প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কৰিলে ক্ৰ'ৱেচিয়াৰ প্ৰধানমন্ত্ৰীয়ে
পোষ্ট কৰা হৈছে:
18 FEB 2026 5:41PM by PIB Guwahati
ক্ৰ’ৱেচিয়াৰ প্ৰধানমন্ত্ৰী মহামহিম আন্দ্ৰেজ প্লেংকোভিচে আজি নতুন দিল্লীত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে।
দুয়োগৰাকী নেতাই প্ৰযুক্তি, উদ্ভাৱন, জাহাজ নিৰ্মাণ, নীলা অৰ্থনীতি আৰু আইএমইইচি কৰিডৰৰ জৰিয়তে সংযোগ বৃদ্ধিৰ দৰে ক্ষেত্ৰত দ্বিপাক্ষিক অংশীদাৰিত্বক কিদৰে অধিক গতিশীল কৰিব পাৰি সেই বিষয়ত আলোচনা কৰে।
এক্সত দিয়া পৃথক পৃথক পোষ্টত শ্ৰী মোদীয়ে কয়-
'ক্ৰ'ৱেচিয়াৰ প্ৰধানমন্ত্ৰী আন্দ্ৰেজ প্লেংকোভিচৰ সৈতে ফলপ্ৰসূ আলোচনা কৰিলোঁ।আমি প্ৰযুক্তি, উদ্ভাৱন, জাহাজ নিৰ্মাণ, নীলা অৰ্থনীতি আৰু আইএমইইচি কৰিডৰৰ জৰিয়তে সংযোগ বৃদ্ধিৰ দৰে ক্ষেত্ৰত আমাৰ দ্বিপাক্ষিক অংশীদাৰিত্বক কিদৰে অধিক গতিশীল কৰিব পাৰি সেই বিষয়ে আলোচনা কৰিলোঁ, লগতে ভাৰত-ইউৰোপীয় ইউনিয়নৰ এফটিএলৈ তেওঁৰ ব্যক্তিগত সমৰ্থনৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰিলোঁ, যিয়ে ভাৰতৰ লগতে ইউৰোপৰ লোকসকলৰ বাবে অভূতপূৰ্ব অগ্ৰগতি কঢ়িয়াই আনিব।
'ক্ৰ'ৱেচিয়া গণৰাজ্যৰ প্ৰধানমন্ত্ৰী আন্দ্ৰেজ প্লেংকোভিচৰ সৈতে মোৰ এক ফলপ্ৰসূ আলোচনা হয় ।আমি আমাৰ দ্বিপাক্ষিক অংশীদাৰিত্ব আৰু অধিক শক্তিশালী কৰিব পৰা সুযোগৰ বিষয়ে আলোচনা কৰিলোঁ, প্ৰযুক্তি, উদ্ভাৱন, জাহাজ নিৰ্মাণ আৰু নীলা অৰ্থনীতিৰ উন্নয়নৰ ক্ষেত্ৰত সহযোগিতা গভীৰ কৰাৰ লগতে আইএমইইচি কৰিডৰৰ জৰিয়তে সংযোগ উন্নত কৰাৰ ওবিষয়তো বিশেষ গুৰুত্ব আৰোপ কৰিলোঁ।ভাৰত আৰু ইউৰোপৰ নাগৰিকসকলৰ বাবে অধিক উন্নয়ন সাধন কৰিব পৰা ভাৰত–ইউৰোপীয় ইউনিয়নৰ মুক্ত বাণিজ্য চুক্তি (ভাৰত–ইউৰোপীয় ইউনিয়নৰ এফটিএ) সম্পাদন সন্দৰ্ভত তেওঁৰ ব্যক্তিগত সমৰ্থনৰ বাবে মই বিশেষভাৱে কৃতজ্ঞতা প্ৰকাশ কৰিলোঁ।
@AndrejPlenkovic”
***
MJPS/SR/DM
(ৰিলিজ আই ডি : 2229956)
অতিথি কক্ষ : 5
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
हिन्दी
,
Marathi
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam