প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

পুডুচেৰীত ২,৭০০ কোটি টকা ব্যয় সাপেক্ষ বিভিন্ন উন্নয়নমূলক প্ৰকল্প উদ্বোধন, দেশবাসীৰ নামত উচৰ্গা আৰু আধাৰশিলা স্থাপন প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ

পুডুচেৰীৰ সুন্দৰ লোকসকলৰ মাজত উপস্থিত থাকি মই অতিশয় আনন্দিত হৈছো। আজি, একাধিক উন্নয়নমূলক কামৰ শুভাৰম্ভ কৰা হৈছে, যাৰ ফলত জীৱন ধাৰণৰ সহজতা বৃদ্ধি পোৱাৰ লগতে অঞ্চলটোৰ অৰ্থনৈতিক বিকাশ বৃদ্ধি পাবঃ প্ৰধানমন্ত্ৰী

আগতে যেতিয়া মই ইয়ালৈ আহিছিলো, তেতিয়া মই 'বেষ্ট পুডুচেৰী'ৰ মন্ত্ৰ প্ৰদান কৰিছিলো; 'বেষ্ট'ৰ অৰ্থ হৈছে ব্যৱসায়, শিক্ষা, আধ্যাত্মিকতা আৰু পৰ্যটন। বিগত চাৰে চাৰি বছৰত এই দৃষ্টিভংগীয়ে ফল লাভ কৰিছেঃ প্ৰধানমন্ত্ৰী
পুডুচেৰীবাসী এক সু-শাসন আৰু উন্নয়নৰ সাক্ষী হৈছেঃ প্ৰধানমন্ত্ৰী

শক্তিশালী আৰু সৱল যুৱক-যুৱতীসকল হৈছে আমাৰ বিকাশৰ আধাৰ। আমি তেওঁলোকৰ সপোনক সমৰ্থন কৰাৰ বাবে কাম কৰি আছোঃ প্ৰধানমন্ত্ৰী

কাৰাইকালত এনআইটিত নতুন ড০ এপিজে আব্দুল কালাম ইঞ্জিনিয়াৰিং ব্লক আৰু আধুনিক হোষ্টেলৰ সুবিধাই বহু ছাত্ৰ-ছাত্ৰীৰ কাৰিকৰী শিক্ষা সুদৃঢ় কৰিব; পুডুচেৰী বিশ্ববিদ্যালয়ৰ আন্তঃগাঁথনি উন্নীতকৰণ কৰা হৈছেঃ প্ৰধানমন্ত্ৰী

আমি বিশ্বাস কৰো যে স্বাস্থ্যসেৱা সকলোৰে বাবে সহজলভ্য, পৰ্যাপ্ত আৰু সুলভ হ'ব লাগে; আয়ুষ্মান ভাৰত আঁচনিয়ে ইতিমধ্যে সমগ্ৰ ভাৰতৰ কোটি কোটি পৰিয়ালৰ এই সপোন পূৰণ কৰিছেঃ প্ৰধানমন্ত্ৰী

মোৰ দৃঢ় বিশ্বাস যে পুডুচেৰী চিকিৎসা পৰ্যটনৰ কেন্দ্ৰবিন্দু হৈ উঠিব পাৰে। পুডুচেৰীত ইতিমধ্যে ৯খন চিকিৎসা মহাবিদ্যালয় আছে; জিপমেৰ আঞ্চলিক কৰ্কট কেন্দ্ৰৰ আধুনিকীকৰণে স্বাস্থ্যসেৱাৰ ক্ষমতা আৰু অধিক বৃদ্ধি কৰিবঃ প্ৰধানমন্ত্ৰী

আজি পিএম-এবিএইচআইএমৰ অধীনত গুৰুতৰভাৱে অসুস্থ ৰোগীসকলৰ বাবে তিনিটা ক্ৰিটিকেল কেয়াৰ ব্লকৰ আধাৰশিলা স্থাপন কৰা হৈছেঃ প্ৰধানমন্ত্ৰী

পোষ্ট কৰা হৈছে: 01 MAR 2026 2:11PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পুডুচেৰীত ২,৭০০ কোটি টকা ব্যয়সাপেক্ষ একাধিক উন্নয়নমূলক প্ৰকল্প উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। এই প্ৰকল্পসমূহে আন্তঃগাঁথনি, শিক্ষা, স্বাস্থ্য আৰু যাতায়তকে ধৰি প্ৰধান ক্ষেত্ৰসমূহক সামৰি লৈছে।

অনুষ্ঠানত আগবঢ়োৱা ভাষণত প্ৰধানমন্ত্ৰীয়ে কয়, "পুডুচেৰী হ'ল সিদ্ধাৰ, সাধু, কবি আৰু স্বাধীনতা সংগ্ৰামীসকলৰ ভূমি, য'ত মহাকবি সুব্ৰমনিয়া ভাৰতীয়ে জাতীয়তাবাদৰ অগ্নিশিখা প্ৰজ্বলন কৰাৰ লগতে শ্ৰী অৰবিন্দ আৰু তেওঁৰ মাতৃয়ে বিশ্বক আধ্যাত্মিক দৃষ্টি প্ৰদান কৰিছিল।

প্ৰধানমন্ত্ৰীয়ে ব্যৱসায়, শিক্ষা, আধ্যাত্মিকতা আৰু পৰ্যটনৰ প্ৰতিনিধিত্ব কৰা 'বেষ্ট' পুডুচেৰীৰ বাবে তেওঁৰ মন্ত্ৰৰ পুনৰাবৃত্তি কৰে। বিগত চাৰে চাৰি বছৰত এই দৃষ্টিভংগীৰ ফলস্বৰূপে সু-শাসন আৰু উন্নয়ন সম্ভৱ হৈছে। দেশখনত জনমূৰি আয় বৃদ্ধি আৰু সামাজিক প্ৰগতিৰ সূচকাংকত সৰ্বোচ্চ স্থান লাভ কৰাটোৱেই ইয়াৰ প্ৰমাণ, শ্ৰী মোদীয়ে লগতে কয়।

সমগ্ৰ দেশতে আন্তঃগাঁথনিৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে এই বছৰৰ বাজেটত ১২ লাখ কোটি টকা ধাৰ্য কৰা হৈছে। শ্ৰী মোদীয়ে কয়, "পূৰ্বে কেৱল ৰাজ্যসমূহতে সীমাবদ্ধ থকা পুঁজি বিনিয়োগৰ ৰাজ্যসমূহৰ বিশেষ সাহায্য' আঁচনিৰ অধীনত পুডুচেৰীক অন্তৰ্ভুক্ত কৰা হৈছে। ইয়াৰ জৰিয়তে পথ, পানী যোগান, বিদ্যালয়, চিকিৎসালয় আৰু এনে বহুতো প্ৰকল্পৰ দৰে অত্যাৱশ্যকীয় আন্তঃগাঁথনিৰ বাবে অধিক পুঁজি নিশ্চিত কৰা হ'ব"।

প্ৰধানমন্ত্ৰীয়ে কয়, "শক্তিশালী আৰু সৱল যুৱক-যুৱতীসকল হৈছে আমাৰ বিকাশৰ আধাৰ। তেওঁলোকৰ সপোন পূৰণৰ বাবে আমি কাম কৰি আছো। প্ৰধানমন্ত্ৰীয়ে কয় যে শেহতীয়াকৈ উদ্বোধন কৰা ডঃ  এপিজে আব্দুল কালাম ইঞ্জিনিয়াৰিং ব্লক আৰু এনআইটি কাৰাইকালৰ আধুনিক হোষ্টেলৰ সুবিধাৰ লগতে পুডুচেৰী বিশ্ববিদ্যালয়ৰ আন্তঃগাঁথনিৰ উন্নীতকৰণে প্ৰযুক্তিগত শিক্ষা আৰু বহু সংখ্যক ছাত্ৰ-ছাত্ৰীৰ বাবে সহায়ক হ'ব। তেওঁ দীৰ্ঘদিনে খালী হৈ থকা হাজাৰ হাজাৰ পদ পূৰণৰ পিছত চৰকাৰত যোগদান কৰা যুৱক-যুৱতীসকলক অভিনন্দন জনায়।

শ্ৰী মোদীয়ে কয় যে বৈদ্যুতিক বাহন দৈনন্দিন জীৱনৰ এক গুৰুত্বপূৰ্ণ অংশ হৈ পৰাত সমগ্ৰ বিশ্বই বৰ্তমান স্বচ্ছ আৰু সেউজ যাতায়াতৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। তেওঁ উল্লেখ কৰে যে পুডুচেৰীৰ দৰে পৰ্যটনৰ কেন্দ্ৰস্থলত পিএম ই-বাছ সেৱাৰ অধীনত আজি উপলব্ধ বৈদ্যুতিক বাছসমূহে প্ৰদূষণ হ্ৰাস কৰাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। তদুপৰি, প্ৰধানমন্ত্ৰীয়ে পুডুচেৰী, কাৰাইকাল, মাহে আৰু ইয়ানামত কেইবাশ কোটি টকাৰ গৃহ নিৰ্মাণ প্ৰকল্পৰ লগতে পৰিয়ালক সুস্থিৰতা আৰু সন্মান প্ৰদানৰ বাবে প্ৰস্তুত কৰা গৃহ প্ৰকল্পসমূহৰ বিষয়ে উল্লেখ কৰে। এই পদক্ষেপসমূহৰ ভিতৰত বিশুদ্ধ খোৱা পানী সুনিশ্চিত কৰিবলৈ জল নিষ্কাশন প্ৰকল্প, আৱৰ্জনাৰ ব্যৱস্থাপনাৰ উন্নতিৰ বাবে নতুন নৰ্দমা প্ৰণালী আৰু বান সমস্যা হ্ৰাস কৰিবলৈ চলিত কাম-কাজ উল্লেখযোগ্য। প্ৰধানমন্ত্ৰীয়ে কয়, "পুডুচেৰীৰ জনসাধাৰণৰ জীৱন ধাৰণৰ মান উন্নত কৰাৰ দিশত আমাৰ সকলো প্ৰচেষ্টা অব্যাহত আছে।

প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে যিকোনো ৰাষ্ট্ৰই যেতিয়া মানৱ সম্পদ সুস্থ হৈ থাকে তেতিয়াহে প্ৰগতি কৰিব পাৰে আৰু স্বাস্থ্যসেৱাক চৰকাৰৰ সৰ্বোচ্চ অগ্ৰাধিকাৰ প্ৰদান কৰে। তেওঁ বিশ্বাস কৰে যে স্বাস্থ্যসেৱা সকলোৰে বাবে সহজলভ্য, পৰ্যাপ্ত আৰু সুলভ হ'ব লাগিব। আয়ুষ্মান ভাৰত আঁচনিৰ জৰিয়তে কোটি কোটি পৰিয়ালৰ বাবে এই পৰিকল্পনা ইতিমধ্যে সম্পূৰ্ণ হৈ উঠিছে। পুডুচেৰীৰ কোনো নাগৰিকক চিকিৎসাৰ বাবে দূৰত্ব অতিক্ৰম কৰিবলৈ বাধ্য কৰাব নালাগে বুলি উল্লেখ কৰি তেওঁ কয় যে ইতিমধ্যে ৯খন চিকিৎসা মহাবিদ্যালয় থকা এই অঞ্চলত চিকিৎসা পৰ্যটনৰ কেন্দ্ৰ হিচাপে গঢ়ি উঠাৰ সম্ভাৱনা আছে। স্বাস্থ্যসেৱাৰ সামৰ্থ্য বৃদ্ধিৰ বাবে জিপমেৰৰ আঞ্চলিক কেন্সাৰ কেন্দ্ৰটো আধুনিকীকৰণ কৰা হৈছে আৰু জৰুৰীকালীন সেৱাসমূহ উন্নত কৰাৰ বাবে পুডুচেৰী আৰু কাৰাইকালত পিএম-এবিএইচআইএমৰ অধীনত তিনিটা ক্ৰিটিকেল কেয়াৰ ব্লকৰ আধাৰশিলা স্থাপন কৰা হৈছে। তদুপৰি, কাৰাইকালৰ নতুন সংহত আয়ুষ চিকিৎসালয়খনে সিদ্ধ ঔষধ আৰু সামগ্ৰিক স্বাস্থ্য সেৱাৰ ক্ষেত্ৰত অঞ্চলটোৰ সুনাম গঢ়ি তুলিব। শ্ৰী মোদীয়ে মন্তব্য কৰে, "মোৰ দৃঢ় বিশ্বাস যে পুডুচেৰী চিকিৎসা পৰ্যটনৰ কেন্দ্ৰবিন্দু হৈ উঠাৰ সম্ভাৱনা আছে।"

গ্ৰাম্য আৰু নগৰীয়া উভয়তে আন্তঃগাঁথনিৰ ওপৰত গুৰুত্ব আৰোপ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে যোগাযোগ ব্যৱস্থাই হৈছে প্ৰগতিৰ মেৰুদণ্ড। তেওঁ উল্লেখ কৰে যে ছাত্ৰ-ছাত্ৰী, কৃষক আৰু ক্ষুদ্ৰ ব্যৱসায়ীৰ প্ৰৱেশ সুনিশ্চিত কৰিবলৈ শ শ কিলোমিটাৰ গ্ৰাম্য পথ নিৰ্মাণ কৰা হৈছে। প্ৰধানমন্ত্ৰী মোদীয়ে কয়, "সেই সময়তে পুডুচেৰী চহৰৰ যান-জঁট হ্ৰাস কৰিবলৈ ১,০০০ কোটিৰো অধিক টকা বিনিয়োগ কৰা হৈছে, য'ত ৪৪০ কোটি টকাৰ নতুন ফ্লাইঅ'ভাৰো অন্তৰ্ভুক্ত আছে। তেওঁ লগতে উল্লেখ কৰে যে চেন্নাইৰ সৈতে ইষ্ট কোষ্ট আৰু গ্ৰেণ্ড ছাউদাৰ্ণ ট্ৰাংক ৰোডৰ যোগেদি যোগাযোগ ব্যৱস্থা উন্নত কৰা হৈছে, য'ত যাত্ৰাৰ সময় দুঘন্টাৰ ভিতৰত হ্ৰাস কৰা হৈছে। শ্ৰী মোদীয়ে কয়, "কন্যাকুমাৰীৰ পৰা পূব উপকূলীয় কৰিডৰত ৩০,০০০ কোটি টকাৰ বিনিয়োগৰ জৰিয়তে এই প্ৰকল্পসমূহে পুডুচেৰীক বেংগালুৰু আৰু কইম্বাটুৰ দৰে প্ৰধান অৰ্থনৈতিক কেন্দ্ৰসমূহৰ সৈতে সংযোগ স্থাপন কৰিব আৰু পৰ্যটন, বাণিজ্য আৰু উদ্যোগক উল্লেখযোগ্যভাৱে বৃদ্ধি কৰিব"।

প্ৰধানমন্ত্ৰীয়ে পুডুচেৰীৰ অন্যতম শক্তি হিচাপে পৰ্যটনৰ কথা উল্লেখ কৰি কয় যে সপ্তাহান্তিকৰ গন্তব্যস্থলী হিচাপে পুডুচেৰীয়ে ইতিমধ্যে হাজাৰ হাজাৰ পৰ্যটকক আকৰ্ষিত কৰিছে। তেওঁ এই সফলতাৰ বাবে স্থানীয় লোকসকলৰ আন্তৰিকতাক কৃতিত্ব দিয়ে আৰু উল্লেখ কৰে যে এই অঞ্চললৈ অহা ৰে'ল আৰু বিমানসমূহ সদায়েই ভৰি থাকে। আধ্যাত্মিক, পৰিৱেশ আৰু স্বাস্থ্য পৰ্যটনত  বিনিয়োগৰ জৰিয়তে চৰকাৰে এই ক্ষেত্ৰখনক নতুন উচ্চতালৈ লৈ গৈছে। ইয়াৰ ভিতৰত আছে প্ৰসাদ আঁচনিৰ অধীনত বিভিন্ন মন্দিৰত তীৰ্থযাত্ৰাৰ সুবিধাসমূহৰ উন্নয়ন সাধন। প্ৰধানমন্ত্ৰীয়ে শ্ৰী অৰবিন্দ আৰু মাদাৰে ঔৰভিলক চেতনাৰ সাৰ্বজনীন চহৰ হিচাপে কল্পনা কৰা বুলিও উল্লেখ কৰে আৰু আজি ইয়াত এক বিশ্ব আধ্যাত্মিক মহোৎসৱ আৰম্ভ হোৱাত আনন্দ প্ৰকাশ কৰে। তেওঁ গুৰুত্ব আৰোপ কৰে  যে এনেধৰণৰ সমাৰোহে বিভিন্ন অঞ্চল আৰু ধৰ্মৰ লোকসকলক একত্ৰিত কৰে।

প্ৰধানমন্ত্ৰীয়ে কয় যে পুডুচেৰী ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ এক অবিচ্ছেদ্য অংশ আছিল আৰু বহুতো মহান নেতাৰ জন্মস্থান বা কৰ্মস্থলী আছিল। তেওঁ উল্লেখ কৰে যে ১৯৪৭ চনত ভাৰতে স্বাধীনতা লাভ কৰাৰ ক্ষেত্ৰত এই ভূমিৰ গুৰুত্বপূৰ্ণ ভূমিকা আছিল। ভৱিষ্যতৰ প্ৰতি লক্ষ্য ৰাখি প্ৰধানমন্ত্ৰীয়ে ২০৪৭ চনৰ ভিতৰত পুডুচেৰী আৰু ভাৰতক এখন উন্নত দেশ হিচাপে গঢ়ি তোলাৰ লক্ষ্যৰ ওপৰত গুৰুত্ব আৰোপ কৰে আৰু এই লক্ষ্যত উপনীত হ'বলৈ ডাবল ইঞ্জিনৰ চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ বুলি আশ্বাস দিয়ে। প্ৰধানমন্ত্ৰীয়ে তেওঁৰ ভাষণৰ সামৰণিত কয়, "আমি বেষ্ট পুডুচেৰীৰ বাবে কাম কৰি যাম"।

 

***

MJPS/Dr. Pavan Khedkar/DB


(ৰিলিজ আই ডি : 2234241) অতিথি কক্ষ : 3