গৃহ মন্ত্ৰালয়
azadi ka amrit mahotsav

চিআইএছএফৰ প্ৰতিষ্ঠা দিৱসত চিআইএছএফৰ জোৱানসকলক শুভেচ্ছা জ্ঞাপন কেন্দ্ৰীয় গৃহ তথা সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহৰ

দেশৰ গুৰুত্বপূৰ্ণ সা-সুবিধা সুৰক্ষিত কৰাই হওক বা সংকটৰ সময়ত দেশক সুৰক্ষা প্ৰদান কৰাই হওক, তেওঁলোকৰ সমৰ্পনে দেশপ্ৰেম আৰু পেছাদাৰী মনোভাৱক প্ৰতিফলিত কৰে

দেশৰ বাবে সৰ্বোচ্চ ত্যাগ স্বীকাৰ কৰা শ্বহীদসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি

পোষ্ট কৰা হৈছে: 10 MAR 2026 11:31AM by PIB Guwahati

কেন্দ্ৰীয় গৃহ তথা সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে কেন্দ্ৰীয় ঔদ্যোগিক সুৰক্ষা বাহিনী (চিআইএছএফ)ৰ প্ৰতিষ্ঠা দিৱসত কৰ্মচাৰীসকলক শুভেচ্ছা জ্ঞাপন কৰে। শ্ৰী অমিত শ্বাহে এক্সৰ এটা পোষ্টত কয়, "প্ৰতিষ্ঠা দিৱস' উপলক্ষে চিআইএছএফৰ জোৱানসকলক শুভেচ্ছা জনাইছো। ৰাষ্ট্ৰৰ গুৰুত্বপূৰ্ণ সা-সুবিধাসমূহ সুৰক্ষিত কৰি ৰখাই হওক বা সংকটৰ সময়ত দেশক সুৰক্ষা প্ৰদান কৰাই হওক, তেওঁলোকৰ সমৰ্পণে দেশপ্ৰেম আৰু পেছাদাৰী মনোভাৱক প্ৰতিফলিত কৰে। দেশৰ বাবে সৰ্বোচ্চ ত্যাগ স্বীকাৰ কৰা শ্বহীদসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাইছোঁ।

***

RK/PR/PS/SK/DB


(ৰিলিজ আই ডি : 2237440) অতিথি কক্ষ : 6