প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

মহাশিৱৰাত্ৰি উপলক্ষ্যে সকলোকে শুভেচ্ছা জনালে প্ৰধানমন্ত্ৰীয়ে

পোষ্ট কৰা হৈছে: 15 FEB 2026 11:02AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মহাশিৱৰাত্ৰি উপলক্ষ্যে  আজি সকলোকে শুভেচ্ছা জনাইছে। “আদিদেৱ মহাদেৱে সদায় সকলোৰে ওপৰত নিজৰ কৃপা বৰ্ষণ কৰক।সকলোৱে মংগলৰ বাবে আশীৰ্বাদ লাভ কৰক আৰু আমাৰ ভাৰতবৰ্ষ সমৃদ্ধিৰ শিখৰৰ সিংহাসনতউপবিষ্ট হওক”, শ্ৰী মোদীয়ে কয়।

প্ৰধানমন্ত্ৰীয়ে এক্সত এনেদৰে পোষ্ট কৰিছে:

"সমগ্ৰ দেশৰ মোৰ পৰিয়ালৰ সদস্যসকললৈ মহাশিৱৰাত্ৰিৰ শুভেচ্ছা থাকিল। আদিদেৱ মহাদেৱে সদায় সকলোৰে ওপৰত আশীৰ্বাদ বৰ্ষণ  কৰক। তেওঁৰ  আশীৰ্বাদে সকলোৰে বাবে সমৃদ্ধি কঢ়িয়াই আনক আৰু আমাৰ ভাৰতে সমৃদ্ধিৰ শিখৰত উপনীত হওক।"

হৰ হৰ মহাদেৱ!"

 

***

MJPS/VJ/DM


(ৰিলিজ আই ডি : 2228318) অতিথি কক্ষ : 7