গৃহ মন্ত্ৰালয়
azadi ka amrit mahotsav

জাতি-ভিত্তিক লোকপিয়ল

পোষ্ট কৰা হৈছে: 04 FEB 2026 4:00PM by PIB Guwahati

২০২৭ চনৰ লোকপিয়ল অনুষ্ঠিত কৰাৰ বাবে ভাৰত চৰকাৰৰ অভিপ্ৰায় অৱগত কৰা হৈছে। লোকপিয়লত দ্বিতীয় পৰ্যায়ত জাতিও গণনা কৰা হ’ব। ভাৰতত, লোকপিয়ল দুটা পৰ্যায়ত সম্পন্ন কৰা হয়। প্ৰথম পৰ্যায়ত, প্ৰতিটো পৰিয়ালৰ আৱাসৰ অৱস্থা, সম্পত্তি, সা-সুবিধা আদি সম্পৰ্কে হাউচ লিষ্টিং অপাৰেচন (এইচ এল অ') তথ্য সংগ্ৰহ কৰা হয়। দ্বিতীয় পৰ্যায় অৰ্থাৎ জনসংখ্যা গণনা (পি ই) য'ত প্ৰতিজন ব্যক্তিৰ জনগাঁথনিগত, সামাজিক-অৰ্থনৈতিক, সাংস্কৃতিক আৰু অন্যান্য বিৱৰণ সংগ্ৰহ কৰা হয়। ভাৰত চৰকাৰে (২২ জানুৱাৰী ২০২৬) প্ৰথম পৰ্যায়ৰ প্ৰশ্নসমূহৰ বিষয়ে অৱগত কৰিছে। লোকপিয়ল অভিযানৰ দ্বিতীয় পৰ্যায় আৰম্ভ হোৱাৰ পূৰ্বে জাতি সম্পৰ্কীয় প্ৰশ্নকে ধৰি দ্বিতীয় পৰ্যায়ৰ প্ৰশ্নসমূহৰ বিষয়ে জাননী জাৰি কৰা হ’ব।

 

তামিলনাডুকে ধৰি বিভিন্ন ৰাজ্যৰ সংগঠনসমূহৰ পৰা জাতি গণনা সম্পৰ্কে বহুসংখ্যক পৰামৰ্শ লাভ কৰা হৈছে। দ্বিতীয় পৰ্যায়ৰ বাবে জাতিকে ধৰি প্ৰশ্নবোৰ চূড়ান্ত কৰা হ'ব আৰু প্ৰতিষ্ঠিত প্ৰক্ৰিয়া অনুসৰি জাননী দিয়া হ'ব।

গৃহ মন্ত্ৰালয়ৰ ৰাজ্য মন্ত্ৰী শ্ৰী নিত্যানন্দ ৰায়ে ৰাজ্যসভাত এটা প্ৰশ্নৰ লিখিত উত্তৰত এই কথা প্ৰকাশ কৰে।

 

****

RK/RR/PR/PS/SC/MK


(ৰিলিজ আই ডি : 2223197) অতিথি কক্ষ : 8
ত এই ৰিলিজটো পঢ়ক: English , Urdu , हिन्दी , Bengali