প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

থিৰু আৰ নাল্লাকান্নুৰ মৃত্যুত প্ৰধানমন্ত্ৰীৰ শোক প্ৰকাশ

পোষ্ট কৰা হৈছে: 25 FEB 2026 8:50PM by PIB Guwahati

প্ৰধানমন্ত্ৰীয়ে থিৰু আৰ নাল্লাকান্নুৰ মৃত্যুত শোক প্ৰকাশ কৰি তেওঁৰ তৃণমূল পৰ্যায়ৰ লোকৰ সৈতে থকা সংযোগ আৰু অভাৱগ্ৰস্ত লোকসকলৰ কণ্ঠক গুৰুত্বপূৰ্ণ  কৰি তোলাৰ   বাবে কৰা  অক্লান্ত প্ৰচেষ্টাৰ বিষয়ে  আলোকপাত কৰিছে।

প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে থিৰু আৰ নাল্লাকান্নুক সমাজৰ প্ৰতিটো শ্ৰেণীৰ লোকে বহুলভাৱে সন্মান কৰিছিল আৰু তেওঁৰ সৰলতা আছিল উল্লেখযোগ্য। প্ৰধানমন্ত্ৰীয়ে কয যে এই সময়ছোৱাত তেওঁৰ ভাবনা নাল্লাকান্নুৰ পৰিয়াল তথা  গুণমুগ্ধসকলৰ  সৈতে আছে।

প্ৰধানমন্ত্ৰীয়ে এক্সত এনেদৰে লিখিছে ;

"থিৰু আৰ নাল্লাকান্নুক তেওঁৰ তৃণমূল পৰ্যায়ৰ সংযোগ আৰু অভাৱগ্ৰস্ত, শ্ৰমিক আৰু কৃষকৰ কণ্ঠক  গুৰুত্বপূৰ্ণ কৰি তোলা প্ৰচেষ্টাৰ বাবে স্মৰণীয় হ'ব। সমাজৰ প্ৰতিটো শ্ৰেণীৰ লোকে তেওঁক বহুলভাৱে সন্মান কৰিছিল। সমানেই উল্লেখযোগ্য আছিল তেওঁৰ সৰলতা। মোৰ ভাবনা  তেওঁৰ পৰিয়াল আৰু গুণমুগ্ধসকলৰ সৈতে আছে ।"

 

****

MJPS/PKK/DM


(ৰিলিজ আই ডি : 2232953) অতিথি কক্ষ : 5