গৃহ মন্ত্ৰালয়
azadi ka amrit mahotsav

কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে আহমেদাবাদ মেট্ৰ’ৰ ২য়-পৰ্য্যায়ৰ সম্প্ৰসাৰণত কেন্দ্ৰীয় কেবিনেটে অনুমোদন জনোৱাত অঞ্চলবাসীক অভিনন্দন জনায়

গিফ্ট চিটিৰ পৰা শ্বাহপুৰলৈ ১,০৬৭ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰিবলগীয়া নতুন মেট্ৰ’ লাইনে অঞ্চলটোৰ জনসাধাৰণলৈ সুলভ, সুবিধাজনক আৰু হাই-স্পীড যোগাযোগ ব্যৱস্থা প্ৰশস্ত কৰিব

আজি মোদী জীয়ে ৰাষ্ট্ৰক ৯,০৭২ কোটি টকা মূল্যৰ চাৰিটা মাল্টি-ট্ৰেকিং ৰেলৱে প্ৰকল্প উপহাৰ দিয়ে

গণ্ডিয়া–জবলপুৰ ৰেল লাইনৰ দ্বৈতকৰণৰ ফলশ্ৰুতিত মহাৰাষ্ট্ৰ, মধ্যপ্ৰদেশ, ঝাৰখণ্ড আৰু বিহাৰৰ ঔদ্যোগিক আৰু পৰ্যটন কাৰ্য্যকলাপ ত্বৰান্বিত হ’ব

পুনাৰাখৰ পৰা কিউললৈ আৰু গমহৰীয়াৰ পৰা চণ্ডিললৈ তৃতীয় আৰু চতুৰ্থ ৰেলপথ নিৰ্মাণে মহাৰাষ্ট্ৰ, মধ্যপ্ৰদেশ, ঝাৰখণ্ড আৰু বিহাৰৰ ঔদ্যোগিক আৰু পৰ্যটন কাৰ্য্যকলাপক ত্বৰান্বিত কৰিব

মোদী জীৰ নেতৃত্বত কেন্দ্ৰীয় কেবিনেটে শ্ৰীনগৰ বিমানবন্দৰত নতুন সংহত টাৰ্মিনেল বিল্ডিং নিৰ্মাণত অনুমোদন জনায়, ১,৬৬৭ কোটি টকা ব্যয় সাপেক্ষে ইয়াক স্থাপন কৰা হ’ব

৭১,৫০০ বৰ্গমিটাৰৰো অধিক এলেকাত মাল্টি-লেভেল কাৰ পাৰ্কিঙেৰে অত্যাধুনিক নিৰাপত্তা ব্যৱস্থা সহ টাৰ্মিনেলটোৱে কাশ্মীৰত নিয়োগ আৰু বাণিজ্যৰ বৰ্ধন ঘটাব

পাৱাৰগ্ৰিডৰ বিনিয়োগৰ সীমা ৭,৫০০ কোটি টকালৈ বৃদ্ধিৰ সিদ্ধান্তই প্ৰধানমন্ত্ৰী মোদী জীৰ প্ৰচুৰ নবীকৰণযোগ্য শক্তিৰ দৃষ্টিভংগী বাস্তৱায়িত কৰাৰ দিশত ভাৰতৰ প্ৰচেষ্টাক ত্বৰান্বিত কৰিব

পোষ্ট কৰা হৈছে: 24 FEB 2026 8:10PM by PIB Guwahati

কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে আহমেদাবাদ মেট্ৰ’ৰ ২য়-পৰ্য্যায়ৰ সম্প্ৰসাৰণত কেন্দ্ৰীয় কেবিনেটে অনুমোদন জনোৱাত অঞ্চলবাসীক অভিনন্দন জনায়।

‘এক্স’-ৰ এলানি প’ষ্টত কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে কয়, “আহমেদাবাদ মেট্ৰ’ৰ ২য়-পৰ্য্যায়ৰ সম্প্ৰসাৰণত কেন্দ্ৰীয় কেবিনেটে অনুমোদন জনোৱাত অঞ্চলবাসীক অভিনন্দন জনাইছো। গিফ্ট চিটিৰ পৰা শ্বাহপুৰলৈ ১,০৬৭ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰিবলগীয়া নতুন মেট্ৰ’ লাইনে অঞ্চলটোৰ জনসাধাৰণলৈ সুলভ, সুবিধাজনক আৰু হাই-স্পীড যোগাযোগ ব্যৱস্থা প্ৰশস্ত কৰিব।”

শ্ৰী অমিত শ্বাহে কয়, “আজি মোদী জীয়ে ৰাষ্ট্ৰক ৯,০৭২ কোটি টকা মূল্যৰ চাৰিটা মাল্টি-ট্ৰেকিং ৰেলৱে প্ৰকল্প উপহাৰ দিয়ে। গণ্ডিয়া–জবলপুৰ ৰেল লাইনৰ দ্বৈতকৰণৰ ফলশ্ৰুতিত মহাৰাষ্ট্ৰ, মধ্যপ্ৰদেশ, ঝাৰখণ্ড আৰু বিহাৰৰ ঔদ্যোগিক আৰু পৰ্যটন কাৰ্য্যকলাপ ত্বৰান্বিত হ’ব। পুনাৰাখৰ পৰা কিউললৈ আৰু গমহৰীয়াৰ পৰা চণ্ডিললৈ তৃতীয় আৰু চতুৰ্থ ৰেলপথ নিৰ্মাণে মহাৰাষ্ট্ৰ, মধ্যপ্ৰদেশ, ঝাৰখণ্ড আৰু বিহাৰৰ ঔদ্যোগিক আৰু পৰ্যটন কাৰ্য্যকলাপক ত্বৰান্বিত কৰিব।”

কেন্দ্ৰীয় গৃহমন্ত্ৰীজনে কয়, “মোদী জীৰ নেতৃত্বত কেন্দ্ৰীয় কেবিনেটে শ্ৰীনগৰ বিমানবন্দৰত নতুন সংহত টাৰ্মিনেল বিল্ডিং নিৰ্মাণত অনুমোদন জনায়, ১,৬৬৭ কোটি টকা ব্যয় সাপেক্ষে ইয়াক স্থাপন কৰা হ’ব। ৭১,৫০০ বৰ্গমিটাৰৰো অধিক এলেকাত মাল্টি-লেভেল কাৰ পাৰ্কিঙেৰে অত্যাধুনিক নিৰাপত্তা ব্যৱস্থা সহ টাৰ্মিনেলটোৱে কাশ্মীৰত নিয়োগ আৰু বাণিজ্যৰ বৰ্ধন ঘটাব।”

শ্ৰী অমিত শ্বাহে কয়, “পাৱাৰগ্ৰিডৰ বিনিয়োগৰ সীমা ৭,৫০০ কোটি টকালৈ বৃদ্ধিৰ সিদ্ধান্তই প্ৰধানমন্ত্ৰী মোদী জীৰ প্ৰচুৰ নবীকৰণযোগ্য শক্তিৰ দৃষ্টিভংগী বাস্তৱায়িত কৰাৰ দিশত ভাৰতৰ প্ৰচেষ্টাক ত্বৰান্বিত কৰিব।”

*****

RK/PR/PS/SB
 


(ৰিলিজ আই ডি : 2232531) অতিথি কক্ষ : 14
ত এই ৰিলিজটো পঢ়ক: English , Urdu , हिन्दी , Punjabi , Gujarati , Kannada