প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

তামিলনাডুৰ মাদুৰাইত বিভিন্ন আন্তঃগাঁথনিমূলক কামৰ শুভাৰম্ভণি অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

পোষ্ট কৰা হৈছে: 01 MAR 2026 4:28PM by PIB Guwahati

শ্ৰী আৰ. এন ৰবি, এল. মুৰুগান, এড়াপ্পড়ি কে. পলানিস্বামী, নায়নাৰ নগেন্দ্ৰন, ই. ভি. ভেলু আৰু তামিলনাডুৰ মোৰ মৰমৰ ভাতৃ-ভগ্নীসকল, ৱনক্কম!

পবিত্ৰ আৰু ঐতিহাসিক চহৰ মাদুৰাইত উপস্থিত হৈ মই নিজে সন্মানিত অনুভৱ কৰিছো। মই মীনাক্ষী আম্মান আৰু ভগৱান সুন্দৰেশ্বৰক প্ৰণাম জনাইছো। তামিলনাডুৰ উন্নয়নৰ যাত্ৰাত আজিৰ এই অনুষ্ঠান এক গৌৰৱৰ অধ্যায় হিচাপে চিহ্নিত হৈছে। আমি আজি চাৰি হাজাৰ চাৰিশ কোটি টকাৰ বিভিন্ন প্ৰকল্পৰ আধাৰশিলা স্থাপন, উদ্বোধন কৰাৰ লগতে দেশবাসীৰ নামত উচৰ্গাও কৰিছো। এই প্ৰকল্পসমূহে যোগাযোগ ব্যৱস্থাৰ পৰিৱৰ্তন সাধন কৰাৰ লগতে অৰ্থনীতিৰ বিকাশ, নিয়োগৰ সুযোগ সৃষ্টি আৰু লাখ লাখ লোকৰ জীৱনলৈ পৰিৱৰ্তন কঢ়িয়াই আনিব। কৃষকসকলৰ বাবে তেওঁলোকৰ উৎপাদিত শস্য লৈ বজাৰত উপনীত হোৱাৰ উন্নত পথ লাভ কৰিছে। তীৰ্থযাত্ৰী আৰু পৰ্যটকৰ বাবে যাত্ৰা সহজ কৰাটো হৈ পৰিছে। ব্যৱসায়ৰ বাবে দ্ৰুত পৰিবহণ সম্ভৱ হৈছে। উচ্চ মানৰ আন্তঃগাঁথনি নিৰ্মাণৰ অৰ্থ হৈছে জনসাধাৰণক সৱলীকৰণ কৰা।

বন্ধুসকল,

বিগত বাৰটা বছৰত ভাৰত চৰকাৰে তামিলনাডুৰ ঘাইপথ নেটৱৰ্কত বৃহৎ বিনিয়োগ কৰিছে। ২০১৪ চনৰ পৰা এতিয়ালৈকে ৪,০০০ কিলোমিটাৰৰো অধিক ঘাইপথ নিৰ্মাণ কৰা হৈছে। আজি মই দুটা বৃহৎ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিবলৈ পাই সুখী অনুভৱ কৰিছো। প্ৰথমটো হৈছে মাৰাকানাম আৰু পুডুচেৰী খণ্ডৰ ফ’ৰলেন পথ, য'ত ২,১০০ কোটিতকৈও অধিক টকা বিনিয়োগ কৰা হৈছে। ইয়াৰ ফলত তামিলনাডু আৰু পুডুচেৰীৰ উপকূলীয় পৰ্যটন, বাণিজ্য আৰু অৰ্থনীতি শক্তিশালী হ'ব। দ্বিতীয়টো হৈছে পৰামাকুড়ি-ৰামানাতপুৰম অংশৰ ফ’ৰলেন পথৰ নিৰ্মাণ। এই প্ৰকল্পত আমি এক হাজাৰ আঠশ কোটি টকাৰো অধিক বিনিয়োগ কৰিছো। ইয়ে ৰামেশ্বৰম আৰু ধনুশকোড়ীৰ দৰে স্থানলৈ যাতায়াত সুগম কৰিব। ইয়াৰ ফলত তীৰ্থযাত্ৰীসকলৰ বাবে এই যাত্ৰা সহজ হ'ব আৰু কৃষিজাত সামগ্ৰী আৰু সামুদ্ৰিক সামগ্ৰীৰ পৰিবহন সুচল হৈ পৰিব।

বন্ধুসকল,

বিগত এটা দশকত ভাৰতীয় ৰে'লৱেত এক ঐতিহাসিক পৰিৱৰ্তন সাধন হৈছে। ই এক আধুনিক, দক্ষ আৰু জনকেন্দ্ৰিক পৰিবহণ ব্যৱস্থা হিচাপে আত্মপ্ৰকাশ কৰিছে। এই পৰিৱৰ্তন বিশেষকৈ তামিলনাডুত স্পষ্ট হৈছে। তামিলনাডুৰ বাবে ৰে'ল বাজেটৰ আৱণ্টন আমাৰ চৰকাৰ অহাৰ পিছত প্ৰায় ৯গুণ বৃদ্ধি পাইছে। ২০০৯ চনৰ পৰা ২০১৪ চনলৈ ৰে'লৱেৰ বাবে বছৰি গড়ে ৮৮০ কোটি টকা আৱণ্টন কৰা হৈছিল। ২০২৬-২৭ বৰ্ষত এই আৱণ্টন ৭,৬০০ কোটি টকালৈ বৃদ্ধি কৰা হৈছে।

তামিলনাডুত এক হাজাৰ তিনিশ কিলোমিটাৰৰো অধিক নতুন ৰে’লপথ নিৰ্মাণ কৰা হৈছে। ৰাজ্যখনৰ ৯৭% বিদ্যুতিকৰণ সম্পূ্ৰ্ণ হৈছে। শ শ উৰণ সেতু আৰু আণ্ডাৰপাছত সুৰক্ষা আৰু দক্ষতা বৃদ্ধি পাইছে। যোৱা বছৰ মই তামিলনাডুত নতুন পাম্বন সেতুৰ উদ্বোধন কৰাৰ সৌভাগ্য লাভ কৰিছিলো। ই ভাৰতৰ প্ৰথমখন উলম্ব উত্তোলন সমুদ্ৰ সেতু, যিয়ে অভিযান্ত্ৰিক আশ্বৰ্যৰ প্ৰতীক। এই দলংখন তামিলনাডুৰ এটা প্ৰধান পৰ্যটনস্থলী হিচাপে পৰিগণিত হৈছে।

বন্ধুসকল,

বৰ্তমান ৯খন বন্দে ভাৰত ৰে'ল আৰু ৯খন অমৃত ভাৰত ৰে'ল তামিলনাডুৰ জনসাধাৰণক উপকৃত কৰিছে। চেন্নাইৰ সংহত ডবা নিৰ্মাণ কাৰখানাত এই ধৰণৰ দ্ৰুতগামী ৰে'লৰ ডবা প্ৰস্তুত কৰা হৈছে। গৌৰৱৰ কথা এই যে 'মেক ইন ইণ্ডিয়া'ৰ আমাৰ দৃষ্টিভংগীয়ে আত্মনিৰ্ভৰতা বৃদ্ধি কৰাৰ লগতে আমাৰ যুৱক-যুৱতীসকলৰ বাবে নিয়োগৰ সুযোগ সৃষ্টি কৰিছে। অমৃত ভাৰত ষ্টেচন আঁচনিৰ অধীনত ৭৭টা ৰে'ল ষ্টেচন আধুনিকীকৰণ কৰা হৈছে। এই ষ্টেচনবোৰত আৰামদায়ক, সুগম আৰু স্থানীয় পৰিচয়ৰ সমন্বয় ঘটে। আজি আমি সমগ্ৰ তামিলনাডুত আঠটা পুনৰ উন্নয়ন সাধন কৰা ৰে'ল ষ্টেচন মুকলি কৰিছো। চেন্নাই বীচ-চেন্নাই এগমোৰ চতুৰ্থ লাইনৰ উদ্বোধনে চেন্নাইৰ হাজাৰ হাজাৰ দৈনিক অহা-যোৱা কৰা যাত্ৰীক উপকৃত কৰিব। কুম্বকনাম, য়েৰকাউড আৰু ভেল্লোৰত আকাশবাণীৰ নতুন এফএম ৰিলে ট্ৰান্সমিটাৰ উদ্বোধন কৰিবলৈ পাই মই আনন্দিত হৈছো। এই ৰেডিঅ' ষ্টেচনসমূহ আজিৰে পৰা আপোনালোকৰ সেৱাৰ বাবে উৎসৰ্গিত হ'ব।

বন্ধুসকল,

তামিলনাডুত আন্তঃগাঁথনিৰ বাবে পুঁজিৰ পৰিমাণ যোৱা দশকৰ তুলনাত তিনিগুণ বৃদ্ধি পাইছে। তদুপৰি, ২০২৬ৰ বাজেটত তামিলনাডুৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰি এই প্ৰৱণতা অব্যাহত ৰখা হৈছে। এইবাৰৰ বাজেটত আমি বেংগালুৰু-চেন্নাই আৰু চেন্নাই-হায়দৰাবাদ বুলেট ট্ৰেইন কৰিড'ৰৰ প্ৰস্তাৱ আগবঢ়াইছো। সেইবোৰে এই সমগ্ৰ অঞ্চলৰ অৰ্থনীতিত বৈপ্লৱিক পৰিৱৰ্তন আনিব। এইবাৰৰ বাজেটত তামিলনাডুক ৰেয়াৰ আৰ্থ কৰিড'ৰৰ অংশ হিচাপে স্থান দিয়া হৈছে। এই ৰেয়াৰ আৰ্থ কৰিড’ৰে অত্যাধুনিক নিৰ্মাণ, গৱেষণা আৰু প্ৰযুক্তিৰ বিকাশক প্ৰোৎসাহিত কৰিব।

বন্ধুসকল,

তামিলনাডুৰ এক সমৃদ্ধ ইতিহাস আৰু ঐতিহ্য আছে। আড়িচানালুৰৰ দৰে ঐতিহাসিক স্থানক বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে গঢ়ি তোলা হ'ব। পুলিকত হ্ৰদ আৰু পোধিগাই মালাইৰ আশে-পাশে পৰিৱেশ পৰ্যটনৰ উদ্যোগে প্ৰাকৃতিক পৰিৱেশ সংৰক্ষণ কৰি নতুন নিয়োগৰ সুযোগ সৃষ্টি কৰিব। সমগ্ৰ দেশতে প্ৰায় দুশ ঔদ্যোগিক ক্লাষ্টাৰ চিনাক্ত কৰা হ'ব আৰু উৎপাদন বৃদ্ধিৰ বাবে সহায় কৰা হ'ব। আমি সকলোৱে জানো যে তামিলনাডুত বহুতো উদ্যোগ আছে আৰু সেয়েহে এই আঁচনিৰ দ্বাৰা তামিলনাডুৰ যুৱক-যুৱতীসকল উপকৃত হ'ব।

বন্ধুসকল,

২০৪৭ চনৰ ভিতৰত এখন উন্নত ৰাষ্ট্ৰ গঢ়াৰ লক্ষ্যৰে প্ৰতিজন ভাৰতীয়ক অনুপ্ৰাণিত কৰা হৈছে। তামিলনাডুৱে দেশৰ ভৱিষ্যত নিৰ্ধাৰণত এক নিৰ্ণায়ক ভূমিকা পালন কৰিব। আমাৰ সামূহিক লক্ষ্য হৈছে বিকশিত ভাৰতৰ বাবে এখন বিকশিত তামিলনাডু গঢ়ি তোলা। ৰাজ্যখনৰ সামগ্ৰিক বিকাশ আৰু প্ৰগতিৰ বাবে কেন্দ্ৰীয় চৰকাৰ সম্পূৰ্ণ দায়বদ্ধ।

নন্দ্ৰী!

********************

MJPS/Siddhant Tiwari/DB


(ৰিলিজ আই ডি : 2234390) অতিথি কক্ষ : 4