প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰধানমন্ত্ৰীয়ে ৰাজঘাটত জাতিৰ পিতা মহাত্মা গান্ধীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে
পোষ্ট কৰা হৈছে:
30 JAN 2026 1:45PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি জাতিৰ পিতা মহাত্মা গান্ধীৰ মৃত্যু বাৰ্ষিকী উপলক্ষে ৰাজঘাটত তেওঁলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। শ্ৰী মোদীয়ে কয় যে বাপুৰ কালজয়ী আদৰ্শই আমাৰ ৰাষ্ট্ৰৰ যাত্ৰাক পথ-প্ৰদৰ্শন কৰি আহিছে। "আমি তেওঁৰ নীতিৰাজি আৰু ন্যায়, সম্প্ৰীতি তথা মানৱতাৰ সেৱাৰে বদ্ধমূল এখনি ভাৰত গঢ়ি তোলাৰ প্ৰতি আমাৰ অংগীকাৰৰ কথা দোহাৰিছো", শ্ৰী মোদীয়ে কয়।
প্ৰধানমন্ত্ৰীয়ে এক্স-ত এইদৰে প’ষ্ট কৰিছেঃ
"ৰাজঘাটত মহাত্মা গান্ধীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰো। তেওঁৰ কালজয়ী আদৰ্শই আমাৰ ৰাষ্ট্ৰৰ যাত্ৰাক পথ-প্ৰদৰ্শন কৰি আহিছে। আমি তেওঁৰ নীতিৰাজি আৰু ন্যায়, সম্প্ৰীতি তথা মানৱতাৰ সেৱাৰে বদ্ধমূল এখনি ভাৰত গঢ়ি তোলাৰ প্ৰতি আমাৰ অংগীকাৰৰ কথা দোহাৰিছো।"
*****
MJPS/VJ/SB
(ৰিলিজ আই ডি : 2220853)
অতিথি কক্ষ : 23
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali
,
Bengali-TR
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam