গৃহ মন্ত্ৰালয়
azadi ka amrit mahotsav

অসমৰ কামৰূপত আজি অসম আৰক্ষীৰ দশম বেটেলিয়নৰ মুখ্য কাৰ্যালয়ৰ আধাৰশিলা স্থাপন আৰু জনসভাত ভাষণ কেন্দ্ৰীয় গৃহ তথা সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহৰ

বিৰোধী পক্ষই অসমৰ জাতি, মাটি আৰু ভেঁটি (সাংস্কৃতিক আধাৰ) তিনিওটাৰে ক্ষতি কৰিছে

বিৰোধী পক্ষই লাচিত বৰফুকনক যোগ্য সন্মান প্ৰদান কৰা নাছিল, আমাৰ চৰকাৰৰ অধীনত দেশৰ প্ৰতিগৰাকী শিশুৱে লাচিত বৰফুকনৰ বীৰত্বৰ বিষয়ে জানিবলৈ সক্ষম হৈছে

বিৰোধী দলে উত্তৰ পূৰ্বাঞ্চলক ভাগ্যৰ ওপৰত এৰি দিছিল, কিন্তু উত্তৰ পূৰ্বাঞ্চল আমাৰ বাবে অগ্ৰাধিকাৰ

আগন্তুক পাঁচ বছৰত অসম পূব ভাৰত আৰু সমগ্ৰ-উত্তৰ পূৰ্বাঞ্চলৰ ঔদ্যোগিক কেন্দ্ৰ হৈ উঠিব

প্ৰধানমন্ত্ৰী মোদীয়ে এখন সামৰিক বিমানেৰে মৰাণৰ ঘাইপথত অৱতৰণ কৰা দৃশ্যই সমগ্ৰ বিশ্বকে আচৰিত কৰি তুলিলে

মোদী চৰকাৰৰ অধীনত দেশখন মাওবাদমুক্ত হৈছে, অসম আৰু সমগ্ৰ দেশ অনুপ্ৰৱেশকাৰী মুক্ত হ'ব

অনুপ্ৰৱেশকাৰী মুক্ত, হিংসা মুক্ত, নিবনুৱা মুক্ত, বিকশিত অসম কেৱল আমাৰ দলেহে গঢ় দিব পাৰে

কচ্ছই হওক বা গুৱাহাটী, নিজৰ দেশ, নিজৰ মাটি, এই সংকল্পৰ সৈতে দেশ আৰু অসমৰ জনসংখ্যা সংকটৰ বিৰুদ্ধে দৃঢ়তাৰে থিয় দিছে আমাৰ দলে

পোষ্ট কৰা হৈছে: 21 FEB 2026 5:49PM by PIB Guwahati

কেন্দ্ৰীয় গৃহ তথা সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে আজি অসমৰ কামৰূপত অসম আৰক্ষীৰ দশম বেটেলিয়নৰ মুখ্য কাৰ্যালয়ৰ আধাৰশিলা স্থাপন কৰাৰ লগতে জনসভাত উপস্থিত ৰাইজক উদ্দেশ্যি ভাষণ আগবঢ়ায়। অনুষ্ঠানত অসমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য, মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু কেন্দ্ৰীয় গৃহ সচিবৰ লগতে বহুতো গণ্য-মান্য ব্যক্তি উপস্থিত থাকে।

এই উপলক্ষে আগবঢ়োৱা ভাষণত কেন্দ্ৰীয় গৃহ তথা সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে কয় যে প্ৰধানমন্ত্ৰী মোদীয়ে অসমক সকলো দিশতে বিকশিত কৰিছে আৰু অহা ৫ বছৰত অসম পূব আৰু উত্তৰ-পূব ভাৰতৰ ঔদ্যোগিক কেন্দ্ৰ হৈ উঠিব।

শ্ৰী অমিত শ্বাহে কয় যে বিৰোধী দলৰ চৰকাৰৰ দিনত অনুপ্ৰৱেশকাৰীয়ে ১৭৪ বিঘা ভূমি দখল কৰিছিল, যিটো অসমৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা জীয়ে অনুপ্ৰৱেশকাৰীৰ পৰা মুক্ত কৰিছিল আৰু আজি সেই ভূমিতে এই কাৰ্যসূচী অনুষ্ঠিত হৈছে। তেওঁ কয় যে অনুপ্ৰৱেশকাৰীয়ে দখল কৰা ভূমিৰ বাবে গুৱাহাটী, অসম আৰু সমগ্ৰ দেশলৈ ভয়ংকৰ ভাবুকি আহিছে। তেওঁ কয় যে এই অনুপ্ৰৱেশকাৰীৰ উপস্থিতি অসমৰ বিকাশৰ বাবে এক বৃহৎ প্ৰত্যাহ্বান আছিল।

কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কয় যে ১২৪ বিঘা মাটিকালিৰ এই মুখ্য কাৰ্যালয়ত আবাসিক আৰু কাৰ্য্যকৰী আন্তঃগাঁথনি থাকিব, ৭৫০গৰাকী পুৰুষ আৰু ৪৫০গৰাকী মহিলা বিষয়াৰ বাবে বেৰেক নিৰ্মাণ কৰা হ'ব। তদুপৰি, ইয়াত এখন ক্ষুদ্ৰ চিকিৎসালয়, প্ৰশিক্ষণ কেন্দ্ৰ, ফায়াৰিং ৰেঞ্জ, আধুনিক নিৰীক্ষণ কেন্দ্ৰ আৰু অসম আৰক্ষীৰ বাবে এটা বৃহৎ ক্ৰীড়া কমপ্লেক্স নিৰ্মাণ কৰা হ'ব। তেওঁ কয় যে যি স্থানত নিৰাপত্তাৰ বাবে প্ৰত্যাহ্বান আছিল, সেই স্থানতে আজি সেই প্ৰত্যাহ্বান দূৰ কৰিবলৈ অসম আৰক্ষীৰ দশম বেটেলিয়ন স্থাপন কৰা হৈছে।

শ্ৰী অমিত শ্বাহে কয় যে পূৰ্বৰ চৰকাৰৰ দিনত অসমত অনুপ্ৰৱেশকাৰীয়ে প্ৰৱেশ কৰিছিল আৰু অসমৰ জনগাঁথনি সংকটজনক অৱস্থালৈ লৈ গৈছিল। তেওঁ কয় যে ধুবৰী, বৰপেটা, মৰিগাঁও, দৰং, বঙাইগাঁও, নগাঁও আদিৰ দৰে অসমৰ বহু অঞ্চলত অনুপ্ৰৱেশকাৰীৰ সংখ্যাগৰিষ্ঠতাৰ বাবে বিৰোধী দল প্ৰত্যক্ষভাৱে জগৰীয়া। শ্ৰী শ্বাহে কয় যে বিৰোধী পক্ষই কৰা পাপৰ পৰা অসমক মুক্ত কৰাৰ কাম আমাৰ দলৰ চৰকাৰে কৰিব। তেওঁ কয় যে হিমন্ত বিশ্ব শৰ্মা জীয়ে প্ৰায় ১ লাখ ৪৫ হাজাৰ বিঘা ভূমি অনুপ্ৰৱেশকাৰীৰ পৰা মুক্ত কৰিছে। তেওঁ কয় যে হিমন্ত বিশ্ব শৰ্মা জীয়ে অসমৰ ১.৪ লাখ লোকক দুৰ্নীতিমুক্তভাৱে চৰকাৰী চাকৰি প্ৰদান কৰিছে। শ্ৰী শ্বাহে কয় যে আগন্তুক পাঁচ বছৰত আমাৰ চৰকাৰ গঠন হ'লে আমি এজন এজনকৈ অনুপ্ৰৱেশকাৰীক দেশৰ পৰা বাহিৰ কৰাৰ কাম কৰিম।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ ভূমিৰ পৰা অনুপ্ৰৱেশকাৰীক উচ্ছেদ কৰাৰ বাবে সাহস আৰু সংকল্প লৈছে বুলি কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে কয়। তেওঁ কয় যে অনুপ্ৰৱেশকাৰীক বাহিৰ কৰাৰ বাবে ৰাজ্য চৰকাৰৰ সমৰ্থন প্ৰয়োজন, যিটো বিৰোধী দলৰ চৰকাৰ হ'লে কেতিয়াও পোৱা নাযায়। শ্বাহে কয় যে বিৰোধী দলৰ ভোট বেংক হিচাপে অনুপ্ৰৱেশকাৰীয়ে কাম কৰি আছে। তেওঁ কয় যে যদি আমাৰ দলে চৰকাৰ গঠন কৰে, তেন্তে অহা ৫ বছৰত আমি কেৱল ভোটাৰ তালিকাৰ পৰাহে নহয়, দেশৰ পৰাও অনুপ্ৰৱেশকাৰীসকলক বাহিৰ কৰিম।

শ্ৰী অমিত শ্বাহে কয় যে নিৰ্বাচন আয়োগে এছআৰআইৰ ব্যৱস্থা কৰিছে কাৰণ এছআইআৰৰ জৰিয়তে অনুপ্ৰৱেশকাৰীক চিনাক্ত কৰিব পৰা যাব। তেওঁ কয় যে বিৰোধী দলৰ নেতাসকলে এছআইআৰৰ বিৰুদ্ধে আন্দোলন আৰম্ভ কৰিছে। তেওঁ লগতে কয় যে এই দেশখন অনুপ্ৰৱেশকাৰীৰ পৰা মুক্ত হ'ব লাগিব। তেওঁ কয় যে অসমক এখন শান্তিপূৰ্ণ ৰাজ্য হিচাপে গঢ়ি তুলিবলৈ অনুপ্ৰৱেশকাৰীক উচ্ছেদ কৰাটো অতি গুৰুত্বপূৰ্ণ। তেওঁ কয় যে মোদী চৰকাৰৰ অধীনত দেশখন মাওবাদমুক্ত হৈছে, অসম আৰু সমগ্ৰ দেশখন অনুপ্ৰৱেশকাৰী মুক্ত হ'ব। তেওঁ কয় যে বিৰোধী পক্ষই অসমৰ উৰ্বৰ ভূমিত অনুপ্ৰৱেশকাৰীক প্ৰৱেশৰ অনুমতি প্ৰদান কৰিছিল, অনুপ্ৰৱেশকাৰীয়ে অসমীয়া সম্প্ৰদায়ৰ পৰিচয়ক ক্ষতিগ্ৰস্ত কৰাৰ লগতে সাংস্কৃতিক ঐতিহ্যকো বিপদাপন্ন কৰিছে। শ্ৰী শ্বাহে কয় যে বিৰোধী পক্ষই জাতি, মাটি আৰু ভেটি (সাংস্কৃতিক আধাৰ) তিনিওটাৰে ক্ষতি কৰিছে।

কেন্দ্ৰীয় গৃহ তথা সমবায় মন্ত্ৰীয়ে কয় যে কেইবা দশক ধৰি বিৰোধী দলৰ শাসনকালত লাচিত বৰফুকনক কোনেও চিনি পোৱা নাছিল, কিন্তু আজি গুজৰাটৰ পৰা কামাখ্যা আৰু কাশ্মীৰৰ পৰা কন্যাকুমাৰীলৈকে সমগ্ৰ দেশৰ শিশুসকলে লাচিত বৰফুকনক জানে আৰু এই কাম কৰিছে নৰেন্দ্ৰ মোদীয়ে। আমি অসমৰ সংস্কৃতিক আগুৱাই নিছো আৰু অসমৰ লোকসকলক পদ্ম সন্মানেৰে সন্মানিত কৰিছো। ভূপেন হাজৰিকা আৰু গোপীনাথজীক ভাৰত ৰত্ন প্ৰদানৰ কামো আমাৰ চৰকাৰে কৰিছে।

শ্ৰী অমিত শ্বাহে কয় যে আমাৰ দলৰ অসম চৰকাৰে ১০ বছৰত আইন-শৃংখলা উন্নত কৰাৰ বাবে বহু কাম কৰিছে। তেওঁ কয় যে বিৰোধী দলে উত্তৰ-পূৰ্বাঞ্চলক সদায় ভাগ্যৰ ওপৰত এৰি দিছিয়। তেওঁ কয় যে প্ৰধানমন্ত্ৰী মোদীয়ে ১১ বছৰত ৮০ বাৰ উত্তৰ পূৰ্বাঞ্চল ভ্ৰমণ কৰিছে আৰু ইয়ে প্ৰমাণ কৰে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু আমাৰ চৰকাৰৰ অগ্ৰাধিকাৰ হৈছে উত্তৰ-পূৰ্বাঞ্চল।

কেন্দ্ৰীয় গৃহ তথা সমবায় মন্ত্ৰীয়ে কয় যে অসমৰ বিকাশৰ বাবে আমাৰ চৰকাৰে বহুতো পদক্ষেপ গ্ৰহণ কৰিছে। তেওঁ কয় যে লাখ লাখ মহিলাক আত্মসহায়ক গোটৰ সৈতে সংযুক্ত কৰা হৈছে, ২.৫ লাখ ভূমিহীন আদিবাসী লোকক ভূমিৰ অধিকাৰ প্ৰদান কৰা হৈছে আৰু চাহ শ্ৰমিকসকলৰ বাবে বিশেষ আঁচনিও আৰম্ভ কৰা হৈছে। তেওঁ কয় যে ১৪ ফেব্ৰুৱাৰীত অসমৰ ঘাইপথত প্ৰধানমন্ত্ৰী মোদীয়ে সামৰিক বিমান অৱতৰণ কৰি কৈছিল যে অসম এতিয়া পৰিৱৰ্তন হ'বলৈ ধৰিছে।

শ্ৰী অমিত শ্বাহে কয় যে অসমৰ বিৰোধী পক্ষই অনুপ্ৰৱেশকাৰীক সুবিধা প্ৰদানৰ একক উদ্দেশ্যৰে আইএমডিটি আইন, ১৯৮৩ গৃহীত কৰিছিল। তেওঁ কয় যে অসমৰ ভূমিৰ পৰা অনুপ্ৰৱেশকাৰীক আঁতৰাই নল'লে অসম সুৰক্ষিত নহ'ব আৰু অসমৰ সংস্কৃতি, ভাষা, সাহিত্য সুৰক্ষিত নহ'ব। তেওঁ কয় যে বিৰোধী দলে অসমৰ স্বাৰ্থ, সংস্কৃতি আৰু বিকাশৰ বাবে একো কৰা নাই। শ্ৰী শ্বাহে কয় যে ২৭ হাজাৰ কোটি টকীয়া অৰ্ধপৰিবাহী প্ৰকল্প ইয়াত স্থাপন কৰা হৈছে। অসমৰ শিশু আৰু যুৱক-যুৱতীসকলৰ বাবে নতুন নতুন পাঠ্যক্ৰম প্ৰস্তুত কৰা হৈছে, শিক্ষাৰ ক্ষেত্ৰত আমূল পৰিৱৰ্তন আহিছে আৰু অসম চৰকাৰে নিয়োগ সৃষ্টিৰ বাবেও বহুতো আঁচনি লৈ আহিছে।

কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে উগ্ৰবাদমুক্ত, দৰিদ্ৰতামুক্ত, নিবনুৱামুক্ত, উন্নয়নমুক্ত আৰু বানমুক্ত অসম গঢ়াৰ বাবে আমাৰ দলৰ চৰকাৰ পুনৰ গঠন কৰিব লাগিব বুলি কয়।

****

आरके / आरआर/DB


(ৰিলিজ আই ডি : 2231392) অতিথি কক্ষ : 5
ত এই ৰিলিজটো পঢ়ক: English , Urdu , Gujarati , Tamil , Kannada