গৃহ মন্ত্ৰালয়
পুলৱামা সন্ত্ৰাসবাদী আক্ৰমণত শ্বহীদ হোৱা জোৱানসকলৰ বীৰত্বক স্মৰণ কৰি তেওঁলোকৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কেন্দ্ৰীয় গৃহ তথা সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহৰ
সন্ত্ৰাসবাদ মানৱতাৰ আটাইতকৈ ডাঙৰ শত্ৰু আৰু ভাৰতে ইয়াক সম্পূৰ্ণৰূপে নিৰ্মূল কৰিবলৈ বদ্ধপৰিকৰ
সন্ত্ৰাসবাদৰ মোকাবিলা কৰাত আমাৰ নিৰাপত্তা বাহিনী আৰু নিৰাপত্তা সংস্থাসমূহৰ সাহস, নিষ্ঠা আৰু ত্যাগৰ বাবে দেশবাসী সদায় ঋণী হৈ থাকিব
পোষ্ট কৰা হৈছে:
14 FEB 2026 10:23AM by PIB Guwahati
কেন্দ্ৰীয় গৃহ তথা সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে পুলৱামা সন্ত্ৰাসবাদী আক্ৰমণত শ্বহীদ হোৱা জোৱানসকলৰ বীৰত্বক স্মৰণ কৰি তেওঁলোকলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।
এক্স প্লেটফৰ্মত এটা পোষ্টত কেন্দ্ৰীয় গৃহ তথা সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে কয় যে পুলৱামা সন্ত্ৰাসবাদী আক্ৰমণত শ্বহীদ হোৱা জোৱানসকলৰ বীৰত্বক মই স্মৰণ কৰাৰ লগতে তেওঁলোকক শ্ৰদ্ধাঞ্জলি জনাইছো। তেওঁ কয় যে সন্ত্ৰাসবাদ মানৱতাৰ আটাইতকৈ ডাঙৰ শত্ৰু আৰু ভাৰতে ইয়াক সম্পূৰ্ণৰূপে নিৰ্মূল কৰিবলৈ বদ্ধপৰিকৰ। শ্ৰী শ্বাহে কয় যে সন্ত্ৰাসবাদৰ মোকাবিলা কৰা আমাৰ নিৰাপত্তা বাহিনী আৰু নিৰাপত্তা সংস্থাসমূহৰ সাহস, নিষ্ঠা আৰু ত্যাগৰ বাবে দেশবাসী সদায় ঋণী হৈ থাকিব।
***
RK/RR/ PS/DB
(ৰিলিজ আই ডি : 2228029)
অতিথি কক্ষ : 32
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
हिन्दी
,
Marathi
,
Bengali
,
Bengali-TR
,
Punjabi
,
Gujarati
,
Tamil
,
Kannada
,
Malayalam