প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

মালয়েছিয়াৰ প্ৰধানমন্ত্ৰীৰ সৈতে প্ৰধানমন্ত্ৰীৰ আনুষ্ঠানিক বাৰ্তালাপ

পোষ্ট কৰা হৈছে: 08 FEB 2026 11:19AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মালয়েছিয়াৰ প্ৰধানমন্ত্ৰী মহামহিম দাতো' ছেৰী আনৱাৰ ইব্ৰাহিমৰ পৰা পেৰদানা পুত্ৰ কমপ্লেক্সত উষ্ম আদৰণিৰ লগতে আনুষ্ঠানিকভাৱে গাৰ্ড অব্ অনাৰ লাভ কৰে। ইয়াৰ পিছতে দুয়োগৰাকী নেতাই প্ৰধানমন্ত্ৰী আনৱাৰ ইব্ৰাহিমৰ চৰকাৰী বাসগৃহ চেৰী পেৰদানাত ৰুদ্ধদ্বাৰ প্ৰতিনিধি পৰ্যায়ৰ বৈঠকত মিলিত হয়।

দুয়োগৰাকী নেতাই বিস্তৃত বিষয়ৰ আলোচনা কৰি ২০২৪ চনত দুয়োখন দেশৰ মাজত স্থাপন কৰা সৰ্বাংগীন কৌশলগত অংশীদাৰিত্ব আৰু অধিক শক্তিশালী কৰাৰ বাবে সন্মতি প্ৰকাশ কৰে। নেতাদ্বয়ে বাণিজ্য, বিনিয়োগ, প্ৰতিৰক্ষা, নিৰাপত্তা, সামুদ্ৰিক সহযোগিতা, স্বচ্ছ শক্তি, আন্তঃগাঁথনি, ষ্টাৰ্টআপ, কৃষি, শিক্ষা, স্বাস্থ্য, আয়ুৰ্বেদ, পৰ্যটন আৰু সাংস্কৃতিক সম্পৰ্ক আদি অগ্ৰাধিকাৰ ক্ষেত্ৰকে ধৰি দ্বিপাক্ষিক সম্পৰ্কৰ সকলো দিশৰ বিস্তৃত পৰ্যালোচনা কৰে। অৰ্ধপৰিবাহী আৰু কৃত্ৰিম বুদ্ধিমত্তাৰ দৰে উদীয়মান ক্ষেত্ৰসমূহত সহযোগিতা বৃদ্ধিৰ বিষয়েও আলোচনা কৰে। নেতাদ্বয়ে দ্বিপাক্ষিক ডিজিটেল কাউন্সিলৰ জৰিয়তে দুয়োখন দেশৰ মাজত ডিজিটেল সহযোগিতাৰ অবিৰত অগ্ৰগতিৰ শলাগ লয় আৰু ফিনটেক সহযোগিতা প্ৰসাৰৰ বাবে ইউপিআই আৰু পে-নেটৰ মাজত হোৱা চুক্তিক আদৰণি জনায়।

প্ৰধানমন্ত্ৰী মোদীয়ে সংসদীয় আৰু বিশ্ববিদ্যালয়ৰ আদান-প্ৰদানৰ জৰিয়তে যুৱক-যুৱতীসকলৰ সংযোগ সুদৃঢ় কৰাৰ আহ্বান জনায়। এই প্ৰসংগত তেওঁ ভাৰতৰ নালন্দা বিশ্ববিদ্যালয় আৰু মালয় ইউনিভাৰ্চিটিৰ মাজত আৰু আই আই টি মাদ্ৰাজ আৰু মালয়েছিয়াৰ এডভান্সড ছেমিকণ্ডাক্টৰ একাডেমীৰ মাজত চলি থকা সহযোগিতাক আদৰণি জনায়। তেওঁ লগতে উল্লেখ কৰে যে মালয়েছিয়াত ভাৰত ভাৰতৰ প্ৰথমটো দূতাবাস মুকলি হ’লে বাণিজ্যিক আৰু জনসাধাৰণৰ সম্পৰ্ক আৰু অধিক শক্তিশালী হ’ব।

দুয়োগৰাকী নেতাই বিশ্ব শাসন সংস্কাৰ, ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চল আৰু ভাৰত-আছিয়ানৰ ক্ৰমবৰ্ধমান অংশীদাৰিত্বকে ধৰি পাৰস্পৰিক স্বাৰ্থৰ আঞ্চলিক আৰু গোলকীয় বিষয়সমূহৰ ওপৰত দৃষ্টিভংগী বিনিময় কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে আইটিগা পৰ্যালোচনা অতি সোনকালে সম্পূৰ্ণ কৰিবলৈ আহ্বান জনায়।

প্ৰধানমন্ত্ৰীগৰাকীয়ে ২০২৫ চনত মালয়েছিয়াই আছিয়ানৰ সফল অধ্যক্ষতা কৰাৰ বাবে প্ৰধানমন্ত্ৰী আনৱাৰ ইব্ৰাহিমক অভিনন্দন জনায়। প্ৰধানমন্ত্ৰী আনৱাৰ ইব্ৰাহিমে ২০২৬ চনত ব্ৰিকছৰ অধ্যক্ষতাৰ বাবে ভাৰতক শুভকামনা আৰু সমৰ্থন জ্ঞাপন কৰে। প্ৰধানমন্ত্ৰীয়ে পহলগাম সন্ত্ৰাসবাদী আক্ৰমণ আৰু লালকিল্লা বিস্ফোৰণক তীব্ৰ গৰিহণা দিয়াৰ বাবে প্ৰধানমন্ত্ৰী আনৱাৰ ইব্ৰাহিমক ধন্যবাদ জনায় আৰু সন্ত্ৰাসবাদ বিৰোধী ক্ষেত্ৰত ঘনিষ্ঠ সহযোগিতা অব্যাহত ৰাখিবলৈ আহ্বান জনায়।

আলোচনাৰ অন্তত ডিজিটেল পেমেণ্ট, নিৰাপত্তা সহযোগিতা, অৰ্ধপৰিবাহী, স্বাস্থ্য আৰু চিকিৎসা, দুৰ্যোগ ব্যৱস্থাপনা, দুৰ্নীতিৰ বিৰুদ্ধে যুঁজ দিয়া, দৃশ্য-শ্ৰব্য সহ-উৎপাদন, কাৰিকৰী আৰু বৃত্তিমূলক শিক্ষা, ৰাষ্ট্ৰসংঘৰ শান্তিৰক্ষা সহযোগিতা আৰু ভাৰতীয় শ্ৰমিকসকলৰ বাবে সামাজিক সুৰক্ষাকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ দ্বিপাক্ষিক চুক্তিৰ আদান-প্ৰদান কৰা হয়। তদুপৰি মালয়েছিয়াই আন্তঃৰাষ্ট্ৰীয় বিগ কেট এলায়েন্স (আই বি চি এ)ত যোগদানৰ সকলো প্ৰক্ৰিয়াও সম্পূৰ্ণ কৰে। পৰস্পৰে বিনিময় কৰা বুজাবুজিৰ চুক্তি/চুক্তিৰ সম্পূৰ্ণ তালিকা ইয়াত চাব পাৰিব। [Link]

প্ৰধানমন্ত্ৰীৰ ভ্ৰমণৰ সময়ত ২০২৬ চনৰ ৭ ফেব্ৰুৱাৰীত অনুষ্ঠিত হয় দশম ভাৰত-মালয়েছিয়া চিইঅ’ ফ’ৰাম। এই ফ’ৰাম ফলাফলৰ নথিসমূহ দুয়োপক্ষই গ্ৰহণ কৰে।

প্ৰধানমন্ত্ৰীৰ সন্মানাৰ্থে প্ৰধানমন্ত্ৰী আনৱাৰ ইব্ৰাহিমে দুপৰীয়াৰ আহাৰৰ ব্যৱস্থা কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে প্ৰধানমন্ত্ৰী আনৱাৰ ইব্ৰাহিমক তেওঁৰ উদাৰ আতিথ্যৰ বাবে ধন্যবাদ জ্ঞাপন কৰি ভাৰত ভ্ৰমণলৈ আমন্ত্ৰণ জনায়।

 

 

****

MJPS/ST/KD


(ৰিলিজ আই ডি : 2225101) অতিথি কক্ষ : 6
ত এই ৰিলিজটো পঢ়ক: English , Urdu , हिन्दी , Gujarati , Odia , Kannada , Malayalam