ কৰা হৈছে, যিয়ে পৰ্যটন, স্থানীয় অৰ্থনীতিৰ বৰ্ধন ঘটাব আৰু যুৱক-যুৱতীসকলৰ বাবে বহু চাকৰিৰ সৃষ্টি কৰিবঃ প্ৰধানমন্ত্ৰী

আমাৰ লক্ষ্য হৈছে এখনি বিকশিত ভাৰতৰ বাবে এখনি বিকশিত তামিলনাডু গঢ়াঃ প্ৰধানমন্ত্ৰী

পোষ্ট কৰা হৈছে: 11 MAR 2026 7:03PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ঐতিহাসিক চহৰ ত্ৰিচি ভ্ৰমণ কৰি তামিলনাডুৰ আন্তঃগাঁথনি আৰু অৰ্থনীতিক শক্তিশালী কৰাৰ লক্ষ্যৰে এলানি ৰূপান্তৰশীল উন্নয়নমূলক প্ৰকল্পৰ শুভাৰম্ভ কৰে। মুঠ পাঁচ হাজাৰ ছশ কোটি টকা বিনিয়োগ সাপেক্ষে এই পদক্ষেপসমূহে স্বচ্ছ শক্তি, পেট্ৰলিয়াম-সম্পৰ্কীয় উৎপাদন আৰু ঘাইপথ, ৰেলপথ তথা গ্ৰামীণ পথৰ জৰিয়তে মাল্টি-মডেল সংযোগ বৃদ্ধিক সামৰি লৈছে। ইয়াত সমবেতসকলক সম্বোধনেৰে প্ৰধানমন্ত্ৰীয়ে কয়, “এই প্ৰকল্পসমূহে শক্তি লাভ, যোগাযোগ ব্যৱস্থাৰ বৰ্ধন ঘটাব আৰু তামিলনাডুৰ যুৱক-যুৱতীসকলৰ বাবে হাজাৰ-হাজাৰ নিয়োগ সৃষ্টি কৰিব।”

বহনক্ষম শক্তিৰ ওপৰত গুৰুত্ব আৰোপ কৰি প্ৰধানমন্ত্ৰীয়ে ভাৰত পেট্ৰলিয়ামৰ চিটি গেছ বিতৰণ (CGD) নেটৱৰ্কৰ আধাৰশিলা স্থাপন কৰে। এই ৩,৭০০ কোটি টকাৰ প্ৰকল্পই প্ৰায় ৯ লাখ গৃহস্থী আৰু অসংখ্য বাণিজ্যিক প্ৰতিষ্ঠানক পাইপেৰে প্ৰাকৃতিক গেছ (PNG) যোগানেৰে নীলগিৰি আৰু ইৰোড জিলাক ৰূপান্তৰিত কৰিব। ইয়াৰ পাৰিপাৰ্শ্বিক উপযোগিতাৰ ওপৰত আলোকপাত কৰি শ্ৰী মোদীয়ে কয়, “মাত্ৰ আঠ বছৰৰ ভিতৰত এই প্ৰকল্পৰ ইতিবাচক পাৰিপাৰ্শ্বিক প্ৰভাৱ চাৰি কোটি গছপুলি ৰোপণৰ দৰেই হ’ব।”

প্ৰধানমন্ত্ৰীয়ে কয় যে চেন্নাইৰ ভাৰতীয় তেল নিগমৰ লুব ব্লেণ্ডিং প্ৰকল্পটো ৰাষ্ট্ৰলৈ উৎসৰ্গা কাৰ্য্য ‘মেক ইন ইণ্ডিয়া’ পদক্ষেপক শক্তিশালী কৰাৰ দিশত এক উল্লেখযোগ্য পদক্ষেপ। প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে বিশ্বজুৰি এই ধৰণৰ অন্যতম বৃহৎ সুবিধা হিচাপে প্ৰকল্পটোক ৰাজ্যৰ ভিতৰত আৰু বাহিৰৰ ভিন্ন উদ্যোগৰ উচ্চ চাহিদা পূৰণৰ বাবে ডিজাইন কৰা হৈছে। “লুব্ৰিকেন্টৰ স্থানীয় উৎপাদন বৃদ্ধিয়ে আমদানিও হ্ৰাস কৰিব আৰু ৰাষ্ট্ৰৰ ধন ৰাহি কৰিব”, শ্ৰী মোদীয়ে কয়।

প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ অধীনত নিৰ্মিত ৩৭০ কিমি গ্ৰামীণ পথ উদ্বোধন কৰি গ্ৰামীণ যোগাযোগ ব্যৱস্থাৰ গুৰুত্বৰ ওপৰতো আলোকপাত কৰে প্ৰধানমন্ত্ৰীয়ে। এই পথসমূহে গাঁৱৰ লোকসকলক স্বাস্থ্যসেৱা, শিক্ষা আৰু বজাৰসমূহৰ উন্নত সুবিধা প্ৰদান কৰিব বুলি আশা কৰা হৈছে। ইয়াৰ ফলশ্ৰুতিত গ্ৰাম্য অৰ্থনীতি মূলসুঁতিৰ সৈতে একত্ৰিত হ’ব। এই উন্নয়ন সন্দৰ্ভত প্ৰধানমন্ত্ৰীয়ে কয়, ”সামগ্ৰিকভাৱে প্ৰতিটো পথেই গ্ৰাম্য অৰ্থনীতিক সমৃদ্ধ কৰে আৰু ইজ অৱ লিভিঙৰ বৰ্ধন ঘটায়।“

অঞ্চলটোৰ সাংস্কৃতিক ঐতিহ্যক প্ৰতিফলিত কৰি প্ৰধানমন্ত্ৰীয়ে গংগাইকুণ্ড চোলপুৰমত নতুন ঘাইপথ বাইপাছ প্ৰকল্পৰ কথা ঘোষণা কৰে। এই প্ৰকল্পৰ লক্ষ্য হৈছে সম্ৰাট ৰাজেন্দ্ৰ চোলে নিৰ্মাণ কৰা ইউনেস্ক’ৰ স্বীকৃতিপ্ৰাপ্ত বিশাল মন্দিৰটোৰ পবিত্ৰ স্থানেদি গধুৰ যান-বাহনৰ চলাচলৰ পথ সলনি কৰি ইয়াক সুৰক্ষা প্ৰদান কৰা। একেদৰে এই ঐতিহ্য আৰু ইয়াৰ দৰ্শনাৰ্থী উভয়ৰে সুৰক্ষা নিশ্চিত কৰা। এই নতুন আন্তঃগাঁথনি সন্দৰ্ভত শ্ৰী মোদীয়ে কয়, “ইয়াৰ অৰ্থ হৈছে সকলোৰে বাবে উন্নত সুৰক্ষা নিশ্চিত কৰা।”

ভাষণৰ সামৰণিত প্ৰধানমন্ত্ৰীয়ে অমৃত ভাৰত কাৰ্য্যসূচীৰ অধীনত শেহতীয়াকৈ আঠটা ষ্টেচনৰ আধুনিকীকৰণ আৰু পুনৰ উন্নয়নৰ পিছত ৰাজ্যখনৰ পৰিবহণ খণ্ডৰ দ্ৰুত আধুনিকীকৰণৰ ওপৰত আলোকপাত কৰে। আজি নতুন ৰেল সেৱাৰ ফ্লেগ অফ কৰা হয়। ইয়াৰ জৰিয়তে পৰ্যটন আৰু স্থানীয় বাণিজ্যক লাভান্বিত কৰিবলৈ নাগেৰক’ইল, কইম্বাটুৰ, ৰামেশ্বৰম, তিৰুনেলভেলী, মায়লাদুথুৰাই, কাৰাইক্কুডিৰ দৰে গুৰুত্বপূৰ্ণ স্থানসমূহক আন-আন অঞ্চলৰ সৈতে সংযোগ কৰা হয়। ৰাজ্যখনৰ ভৱিষ্যতৰ প্ৰতি নিজৰ দৃষ্টিভংগী পুনৰ দৃঢ় কৰি শ্ৰী মোদীয়ে কয়, “আমি ৰাজ্যখনৰ অগ্ৰগতিৰ বাবে দিনে-নিশাই কাম কৰি আছো আৰু আমি কাম কৰি যাম।“

 

****

MJPS/ PRK/SB


(ৰিলিজ আই ডি : 2238628) অতিথি কক্ষ : 5