প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
অন্ধ্ৰ প্ৰদেশৰ কাকিনাডাত কাৰখানা বিস্ফোৰণত প্ৰাণ হেৰুওৱাসকলৰ প্ৰতি শোক প্ৰকাশ প্ৰধানমন্ত্ৰীৰ
পিএমএনআৰএফৰ পৰা সাহায্য ঘোষণা কৰিলে প্ৰধানমন্ত্ৰীয়ে
পোষ্ট কৰা হৈছে:
28 FEB 2026 6:45PM by PIB Guwahati
অন্ধ্ৰ প্ৰদেশৰ কাকিনাডা জিলাৰ এটা কাৰখানাত হোৱা বিস্ফোৰণৰ ফলত প্ৰাণ হেৰুওৱাসকলৰ প্ৰতি শোক প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰীয়ে। এই শোকাৱহ ঘটনাত আপোনজনক হেৰুওৱা পৰিয়াললৈ আন্তৰিক সমবেদনা জ্ঞাপন কৰি প্ৰধানমন্ত্ৰীয়ে আহতসকলৰ শীঘ্ৰে আৰোগ্য লাভৰ বাবেও প্ৰাৰ্থনা জনায়।
প্ৰতিজন মৃত ব্যক্তিৰ ওচৰৰ আত্মীয়ৰ বাবে প্ৰধানমন্ত্ৰীৰ ৰাষ্ট্ৰীয় সাহায্য পুঁজি (পিএমএনআৰএফ)ৰ পৰা ২ লাখ টকা আৰু
বিস্ফোৰণত আঘাতপ্ৰাপ্তসকলক ৫০হাজাৰ টকাৰ সাহায্য ঘোষণা কৰে প্ৰধানমন্ত্ৰীয়ে।
প্ৰধানমন্ত্ৰীয়ে এক্সত এনেদৰে লিখিছে ;
"অন্ধ্ৰ প্ৰদেশৰ কাকিনাডা জিলাৰ এটা কাৰখানাত সংঘটিত হোৱা বিস্ফোৰণত বহু লোকে প্ৰাণ হেৰুওৱাৰ ঘটনাত মৰ্মাহত হৈছো। আপোনজনক হেৰুওৱাসকলৰ প্ৰতি সমবেদনা জ্ঞাপন কৰিছো। আহতসকলে সোনকালে আৰোগ্য লাভ কৰক।"মৃত ব্যক্তিৰ ওচৰৰ আত্মীয়ৰ বাবে প্ৰধানমন্ত্ৰীৰ ৰাষ্ট্ৰীয় সাহায্য পুঁজি (পিএমএনআৰএফ)ৰ পৰা ২ লাখ টকা আৰু বিস্ফোৰণত আঘাতপ্ৰাপ্তসকলক ৫০হাজাৰ টকাৰ সাহায্য দিয়া হ'ব "।
***
MJPS/Dr. Pavan Khedkar/DM
(ৰিলিজ আই ডি : 2234062)
অতিথি কক্ষ : 3