গৃহ মন্ত্ৰালয়
azadi ka amrit mahotsav

গুজৰাটৰ ৰাজধানী গান্ধীনগৰত কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় দপ্তৰৰ মন্ত্ৰী শ্ৰী অমিত শ্বাহে কেন্দ্ৰীয় বেংকৰ ডিজিটেল মুদ্ৰা (চিবিডিচি) ভিত্তিক ৰাজহুৱা বিতৰণ ব্যৱস্থা (পিডিএছ) মুকলি কৰে

মোদী চৰকাৰৰ অধীনত ডিজিটেল ইণ্ডিয়াই দৰিদ্ৰ লোকক সুলভ মূল্যৰ খাদ্য শস্য যোগান ধৰাৰ ক্ষেত্ৰখনত প্ৰৱেশ কৰিছে

চিবিডিচি ভিত্তিক ৰাজহুৱা বিতৰণ ব্যৱস্থাই প্ৰধানমন্ত্ৰী মোদীৰ ‘নূন্যতম চৰকাৰ, সৰ্বোচ্চ শাসন’ৰ দৃষ্টিভংগীক পিডিএছৰ জড়িয়তে কাৰ্যকৰী কৰিছে

এই বিতৰণ ব্যৱস্থাটো হৈছে প্ৰযুক্তি আৰু প্ৰধানমন্ত্ৰী মোদীৰ দৰিদ্ৰৰ প্ৰতি সংবেদনশীলতাৰ এক অনন্য প্ৰকাশ, ই অভাৱগ্ৰস্তসকলৰ অধিকাৰ সুৰক্ষিত কৰাৰ বাবে এক সুৰক্ষিত তথা স্বচ্ছ ব্যৱস্থা হিচাপে কাম কৰিব

প্ৰধানমন্ত্ৰী মোদীয়ে এফ টি এ আৰু বাণিজ্যিক চুক্তিৰ জৰিয়তে কৃষকৰ স্বাৰ্থ সুৰক্ষিত কৰাৰ বিপৰীতে বিৰোধীয়ে মিছা কথা প্ৰচাৰ কৰি কৃষকক বিপথে পৰিচালিত কৰিছে

প্ৰধানমন্ত্ৰী মোদীয়ে সদায় কৃষকৰ সুৰক্ষাৰ বাবে স্তম্ভৰ দৰে থিয় দি আহিছে, আনহাতে পূৰ্বৰ চৰকাৰে ডাংকেল প্ৰস্তাৱত স্বাক্ষৰ কৰি কৃষকক অসুৰক্ষিত কৰি তুলিছিল

প্ৰধানমন্ত্ৰী মোদীয়ে দৰিদ্ৰ, দলিত, পিছপৰা শ্ৰেণী আৰু জনজাতীয় সম্প্ৰদায়ৰ লোকসকলক দেশৰ সম্পদৰ ওপৰত প্ৰথম অধিকাৰ প্ৰদান কৰিছে

পোষ্ট কৰা হৈছে: 15 FEB 2026 3:51PM by PIB Guwahati

কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় দপ্তৰৰ মন্ত্ৰী শ্ৰীযুত অমিত শ্বাহে আজি গুজৰাটৰ গান্ধীনগৰত কেন্দ্ৰীয় বেংকৰ ডিজিটেল মুদ্ৰাৰ ওপৰত ভিত্তি কৰি এক স্বচ্ছ, আধুনিক, আৰু সহজ ৰাজহুৱা বিতৰণ ব্যৱস্থা (পিডিএছ) মুকলি কৰে। এই উপলক্ষ্যে আয়োজিত অনুষ্ঠানত  গুজৰাটৰ মুখ্যমন্ত্ৰী শ্ৰীযুত ভূপেন্দ্ৰ পেটেল, কেন্দ্ৰীয় গ্ৰাহক পৰিক্ৰমা, খাদ্য আৰু ৰাজহুৱা বিতৰণ দপ্তৰৰ মন্ত্ৰী শ্ৰীযুত প্ৰহ্লাদ যোশীকে ধৰি বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

ভাষণ প্ৰসংগত  কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায়  মন্ত্ৰী শ্ৰীযুত অমিত শ্বাহে কয় যে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী জীৰ পৰা অনুপ্ৰাণিত হৈ ডিজিটেল ইণ্ডিয়া এতিয়া খাদ্য আৰু যোগান ব্যৱস্থালৈ সম্প্ৰসাৰিত হৈছে। তেওঁ কয় যে প্ৰধানমন্ত্ৰী মোদীয়ে দেশৰ সম্পদৰ ওপৰত প্ৰথম অধিকাৰ দৰিদ্ৰ, দলিত, পিছপৰা শ্ৰেণী, আৰু জনজাতীয় জনগোষ্ঠীক দিছে। তেওঁ উল্লেখ কৰে যে ইয়াৰ পূৰ্বে ভাৰতত ৬০ কোটি লোক আছিল, যাৰ পৰিয়ালত এটাও বেংক একাউণ্ট নাছিল, কিন্তু প্ৰধানমন্ত্ৰী মোদী জীৰ নেতৃত্বত এতিয়া বিশ্বৰ আধা সংখ্যক  ডিজিটেল লেনদেন ভাৰতত সংঘটিত হয়। তেওঁ লগতে কয় যে একেখন ডিজিটেল ইণ্ডিয়াই এতিয়া দেশৰ দৰিদ্ৰ লোকসকলক সুলভ মূল্যৰ খাদ্য শস্য যোগান ধৰাৰ ক্ষেত্ৰখনত  প্ৰৱেশ কৰিছে। শ্ৰী শ্বাহে কয় যে এই ব্যৱস্থাই দুখীয়াক ৰেচন প্ৰদানৰ ব্যৱস্থাৰ পৰা দুৰ্নীতি সম্পূৰ্ণৰূপে নাইকিয়া কৰিব।

অমিত শ্বাহে কয় যে সমগ্ৰ দেশতে সংযোগ সম্প্ৰসাৰণৰ লগে লগে এতিয়া দৰিদ্ৰ লোকসকলে যাতে পোনপটীয়াকৈ ডিজিটেল মাধ্যমেৰে খাদ্য শস্য লাভ কৰে তাৰ ব্যৱস্থা কৰা হ’ব।তেওঁ মন্তব্য কৰে যে প্ৰত্যক্ষ লাভ হস্তান্তৰ (ডিবিটি)ৰ দ্বাৰা দেশত প্ৰৱঞ্চনা আৰু কেলেংকাৰী দূৰ  কৰি অনাগত দিনত খাদ্য আৰু ৰাজহুৱা বিতৰণ মন্ত্ৰালয়ে স্বচ্ছ বিতৰণ ব্যৱস্থা সুনিশ্চিত কৰিব। শ্ৰী শ্বাহে কয় যে প্ৰধানমন্ত্ৰী মোদী জীৰ ‘নূন্যতম চৰকাৰ, সৰ্বোচ্চ শাসন’ মন্ত্ৰ আজি এক নতুন খণ্ডত ভূমিত ৰূপায়ণ কৰা হৈছে।

কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে কয় যে প্ৰযুক্তিবিদ্যা আৰু প্ৰধানমন্ত্ৰী মোদীৰ দৰিদ্ৰ লোকৰ প্ৰতি সংবেদনশীলতাৰ এক অনন্য প্ৰকাশ  এই বিতৰণ ব্যৱস্থাই দৰিদ্ৰ লোকৰ অধিকাৰ সুৰক্ষিত আৰু স্বচ্ছভাৱে সুৰক্ষিত কৰাৰ এক মাধ্যম হৈ পৰিব। তেওঁ উল্লেখ কৰে যে আজি মাত্ৰ ৩৫ ছেকেণ্ডত ২৫ কিলোগ্ৰাম  খাদ্য শস্য বিতৰণ কৰা ‘অন্নপূৰ্ণা’ মেচিনটোও উদ্বোধন কৰা হয়। শ্ৰী শ্বাহে কয় যে আগন্তুক ৩-৪ বছৰত সমগ্ৰ দেশতে এই ব্যৱস্থা ৰূপায়ণ কৰা হ’ব। তেওঁ উল্লেখ কৰে যে এই খাদ্য শস্য বিতৰণ ব্যৱস্থা সম্পূৰ্ণ স্বচ্ছ হ’ব, আৰু ইয়াক কাৰ্যকৰী হোৱাৰ পিছত দেশৰ প্ৰতিজন দৰিদ্ৰ ব্যক্তিয়ে ৫ কেজি বিনামূলীয়া খাদ্য শস্য লাভ কৰিবলৈ সক্ষম হ’ব। তেওঁ আৰু কয় যে ‘অন্নপূৰ্ণা’ মেচিনে উন্নত মান, সঠিক পৰিমাণ আৰু স্বচ্ছ বিতৰণ নিশ্চিত কৰাত সহায় কৰিব। শ্ৰী শ্বাহে কয় যে ক্ৰমান্বয়ে  আমাৰ বিশাল দেশখনৰ—কাশ্মীৰৰ পৰা কন্যাকুমাৰীলৈ আৰু দ্বাৰকাৰ পৰা কামাখ্যালৈকে এই ব্যৱস্থা ৰূপায়ণ কৰা উচিত।

শ্ৰী অমিত শ্বাহে কয় যে আজি দেশৰ ১ লাখ ৭ হাজাৰ গাঁৱত সংযোগ স্থাপন হৈছে। তেওঁ উল্লেখ কৰে যে প্ৰধানমন্ত্ৰী মোদী  জীয়ে দেশৰ ৮০ কোটি লোকক প্ৰতিমাহে প্ৰতিজন ব্যক্তিৰ বাবে ৫  কিলোগ্ৰাম  বিনামূলীয়া খাদ্যশস্য প্ৰদান কৰিছে। শ্ৰী শ্বাহে কয় যে খাদ্য সুৰক্ষা এতিয়া স্বচ্ছ হৈ পৰিছে। তেওঁ উল্লেখ কৰে যে প্ৰধানমন্ত্ৰী মোদী জীয়ে প্ৰধানমন্ত্ৰী ষ্ট্ৰীট ভেণ্ডাৰৰ আত্মনিৰ্ভৰ নিধি (PM SVANidhi) আঁচনিৰ সুবিধা সমগ্ৰ দেশৰ ১ কোটি ৯ লাখ ষ্ট্ৰীট ভেণ্ডৰলৈ সম্প্ৰসাৰিত কৰিছে। তেওঁ লগতে কয় যে কঠিন নীতিৰ জৰিয়তে মোদী চৰকাৰে বিগত ১০ বছৰত ৬০ কোটিৰো অধিক লোকৰ জীৱন ধাৰণৰ মান উন্নত কৰাৰ লগতে ২৭ কোটি লোকক দৰিদ্ৰ সীমাৰেখাৰ ওপৰলৈ উন্নীত কৰিছে।

কেন্দ্ৰীয় গৃহমন্ত্ৰী আৰু সমবায়  মন্ত্ৰীগৰাকীয়ে কয় যে মূল বিৰোধী দল আৰু তেওঁলোকৰ চৰকাৰে সদায় মিছা কথা কয় আৰু জনসাধাৰণক বিপথে পৰিচালিত কৰে। শ্ৰী শ্বাহে কয় যে পূৰ্বৰ চৰকাৰৰ দিনত কৃষিৰ বাজেট মাত্ৰ ২৬ হাজাৰ কোটি ধৰা হৈছিল , যিটো প্ৰধানমন্ত্ৰী মোদী জীয়ে ১ লাখ ২৯ হাজাৰ কোটি টকালৈ বৃদ্ধি কৰিছে। তেওঁ লগতে কয় যে পূৰ্বৰ চৰকাৰে ৭০ বছৰত মাত্ৰ এবাৰহে ঋণ ৰেহাই ঘোষণা কৰি কৃষকক হতাশ  কৰিছিল, আনহাতে প্ৰধানমন্ত্ৰী মোদী জীয়ে বিগত ১০ বছৰ ধৰি প্ৰতি বছৰে কৃষকলৈ ৬ হাজাৰ টকা পোনপটীয়াকৈ সৰবৰাহ কৰি আহিছে, যাৰ ফলত কৃষকে ঋণ লোৱাৰ একেবাৰেই প্ৰয়োজন নোহোৱা হৈ পৰিছে।

শ্ৰী অমিত শ্বাহে কয় যে ইউৰোপীয় সংঘ আৰু ব্ৰিটেইনৰ সৈতে স্বাক্ষৰিত মুক্ত বাণিজ্য চুক্তি (এফটিএ), আৰু আমেৰিকাৰ সৈতে বাণিজ্যিক চুক্তিৰ সন্দৰ্ভত বিৰোধীয়ে দেশখনক বিপথে পৰিচালিত কৰিছে। তেওঁ কয় যে পূৰ্বৰ চৰকাৰে ডাংকেল প্ৰস্তাৱত স্বাক্ষৰ কৰি কৃষকক দুৰ্বল কৰি তুলিছিল। তেওঁ কয় যে ইউৰোপীয় সংঘ আৰু ব্ৰিটেইনৰ সৈতে হোৱা মুক্ত বাণিজ্য চুক্তি, আৰু আমেৰিকাৰ সৈতে হোৱা বাণিজ্যিক চুক্তিৰ জৰিয়তে প্ৰধানমন্ত্ৰী মোদী জীয়ে দেশৰ কৃষকৰ স্বাৰ্থ সম্পূৰ্ণৰূপে সুৰক্ষিত কৰিছে। তেওঁ লগতে কয় যে প্ৰধানমন্ত্ৰী মোদীয়ে এই চুক্তিসমূহৰ জৰিয়তে ভাৰতৰ দুগ্ধ খণ্ডকো সুৰক্ষা প্ৰদান কৰিছে। শ্ৰী শ্বাহে কয় যে এই চুক্তিসমূহে ভাৰতৰ কৃষি আৰু মাছমৰীয়াৰ সামগ্ৰীসমূহ বিশ্বৰ বজাৰলৈ যোৱাৰ পথ মুকলি কৰিছে। তেওঁ দৃঢ়তাৰে কয় যে প্ৰধানমন্ত্ৰী মোদী জীয়ে কৃষক, মাছমৰীয়া, আৰু পশুপালকসকলৰ স্বাৰ্থত কেতিয়াও আপোচ নকৰে। তেওঁ লগতে কয় যে দেশৰ কৃষকক সুৰক্ষা দিয়াৰ ক্ষেত্ৰত আজি প্ৰধানমন্ত্ৰী মোদী জীয়ে স্তম্ভৰ দৰে থিয় দিছে।

কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কয় যে আজি খাদ্য বিতৰণ আৰু খাদ্য সুৰক্ষাৰ ক্ষেত্ৰত দুৰ্নীতি আৰু স্বচ্ছতাৰ অভাৱ নাইকিয়া হৈছে। তেওঁ কয় যে ইয়াৰ দ্বাৰা প্ৰতিজন দৰিদ্ৰ নাগৰিকৰ খাদ্যৰ অধিকাৰ সুৰক্ষিত হ’ব, যাৰ ফলত ইয়াত মধ্যভোগীৰ বাবে কোনো স্থান নাথাকিব।

 

***

RK/PR/PS/DM


(ৰিলিজ আই ডি : 2228580) অতিথি কক্ষ : 6