প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

ছিচেলছৰ ৰাষ্ট্ৰপতিৰ সৈতে প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা যৌথ প্ৰেছ বিবৃতিৰ অসমীয়া অনুবাদ

পোষ্ট কৰা হৈছে: 09 FEB 2026 2:15PM by PIB Guwahati

মহামহিম পেট্ৰিক হাৰ্মিনি,

দুয়োখন দেশৰ বিশিষ্ট প্ৰতিনিধিসকল,

সংবাদ মাধ্যমৰ  বন্ধুসকল ,

নমস্কাৰ,

ৰাষ্ট্ৰপতি হাৰ্মিনী আৰু তেওঁৰ প্ৰতিনিধি দলক ভাৰতলৈ আদৰণি জৱৃনাবলৈ পাই মই অপৰিসীম আনন্দ লাভ কৰিছো।

ছিচেলছৰ ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হোৱাৰ বাবে ভাৰতৰ ১৪ কোটি জনসাধাৰণৰ হৈ তেখেতলৈ আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ।

ৰাষ্ট্ৰপতি হিচাপে এয়া তেওঁৰ প্ৰথম ভাৰত ভ্ৰমণ। তেওঁৰ এই ভ্ৰমণ এটা শুভ বছৰত সংঘটিত হৈছে, কিয়নো ছিচেলছৰ ৫০ সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰা হৈছে আৰু আমি আমাৰ কূটনৈতিক সম্পৰ্কৰ ৫০ বছৰীয়া জয়ন্তী উদযাপন কৰিছো। মই নিশ্চিত যে এই মাইলৰ খুঁটিবোৰে আমাক একেলগে নতুন উচ্চতাত উপনীত হ’বলৈ অনুপ্ৰাণিত কৰি যাব।

বন্ধুসকল,

ভাৰত আৰু ছিচেলছৰ মাজত এনে এক সম্পৰ্ক আছে যিটো কূটনৈতিক সংযোগৰ বহু ওপৰলৈকে বিস্তৃত। ভাৰত মহাসাগৰৰ ঢৌৱে আমাৰ জনগোষ্ঠীসমূহক যুগ যুগ ধৰি সংযোগ কৰি আহিছে। ইয়াৰ পাৰত আমাৰ দেশসমূহৰ মাজত বাণিজ্য বৃদ্ধি পাইছে, সংস্কৃতিসমূহ একত্ৰিত হৈছে আৰু বিশ্বাসৰ পৰম্পৰাসমূহ শক্তিশালী হৈ আহিছে।

ভাৰত আৰু ছিচেলছ কেৱল ভৌগলিকভাবেই  নহয়, ইতিহাস, বিশ্বাস আৰু ভৱিষ্যতৰ দৃষ্টিভংগীৰ দ্বাৰাও সংযুক্ত।

আমাৰ বন্ধনে অতীত, বৰ্তমান আৰু ভৱিষ্যতক সামৰি লৈছে। সামুদ্ৰিক প্ৰতিবেশী আৰু বিশ্বাসযোগ্য অংশীদাৰ হিচাপে ছিচেলছ ভাৰতৰ মহাসাগৰ দৃষ্টিভংগীৰ এক অবিচ্ছেদ্য অংগ। আমাৰ সহযোগিতাই সামুদ্ৰিক, স্থল, আৰু আকাশী ক্ষেত্ৰক সামৰি লৈছে।

আজিৰ আলোচনাত আমি এই অংশীদাৰিত্বক আৰু অধিক শক্তিশালী কৰাৰ পথ প্ৰশস্ত কৰিলোঁ৷ আমি আমাৰ অৰ্থনৈতিক সহযোগিতা গভীৰ কৰাৰ বাবে নতুন সুযোগৰ সন্ধান অব্যাহত ৰাখিবলৈ সন্মত হ’লোঁ৷

স্থানীয় মুদ্ৰাৰে  বাণিজ্য সম্প্ৰসাৰণৰ সমান্তৰালভাৱে আমি ফিনটেক আৰু ডিজিটেল ছলিউচনৰ ক্ষেত্ৰতো আমাৰ সহযোগিতাক আগুৱাই নিম।

উন্নয়নৰ অংশীদাৰিত্ব ভাৰত-ছিচেলছৰ মাজৰ  সম্পৰ্কৰ এক শক্তিশালী স্তম্ভ হৈ আহিছে। আমাৰ সকলো প্ৰচেষ্টা ছিচেলছৰ উন্নয়নৰ অগ্ৰাধিকাৰ আৰু প্ৰয়োজনীয়তাৰ দ্বাৰা পৰিচালিত হৈছে।

দেশখনলৈ  আজি আমি ঘোষণা কৰিছো ১৭৫ মিলিয়ন ডলাৰৰ বিশেষ অৰ্থনৈতিক পেকেজ। এই পেকেজে সামাজিক গৃহ নিৰ্মাণ, ই-মবিলিটি, বৃত্তিমূলক প্ৰশিক্ষণ, স্বাস্থ্য, প্ৰতিৰক্ষা, আৰু সামুদ্ৰিক সুৰক্ষাৰ দৰে ক্ষেত্ৰত সুনিৰ্দিষ্ট প্ৰকল্পসমূহক সমৰ্থন কৰিব। এই পদক্ষেপসমূহে ছিচেলছৰ জনসাধাৰণৰ বাবে বিশেষকৈ যুৱক-যুৱতীসকলৰ বাবে নতুন কৰ্মসংস্থাপন আৰু দক্ষতাৰ সুযোগ সৃষ্টি কৰিব।

ভাৰতৰ আইটিইচি কাৰ্যসূচীয়ে ছিচেলছত সামৰ্থ্য বিকাশৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। মই  এই কথাত আনন্দিত হৈছো  যে আজি ভাৰতৰ সৈতে  ছিচেলছৰ চৰকাৰী কৰ্মচাৰীৰ প্ৰশিক্ষণৰ বাবে বুজাবুজি চুক্তি স্বাক্ষৰিত হৈছে।

প্ৰযুক্তিৰ ক্ষেত্ৰত ঘনিষ্ঠ সহযোগিতাৰ জৰিয়তে আমি আমাৰ অংশীদাৰিত্বক ভৱিষ্যতৰ দিশে আগুৱাই নিছো।  আজি ডিজিটেল ট্ৰেন্সফৰ্মেচনৰ বুজাবুজি চুক্তিও স্বাক্ষৰিত হৈছে, যাৰ অধীনত আমি ভাৰতৰ  অভিজ্ঞতা ছিচেলছৰ সৈতে ভাগ-বতৰা  কৰিম।

স্বাস্থ্য খণ্ডত ভাৰত ছিচেলছৰ বাবে এক  নিৰ্ভৰযোগ্য অংশীদাৰ হৈ আহিছে। আমি ছিচেলছৰ সৈতে সুলভ মূল্যৰ, মানসম্পন্ন ঔষধ যোগান, চিকিৎসা পৰ্যটন, আৰু স্বাস্থ্য আন্তঃগাঁথনিৰ উন্নয়নৰ ক্ষেত্ৰত একেলগে কাম কৰি যাম।

শক্তি আৰু জলবায়ুৰ ক্ষেত্ৰত আমাৰ সহযোগিতা বহনক্ষম উন্নয়নৰ প্ৰতি এক ভাগ-বতৰা দায়বদ্ধতাৰ দ্বাৰা পৰিচালিত হয়। আমি নবীকৰণযোগ্য শক্তি, স্থিতিস্থাপকতা, আৰু জলবায়ু-অনুকূল সমাধানৰ ক্ষেত্ৰত আমাৰ সহযোগিতা আৰু অধিক সম্প্ৰসাৰিত কৰিম।

বন্ধুসকল,

সামুদ্ৰিক প্ৰতিবেশী হিচাপে নীলা অৰ্থনীতি আমাৰ বাবে সহযোগিতাৰ এক অন্যতম  ক্ষেত্ৰ। আমি সাগৰীয় গৱেষণা, সামৰ্থ্য বিকাশ  আৰু তথ্যৰ বিনিময়ৰ দৰে ক্ষেত্ৰত ছিচেলছৰ সৈতে আমাৰ  বিশেষজ্ঞতা ভাগ-বতৰা কৰিম।

প্ৰতিৰক্ষা সহযোগিতা আৰু সামুদ্ৰিক সুৰক্ষা আমাৰ অংশীদাৰিত্বৰ গুৰুত্বপূৰ্ণ স্তম্ভ। আমি ছিচেলছক কলম্বো নিৰাপত্তা সন্মিলনৰ সম্পূৰ্ণ সদস্য হিচাপে আদৰণি জনাইছো। ইয়াৰ দ্বাৰা আমাৰ পাৰস্পৰিক সমন্বয় শক্তিশালী হ’ব আৰু ভাৰত মহাসাগৰত শান্তি আৰু স্থিতিশীলতা নিশ্চিত কৰাৰ প্ৰচেষ্টাসমূহ শক্তিশালী হ’ব।

আমি একেলগে কেৱল দ্বিপাক্ষিক সহযোগিতাই নহয়, ভাৰত মহাসাগৰৰ বাবে এক সুন্দৰ ভৱিষ্যতো গঢ় দিম।

বন্ধুসকল,

ভাৰত-ছিচেলছৰ সম্পৰ্কৰ সৰ্বাধিক শক্তি নিহিত হৈ আছে আমাৰ জনসাধাৰণৰ সম্পৰ্কৰ মাজত। ছিচেলছৰ ভাৰতীয় সম্প্ৰদায়ে দেশৰ সামাজিক আৰু অৰ্থনৈতিক জীৱনলৈ উল্লেখযোগ্য অৱদান আগবঢ়াইছে। একে সময়তে তেওঁলোকে আমাৰ বন্ধুত্বক প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি শক্তিশালী কৰি তুলিছে।

আজি আমি পৰ্যটন, শিক্ষা, সংস্কৃতি, আৰু ক্ৰীড়াৰ জৰিয়তে এই সম্পৰ্কসমূহ আৰু অধিক শক্তিশালী কৰাৰ উপায়সমূহৰ বিষয়ে আলোচনা কৰিলোঁ। দুয়োখন দেশৰ যুৱক-যুৱতীসকলৰ মাজত আদান-প্ৰদান বৃদ্ধি কৰাত আমি বিশেষ গুৰুত্ব দিম।

বন্ধুসকল,

আজিৰ বৈঠকত স্পষ্ট হৈ পৰিছে যে ভাৰত-ছিচেলছৰ অংশীদাৰিত্বই নতুন পৰ্যায়ত প্ৰৱেশ কৰিছে। সকলো খণ্ডতে সহযোগিতা আগবঢ়াই নিবলৈ আমি আজি ভাৰত-ছিচেলছ যুটীয়া দৃষ্টিভংগী প্ৰকাশ  কৰিছো। এই দৃষ্টিভংগীয়ে আগন্তুক বছৰবোৰত আমাৰ মাজত সহযোগিতাৰ বাবে এক বিশেষ পৰিকল্পনা  হিচাপে কাম কৰিব।

মহামহিম,

আকৌ এবাৰ আপোনাক  ভাৰত ভ্ৰমণ কৰা বাবে আৰু ভাৰতৰ প্ৰতি আপোনাৰ অটল বন্ধুত্ব তথা  দায়বদ্ধতাৰ বাবে আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছো।

আপোনাক অশেষ ধন্যবাদ।

************

MJPS/VJ/ST/DM


(ৰিলিজ আই ডি : 2225677) অতিথি কক্ষ : 8