গৃহ মন্ত্ৰালয়
azadi ka amrit mahotsav

কাইলৈ ওড়িশাৰ মুণ্ডলীত চি আই এছ এফৰ ৫৭ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপনত মুখ্য অতিথি হিচাপে ভাষণ প্ৰদান কৰিব কেন্দ্ৰীয় গৃহ তথা সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে

ভুৱনেশ্বৰত এনএফএছইউ আৰু চিএফএছএল কেম্পাছৰ ভূমি পূজন অনুষ্ঠানৰ লগতে এনএফএছইউৰ ট্ৰেনজিট কেম্পাছ ভাৰ্চুৱেলী উদ্বোধন কৰিব গৃহমন্ত্ৰীয়ে

‘নতুন ন্যায় সংহিতা’ৰ সন্দৰ্ভত এখন প্ৰদৰ্শনী উদ্বোধন কৰাৰ লগতে এখন ভ্ৰাম্যমাণ ফৰেনছিক ভ্যানৰ ফ্লেগ অফ কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে

ওড়িশাৰ ফৰেনছিক আৰু তদন্তৰ আন্তঃগাঁথনি শক্তিশালী কৰাৰ দিশত এনএফএছইউৰ ভুৱনেশ্বৰ কেম্পাছৰ এক উল্লেখযোগ্য পদক্ষেপ

ওড়িশা চৰকাৰে আবণ্টন দিয়া ৪০একৰ ভূমিত নিৰ্মিত এই স্থায়ী কেম্পাছটো ফৰেনছিক আৰু সংশ্লিষ্ট বিজ্ঞানৰ উৎকৰ্ষ কেন্দ্ৰ হিচাপে গঢ়ি তোলা হ’ব

পোষ্ট কৰা হৈছে: 05 MAR 2026 6:19PM by PIB Guwahati

কেন্দ্ৰীয় গৃহ তথা সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে ৬ মাৰ্চ, ২০২৬ শুকুৰবাৰে ওড়িশাৰ মুণ্ডলীত কেন্দ্ৰীয় ঔদ্যোগিক সুৰক্ষা বাহিনীৰ ৫৭সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপনত মুখ্য অতিথি হিচাপে ভাষণ আগবঢ়াব।গৃহমন্ত্ৰীয়ে ভূৱনেশ্বৰত ৰাষ্ট্ৰীয় ফৰেনছিক বিজ্ঞান বিশ্ববিদ্যালয় চৌহদৰ আধাৰশিলা স্থাপন কৰিব। তদুপৰি, তেওঁ এনএফএছইউৰ ট্ৰেনজিট কেম্পাছো ভাৰ্চুৱেলী উদ্বোধন কৰিব।

শ্ৰী অমিত শ্বাহে ভুৱনেশ্বৰত এনএফএছইউ কেম্পাছৰ গাতে লাগি থকা কেন্দ্ৰীয় ফৰেনছিক বিজ্ঞান পৰীক্ষাগাৰ (চিএফএছএল) ভূমি পূজনো সম্পন্ন কৰিব। শ্ৰী শ্বাহে ভুৱনেশ্বৰত ‘নতুন ন্যায় সংহিতা’ৰ সন্দৰ্ভত এখন প্ৰদৰ্শনী উদ্বোধন কৰাৰ লগতে এখন ভ্ৰাম্যমাণ ফৰেনছিক ভানৰ ফ্লেগ অফ কৰিব। এই উপলক্ষে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী শ্ৰী ধৰ্মেন্দ্ৰ প্ৰধান, ওড়িশাৰ মুখ্যমন্ত্ৰী শ্ৰী মোহন চৰণ মাঝি, কেন্দ্ৰীয় গৃহ সচিব আৰু এনএফএছইউৰ প্ৰতিষ্ঠাপক উপাচাৰ্যকে ধৰি কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকিব।

আৰক্ষীৰ আন্তঃগাঁথনি শক্তিশালী কৰাৰ বাবে গৃহ পৰিক্ৰমা মন্ত্ৰালয়ৰ পদক্ষেপৰ অংশ হিচাপে কেন্দ্ৰীয় গৃহ তথা সমবায় মন্ত্ৰীগৰাকীয়ে কেইবাখনো আৰক্ষী থানাৰ নতুন ভৱন আৰু চিচি আৰু ইঅ’ৰ সুবিধাসমূহো ভাৰ্চুৱেলী উদ্বোধন কৰিব। এই অনুষ্ঠানতে ভাৰতীয় প্ৰযুক্তি প্ৰতিষ্ঠান (আইআইটি), ভুৱনেশ্বৰ আৰু ৰাষ্ট্ৰীয় সুৰক্ষা বিশ্ববিদ্যালয় (আৰআৰইউ)ৰ সৈতেও বুজাবুজি চুক্তি স্বাক্ষৰিত হ’ব।

এনএফএছইউৰ ভুৱনেশ্বৰ কেম্পাছ ওড়িশাৰ ফৰেনছিক আৰু তদন্তৰ আন্তঃগাঁথনি শক্তিশালী কৰাৰ দিশত এক উল্লেখযোগ্য পদক্ষেপ। ওড়িশা চৰকাৰে আবণ্টন দিয়া ৪০ একৰ মাটিত নিৰ্মিত এই স্থায়ী চৌহদটো ফৰেনছিক আৰু সংশ্লিষ্ট বিজ্ঞানৰ উৎকৰ্ষ কেন্দ্ৰ হিচাপে গঢ়ি তোলা হ’ব। এনএফএছইউৰ এই অস্থায়ী চৌহদটোৱে তিনিটা সুকীয়া শৈক্ষিক কাৰ্যসূচীৰে কাম আৰম্ভ কৰিছে। সেয়া হৈছে এম.এছচি ফৰেনছিক ছায়েন্স, এম.এছচি ডিজিটেল ফৰেনছিক আৰু ইনফৰমেচন ছিকিউৰিটী আৰু এল.এল.এম. চাইবাৰ ল’ আৰু চাইবাৰ ক্ৰাইম ইনভেষ্টিগেচন আদি।

 

*****

RK/PS/SK/DB


(ৰিলিজ আই ডি : 2235805) অতিথি কক্ষ : 7
ত এই ৰিলিজটো পঢ়ক: English , Urdu , हिन्दी , Punjabi , Gujarati , Tamil , Kannada