গৃহ মন্ত্ৰালয়
গৃহ পৰিক্ৰমা মন্ত্ৰালয়ৰ (MHA) সংহত জৰুৰীকালীন সঁহাৰি নিয়ন্ত্ৰণ কক্ষই (ICR-ER) ৰাজ্যিক জৰুৰীকালীন পৰিচালনা কেন্দ্ৰৰ (SEOC) সৈতে সংহতি সন্দৰ্ভত ৩য় আলোচনা চক্ৰ অনুষ্ঠিত কৰে
এই আলোচনা চক্ৰ আছিল প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ দুৰ্য্যোগৰ বিপদাশংকা হ্ৰাসৰ ১০-দফীয়া এজেণ্ডাক শক্তিশালীকৰণৰ দিশত এক পদক্ষেপ
কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহৰ তত্ত্বাৱধানত চৰকাৰে দুৰ্য্যোগৰ সময়ত "শূন্য হতাহত"ৰ লক্ষ্যত উপনীত হ’বলৈ প্ৰচেষ্টা গ্ৰহণ কৰিছে
আলোচনা চক্ৰখনিত সকলো ৰাজ্য / কেন্দ্ৰীয় শাসিত অঞ্চলৰ এছইঅ’চি আৰু দুৰ্য্যোগ প্ৰশমনৰ বাবে অদম্যভাৱে কাম কৰা আন-আন সংস্থাৰ মাজত সহযোগিতাত গুৰুত্ব আৰোপ কৰা হয়
আলোচনা চক্ৰত সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ অংশগ্ৰহণকাৰীসকলে দুৰ্য্যোগ ব্যৱস্থাপনাৰ ক্ষেত্ৰত প্ৰযুক্তিগত অগ্ৰগতি সম্পৰ্কে জ্ঞাত হ’বলৈ সুযোগ লাভ কৰে
পোষ্ট কৰা হৈছে:
07 MAR 2026 4:53PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ দুৰ্য্যোগৰ বিপদাশংকা হ্ৰাসৰ ১০-দফীয়া এজেণ্ডাক শক্তিশালীকৰণৰ দিশত এক পদক্ষেপ স্বৰূপে গৃহ পৰিক্ৰমা মন্ত্ৰালয়ৰ (MHA) সংহত জৰুৰীকালীন সঁহাৰি নিয়ন্ত্ৰণ কক্ষই (ICR-ER) ৰাজ্যিক জৰুৰীকালীন পৰিচালনা কেন্দ্ৰৰ (SEOC) সৈতে সংহতি সন্দৰ্ভত ৩য় আলোচনা চক্ৰ অনুষ্ঠিত কৰে। কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহৰ তত্ত্বাৱধানত চৰকাৰে দুৰ্য্যোগৰ সময়ত "শূন্য হতাহত"ৰ লক্ষ্যত উপনীত হ’বলৈ প্ৰচেষ্টা গ্ৰহণ কৰিছে।
আলোচনা চক্ৰখনিত সকলো ৰাজ্য / কেন্দ্ৰীয় শাসিত অঞ্চলৰ এছইঅ’চি আৰু দুৰ্য্যোগ প্ৰশমনৰ বাবে অদম্যভাৱে কাম কৰা আন-আন সংস্থাৰ মাজত সহযোগিতাত গুৰুত্ব আৰোপ কৰা হয়।
আলোচনা চক্ৰখনিত দুৰ্য্যোগৰ সৈতে জড়িত গুৰুত্বপূৰ্ণ তথ্য প্ৰচাৰৰ সময় হ্ৰাসৰ বাবে প্ৰযুক্তিৰ ব্যৱহাৰৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়। ইয়াত এনআৰএছচি, আইএমডি, এনচিএছ আৰু চিডব্লিউচি-ৰ বিশিষ্ট বিজ্ঞানী আৰু ডমেইন বিশেষজ্ঞসকলে ভিন্ন দুৰ্য্যোগ সম্পৰ্কীয় বিষয় আৰু আগতীয়া সতৰ্কবাণী ব্যৱস্থা সন্দৰ্ভত মূল্যৱান ইনপুট প্ৰদান কৰে। আইচিআৰ-ইআৰ ত নেচনেল ডাটাবেছ ফৰ ইমাৰ্জেন্সী মেনেজমেন্ট (NDEM 5.0) সন্দৰ্ভতো ব্যৱহাৰিক প্ৰশিক্ষণ প্ৰদান কৰা হয়। এনডিইএম ৫.০ সন্দৰ্ভত হোৱা মত-বিনিময় অধিবেশনত দুৰ্য্যাগৰ পূৰ্বাভাস, বিপদাশংকা প্ৰশমন, সম্পদৰ ব্যৱহাৰ তথা কেন্দ্ৰ আৰু ৰাজ্যৰ মাজত তথ্যৰ মসৃণ প্ৰবাহৰ ব্যৱস্থাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়।
এই আলোচনা চক্ৰত সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ অংশগ্ৰহণকাৰীসকলে দুৰ্য্যোগ ব্যৱস্থাপনাৰ ক্ষেত্ৰত প্ৰযুক্তিগত অগ্ৰগতি সম্পৰ্কে জ্ঞাত হ’বলৈ সুযোগ লাভ কৰে। ইয়াত কৃত্ৰিম বুদ্ধিমত্তা (AI) সন্দৰ্ভতো এখনি অধিবেশন অনুষ্ঠিত হয়। এআই-এ বৰ্তমানৰ পদ্ধতিত এক লক্ষণীয় পৰিৱৰ্তন সাধন কৰিব তথা দুৰ্য্যোগ প্ৰশমন আৰু সঁহাৰিৰ কামত নিয়োজিত সকলো সংস্থাক অতি প্ৰয়োজনীয় সহায় আগবঢ়াব বুলি আশা কৰা হৈছে।
আলোচনা চক্ৰখনিত বাৰিষা-২০২৬ ৰ বাবে প্ৰস্তুতি সম্পৰ্কেও আলোচনা কৰা হয়। এই কাৰ্য্যসূচীয়ে ভিন্ন কেন্দ্ৰীয় সংস্থা আৰু ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ প্ৰতিনিধিসকলক ব্যৱধান দূৰ কৰিবলৈ আৰু সাহায্য-কেন্দ্ৰিক পদ্ধতিৰ পৰা দুৰ্য্যোগৰ সৈতে মোকাবিলাকৰণৰ এক সক্ৰিয়, প্ৰতিৰোধ-কেন্দ্ৰিক কৌশললৈ স্থানান্তৰৰ এখনি উপযোগী মঞ্চ প্ৰশস্ত কৰে।
*****
RK / RR / PS/SB
(ৰিলিজ আই ডি : 2236586)
অতিথি কক্ষ : 6