গৃহ মন্ত্ৰালয়
azadi ka amrit mahotsav

কাইলৈ অসমৰ কাছাৰ জিলাৰ নাথানপুৰ গাঁৱত 'সজীৱ গাঁও কাৰ্যসূচী-২' (ভিভিপি-২) শুভাৰম্ভ কৰিব কেন্দ্ৰীয় গৃহ তথা সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে

২০৪৭ বৰ্ষৰ বিকশিত ভাৰত আঁচনিৰ দৃষ্টিভংগীৰ সৈতে সংগতি ৰাখি সীমান্তত নিৰাপদ, সুস্থিৰ আৰু সমৃদ্ধিশালী সম্প্ৰদায় গঢ়ি তোলাত গুৰুত্ব আৰোপ

এই কাৰ্যসূচীয়ে স্থানীয় বাসিন্দাসকলক সীমান্ত সুৰক্ষাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ বৰঙণি আগবঢ়োৱাৰ লগতে সতৰ্কতাৰে সীমান্ত পাৰ হৈ অহা অপৰাধ প্ৰতিৰোধ কৰাত সক্ষম কৰি তুলিব

ভিভিপি-২ হৈছে ৬,৮৩৯ কোটি টকাৰ এক আঁচনি, যিখন ১৫খন ৰাজ্য আৰু দুখন কেন্দ্ৰীয় শাসিত অঞ্চলত এক সামগ্ৰিক আৰু সমন্বিত পদ্ধতিৰে ৰূপায়ণ কৰা হ'ব

পোষ্ট কৰা হৈছে: 19 FEB 2026 1:31PM by PIB Guwahati

কেন্দ্ৰীয় গৃহ তথা সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে কাইলৈ অসমত ভিভিপি-২ৰ শুভাৰম্ভ কৰিব, যিটো সীমান্তৰ গাঁওসমূহক শক্তিশালী কৰি তোলা আৰু সীমান্ত অঞ্চলত সমাৱেশী বিকাশৰ প্ৰচেষ্টাত এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি।  ২০ ফেব্ৰুৱাৰী, ২০২৬ত কাচাৰ জিলাৰ নাথানপুৰ গাঁৱত এই কাৰ্যসূচীৰ আনুষ্ঠানিক শুভাৰম্ভ কৰা হ'ব।

'সজীৱ গাঁও কাৰ্যসূচী-২ এই আঁচনিৰ লক্ষ্য হৈছে এক সামগ্ৰিক আৰু সমন্বিত পদ্ধতিৰ জৰিয়তে সীমান্তৱর্তী গাঁওসমূহৰ ব্যাপক আৰু বহনক্ষম উন্নয়ন সাধন কৰা। ইয়াৰ লক্ষ্য হৈছে অত্যাৱশ্যকীয় আন্তঃগাঁথনি উন্নত কৰা, মৌলিক সেৱাসমূহৰ উপলব্ধতা বৃদ্ধি কৰাৰ লগতে বহনক্ষম জীৱিকাৰ সুযোগ সৃষ্টি কৰা, যাৰ জৰিয়তে বিকশিত ভাৰত ২০৪৭ৰ দৃষ্টিভংগীৰ সৈতে সংগতি ৰাখি সুৰক্ষিত, সুস্থিৰ আৰু সমৃদ্ধিশালী সীমান্ত সম্প্ৰদায়ক প্ৰোৎসাহিত কৰা।

সীমান্তৰ গাঁওসমূহক শক্তিশালী কৰা এই কাৰ্যসূচীয়ে ইয়াৰ বাসিন্দাসকলক ৰাষ্ট্ৰৰ চকু আৰু কাণ ৰূপে কাম কৰিবলৈ সক্ষম কৰে, যাৰ ফলত সীমান্ত সুৰক্ষা, সীমান্তৰ সিপাৰৰ অপৰাধ প্ৰতিৰোধ আৰু আভ্যন্তৰীণ সুৰক্ষা শক্তিশালী কৰাত গুৰুত্বপূৰ্ণ বৰঙণি যোগায়।

সজীৱ গাঁও কাৰ্যসূচী-২ হৈছে এক কেন্দ্ৰীয় খণ্ডৰ আঁচনি যাৰ বাবে ২০২৮-২৯ বিত্তীয় বৰ্ষলৈকে ৬,৮৩৯ কোটি টকা ব্যয় কৰা হৈছে। ভিভিপি-২ আঁচনি ১৫খন ৰাজ্য আৰু দুখন কেন্দ্ৰীয় শাসিত অঞ্চলত ৰূপায়ণ কৰা হ'ব।

 

****

RK/RR/PR/PS/DB


(ৰিলিজ আই ডি : 2230220) অতিথি কক্ষ : 8