প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

সংকল্প, ধৈৰ্য আৰু আত্মবিশ্বাসৰ ওপৰত আলোকপাত কৰি সংস্কৃত হিতোপদেশ শ্বেয়াৰ প্ৰধানমন্ত্ৰীৰ

পোষ্ট কৰা হৈছে: 09 MAR 2026 9:33AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে টি-২০ক্ৰিকেট বিশ্বকাপ জয় কৰি ভাৰতীয় দলটোৱে দেখুৱাইছে যে সংকল্প, ধৈৰ্য আৰু আত্মবিশ্বাসৰ সংমিশ্ৰণ হৈছে জীৱনৰ সফলতাৰ মূল চাবিকাঠি। তেওঁ উল্লেখ কৰে যে এই জয়ে এইটোও দেখুৱাইছে যে সঠিক দিশত কঠোৰ পৰিশ্ৰম কৰিলে প্ৰতিটো লক্ষ্যত উপনীত হ’ব পাৰি।


প্ৰধানমন্ত্ৰীয়ে এটা সংস্কৃত হিতোপদেশ শ্বেয়াৰ কৰিছে -

“अभीप्सां स्वात्मनो रक्षाऽविरतं सुस्थिरं तया।

यत्नमातिष्ठ धैर्येण ततः सिद्धिर्भवेद् ध्रुवम्।।”

এই হিতোপদেশে প্ৰকাশ কৰে যে জীৱনত প্ৰগতি বিচাৰিলে অধ্যৱসায় আৰু সংকল্পৰ সৈতে চেষ্টা কৰিব লাগিব। ধৈৰ্য সহকাৰে অবিৰত কঠোৰ পৰিশ্ৰমে নিশ্চিতভাৱে সফলতাৰ পথ প্ৰশস্ত কৰে

প্ৰধানমন্ত্ৰীয়ে এক্স-ত লিখিছে;

"টি-২০ ক্ৰিকেট বিশ্বকাপ জয় কৰি ভাৰতীয় দলটোৱে প্ৰমাণ কৰিছে যে সংকল্প, ধৈৰ্য আৰু আত্মবিশ্বাসৰ সংমিশ্ৰণ হৈছে জীৱনৰ সফলতাৰ মূল চাবিকাঠি। এই জয়ে আমাক ইয়াকো কৈছে যে সঠিক দিশত কঠোৰ পৰিশ্ৰম কৰিলে প্ৰতিটো লক্ষ্যত উপনীত হ’ব পাৰি।

अभीप्सां स्वात्मनो रक्षाऽविरतं सुस्थिरं तया।

यत्नमातिष्ठ धैर्येण ततः सिद्धिर्भवेद् ध्रुवम् ।।”

**********

MJPS/ST/HS


(ৰিলিজ আই ডি : 2236831) অতিথি কক্ষ : 8