প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
কুৱালালামপুৰত উপস্থিত হোৱা প্ৰধানমন্ত্ৰীক মালয়েছিয়াৰ প্ৰধানমন্ত্ৰীয়ে আদৰণি জনায়
পোষ্ট কৰা হৈছে:
07 FEB 2026 3:38PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মালয়েছিয়াৰ প্ৰধানমন্ত্ৰী মহামহিম দাতো’ ছেৰী আনোৱাৰ ইব্ৰাহিমৰ আমন্ত্ৰণমৰ্মে ২০২৬-ৰ ৭-৮ ফেব্ৰুৱাৰীত মালয়েছিয়া ভ্ৰমণ কৰিছে। ২০১৫-ৰ পৰা প্ৰধানমন্ত্ৰীৰ এয়া তৃতীয় মালয়েছিয়া ভ্ৰমণ।
প্ৰধানমন্ত্ৰী কুৱালালামপুৰত উপস্থিত হোৱাৰ লগে-লগে প্ৰধানমন্ত্ৰী দাতো’ ছেৰী আনোৱাৰ ইব্ৰাহিমৰ লগতে মালয়েছিয়াৰ মানৱ সম্পদ মন্ত্ৰী দাতো’ ছেৰী ৰমানন ৰামকৃষ্ণন আৰু মালয়েছিয়াৰ উপ-বৈদেশিক মন্ত্ৰী দাতো’ লুকানিছমান বিন আৱাং চৌনিয়ে তেওঁক উষ্ম আদৰণি জনায়। ইয়াৰ পিছতে দুয়োখন দেশৰ উমৈহতীয়া ঐতিহ্যক উজ্জ্বল কৰি বাৰেবৰণীয়া সাংস্কৃতিক অনুষ্ঠানেৰে তেওঁক আদৰণি জনোৱা হয়।
প্ৰধানমন্ত্ৰীৰ এই ভ্ৰমণে ২০২৪-ত স্থাপিত ভাৰত-মালয়েছিয়াৰ ব্যাপক কৌশলগত অংশীদাৰিত্বক অধিক সুদৃঢ় কৰিব। যিয়ে ভাৰত-মালয়েছিয়াৰ সম্পৰ্কক সুদৃঢ় কৰাৰ বাবে ভাৰতৰ দৃঢ় দায়বদ্ধতাকে প্ৰতিফলিত কৰে। দেশখন হৈছে আমাৰ এক্ট ইষ্ট নীতি, ইণ্ডো-পেচিফিক দৃষ্টিভংগী আৰু “ভিজন মহাসাগৰ”ৰ এক মূল স্তম্ভ।
****
MJPS/ST/SB
(ৰিলিজ আই ডি : 2224915)
অতিথি কক্ষ : 9