প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰধানমন্ত্ৰীয়ে বাংলাদেশৰ সংসদীয় নিৰ্বাচনত বিএনপিৰ বিজয়ৰ বাবে তাৰিক ৰহমানক অভিনন্দন জনাইছে
পোষ্ট কৰা হৈছে:
13 FEB 2026 12:13PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বাংলাদেশৰ সংসদীয় নিৰ্বাচনত বিএনপিক উল্লেখযোগ্য বিজয়ৰ দিশে আগুৱাই নিয়াৰ বাবে তাৰিকে ৰহমানক অভিনন্দন জনায়। শ্ৰী মোদীয়ে লগতে কয় যে ভাৰতে গণতান্ত্ৰিক, প্ৰগতিশীল আৰু সৰ্বাংগীন বাংলাদেশৰ সমৰ্থনত থিয় দি থাকিব। শ্ৰী মোদীয়ে কয়, “আমাৰ বৈচিত্ৰ্যময় সম্পৰ্ক শক্তিশালী কৰাৰ লগতে আমাৰ উমৈহতীয়া উন্নয়নৰ লক্ষ্য আগুৱাই নিয়াৰ বাবে আপোনালোকৰ সৈতে কাম কৰিবলৈ মই আগ্ৰহী।”
শ্ৰী মোদীয়ে এক্সত পোষ্ট কৰে :
"বাংলাদেশৰ সংসদীয় নিৰ্বাচনত বিএনপিক নিৰ্ণায়ক বিজয়ৰ দিশে আগুৱাই নিয়াৰ বাবে তাৰিক ৰহমান ডাঙৰীয়ালৈ মোৰ উষ্ম অভিনন্দন জ্ঞাপন কৰিছো।"
এই বিজয়ে আপোনাৰ নেতৃত্বৰ ওপৰত বাংলাদেশৰ জনসাধাৰণৰ আস্থা প্ৰতিফলিত কৰিছে।
ভাৰতে গণতান্ত্ৰিক, প্ৰগতিশীল আৰু সৰ্বাংগীন বাংলাদেশৰ সমৰ্থনত থিয় দি থাকিব।
আমাৰ বৈচিত্ৰ্যময় সম্পৰ্ক শক্তিশালী কৰাৰ বাবে আৰু আমাৰ উমৈহতীয়া উন্নয়নৰ লক্ষ্যসমূহ আগুৱাই নিয়াৰ বাবে আপোনালোকৰ সৈতে কাম কৰিবলৈ মই আগ্ৰহী।”
@trahmanbnp
@bdbnp78
***
MJPS/VJ/KD
(ৰিলিজ আই ডি : 2227455)
অতিথি কক্ষ : 5