প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
উত্তৰ প্ৰদেশৰ মীৰাটত বিভিন্ন উন্নয়নমূলক কাম-কাজৰ উদ্বোধনী অনুষ্ঠানত দিয়া ভাষণৰ উল্লেখযোগ্য দিশসমূহ ভাগ-বতৰা কৰে প্ৰধানমন্ত্ৰীয়ে
পোষ্ট কৰা হৈছে:
22 FEB 2026 7:28PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে উত্তৰ প্ৰদেশৰ মীৰাটত বিভিন্ন উন্নয়নমূলক কাম-কাজৰ শুভাৰম্ভণী অনুষ্ঠানত দিয়া ভাষণৰ আলোকপাত-
এক্সৰ এলানি পোষ্টত শ্ৰী মোদীয়ে কয়;
"বিজেপিয়ে উন্নয়নক অগ্ৰাধিকাৰ দিয়াৰ লগতে নিজৰ নীতি আৰু উদ্দেশ্যক অগ্ৰাধিকাৰ দিয়ে। ইয়াৰ এক প্ৰধান উদাহৰণ হ'ল মীৰাট মেট্ৰ', যি কৃষকৰ পৰা আৰম্ভ কৰি শিপিনীলৈকে সকলোকে উপকৃত কৰিব।"
"বিগত বছৰবোৰত আমাৰ চৰকাৰে স্বাক্ষৰ কৰা গোলকীয় চুক্তিসমূহে মীৰাটকে ধৰি উত্তৰ প্ৰদেশৰ এমএছএমইসমূহৰ উন্নয়নৰ ক্ষেত্ৰত এক নতুন গতি প্ৰদান কৰিব।"
"ভাৰতত অনুষ্ঠিত বিশ্বৰ সৰ্ববৃহৎ এ আই সন্মিলনে দেশখনক গৌৰৱান্বিত কৰিলে। অৱশ্যে কংগ্ৰেছ দলে এই গোলকীয় অনুষ্ঠানটোক নিজৰ লেতেৰা আৰু উলংগ ৰাজনীতিৰ মঞ্চলৈ ৰূপান্তৰিত কৰাৰ ধৰণটো অত্যন্ত লজ্জাজনক।"
"মই আপোনালোকক আশ্বাস দিছো যে বিজেপিৰ ডাবল ইঞ্জিন চৰকাৰে উত্তৰ প্ৰদেশক দেশৰ সৰ্ববৃহৎ অৰ্থনীতি হিচাপে গঢ়ি তুলিবলৈ কোনো প্ৰতিবন্ধকতা নাৰাখে। উত্তৰ প্ৰদেশৰ বিকাশ হ'লেহে ভাৰতৰ বিকাশ হ'ব।"
"দেশৰ অত্যাধুনিক আন্তঃগাঁথনি নিৰ্মাণৰ দিশত আজিৰ দিনটো ঐতিহাসিক। সমগ্ৰ দিল্লী-মীৰাট নমো ভাৰত কৰিডৰটো ৰাষ্ট্ৰৰ বাবে উৎসৰ্গা কৰি গৌৰৱ অনুভৱ কৰিছো।"
"আমি আমাৰ নাগৰিকসকলৰ বাবে ভ্ৰমণ অধিক সুলভ আৰু সুবিধাজনক কৰি তোলাৰ বাবে সম্পূৰ্ণৰূপে প্ৰতিশ্ৰুতিবদ্ধ। মীৰাট মেট্ৰ' নেটৱৰ্কে ইয়াৰ লোকসকলৰ জীৱন আৰু অধিক সহজ কৰি তুলিব।"
"মীৰাট মেট্ৰ'ত যাত্ৰা কৰাৰ সময়ত শিশুৰ সৈতে মত বিনিময় কৰাটোৱে এই অভিজ্ঞতাক আৰু অধিক স্মৰণীয় কৰি তুলিছে।"
"উন্নয়ন প্ৰকল্পসমূহৰ সন্দৰ্ভত মীৰাটৰ জনসাধাৰণৰ উৎসাহ আৰু উদ্দীপনাই আমাক নতুন শক্তিৰে পৰিপূৰ্ণ কৰিলে।"
****
MJPS/ST/KD
(ৰিলিজ আই ডি : 2231584)
অতিথি কক্ষ : 3