গৃহ মন্ত্ৰালয়
azadi ka amrit mahotsav

কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে জন ঔষধি দিৱস, ২০২৬ উপলক্ষে প্ৰধানমন্ত্ৰী ভাৰতীয় জন ঔষধি যোজনাৰ (PMBJP) সমূহ হিতাধিকাৰীলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছে

মোদী চৰকাৰে গ্ৰহণ কৰা এই ঐতিহাসিক পদক্ষেপে দেশৰ দৰিদ্ৰ লোক সকলক ঔষধৰ আৰ্থিক বোজাৰ পৰা মুক্ত কৰি জেনেৰিক ঔষধ সম্পৰ্কে সজাগতাৰ সৃষ্টি কৰিছে

আজি সমগ্ৰ দেশৰ প্ৰায় ১৮,০০০ জন ঔষধি কেন্দ্ৰই দৰিদ্ৰ আৰু আৰ্তজনক সুলভ আৰু সুগম ঔষধ যোগান ধৰিছে

আঁচনিখনে দেশবাসীৰ ৪০,০০০ কোটিৰো অধিক টকা ৰাহি কৰিছে

পোষ্ট কৰা হৈছে: 07 MAR 2026 1:07PM by PIB Guwahati

কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে জন ঔষধি দিৱস, ২০২৬ উপলক্ষে প্ৰধানমন্ত্ৰী ভাৰতীয় জন ঔষধি যোজনাৰ (PMBJP) সমূহ হিতাধিকাৰীলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছে।

এক্স প্লেটফৰ্মৰ এটা প’ষ্টত কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে কয় যে মোদী চৰকাৰে গ্ৰহণ কৰা এই ঐতিহাসিক পদক্ষেপে দেশৰ দৰিদ্ৰ লোক সকলক ঔষধৰ আৰ্থিক বোজাৰ পৰা মুক্ত কৰি জেনেৰিক ঔষধ সম্পৰ্কে সজাগতাৰ সৃষ্টি কৰিছে। তেওঁ কয় যে আজি সমগ্ৰ দেশৰ প্ৰায় ১৮,০০০ জন ঔষধি কেন্দ্ৰই দৰিদ্ৰ আৰু আৰ্তজনক সুলভ আৰু সুগম ঔষধ যোগান ধৰিছে। শ্ৰী শ্বাহে কয় যে আঁচনিখনে দেশবাসীৰ ৪০,০০০ কোটিৰো অধিক টকা ৰাহি কৰিছে।

***

RK / RR / PS/SB


(ৰিলিজ আই ডি : 2236318) অতিথি কক্ষ : 7