গ্ৰামোন্নয়ণ মন্ত্ৰালয়
গ্ৰাম্যোন্নয়ন বিভাগ: বৰ্ষান্তিক পৰ্যালোচনা ২০২৫
‘প্ৰধানমন্ত্ৰী গ্ৰাম সড়ক যোজনা’-ই ১৬,০০০ কিলোমিটাৰতকৈয়ো অধিক পথ আৰু ৯০০ৰো অধিক দলং সম্পূৰ্ণ কৰি গ্ৰাম্য সংযোগক বৃহত্ উত্সাহ প্ৰদান কৰে
‘দীনদয়াল অন্ত্যোদয় যোজনা - ৰাষ্ট্ৰীয় গ্ৰাম্য জীৱিকা অভিযান’-য়ে ২ কোটি ‘লাখপতি দিদি’সকলক সামৰ্থ্য প্ৰদান কৰে
‘প্ৰধানমন্ত্ৰী গ্ৰামীণ আৱাস যোজনা’-ৰ অধীনত ৩.৮৬ কোটি ঘৰলৈ অনুমোদন আৰু ২.৯২ কোটি ঘৰৰ নিৰ্মাণ সম্পূৰ্ণ
‘প্ৰধানমন্ত্ৰী-জনমন’ গৃহ নিৰ্মাণ: ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত ৪.৭১ লাখ ঘৰ অনুমোদিত, ২.৪২ লাখ ঘৰ সম্পূৰ্ণ
ডিডিইউ-জিকেওৱাই: ৮২,০০০ৰো অধিক গ্ৰাম্য যুৱকলৈ প্ৰশিক্ষণ আৰু ৩৭,০০০ক চাকৰিৰ সুযোগ দিয়া হৈছে
‘আৰএছইটিআই’-য়ে গ্ৰাম্য যুৱক-যুৱতীসকলৰ সবলীকৰণৰ দিহা কৰে: ৬২৫টা প্ৰতিষ্ঠানত ৫৯ লাখৰ প্ৰশিক্ষণ আৰু ৪৩ লাখে স্থাপন কৰিছে বসতি
‘বিকশিত ভাৰত - ৰোজগাৰ আৰু অজীৱিকা নিশ্চয়তা অভিযান(গ্ৰামিন) - ভিবি-জি ৰাম জি আইন’-ৰ প্ৰৱৰ্তন, গ্ৰাম্য পৰিয়ালৰ বাবে ১২৫ দিন পৰ্যন্ত নিশ্চিত নিয়োগৰ ব্যৱস্থা
‘এন এছ এ পি’-য়ে ২০২৫-২৬ চনত ৯,৬৫২ কোটি টকাৰ আবণ্টন লাভ কৰে আৰু ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহলৈ মোকলাই দিছে ৫,৫৬৪ কোটি টকা
‘দিশা’(ডিআইএছএইচএ)-ৰ ১০৫৮ খন জিলা পৰ্যায়ৰ সভা; মুঠ ৮ খন আঁচনি ‘দিশা-ডেছবৰ্ড’-ত অন্তৰ্ভুক্ত কৰা হৈছে
পোষ্ট কৰা হৈছে:
01 JAN 2026 11:19AM by PIB Guwahati
২০২৫ চনত গ্ৰামোন্নয়ন বিভাগৰ সৰ্বাংগীন প্ৰচেষ্টাই আন্তঃগাঁথনি, জীৱিকা, বাসস্থান, কৰ্মসংস্থাপন, দক্ষতা, আৰু সামাজিক সুৰক্ষা শক্তিশালী কৰি ভাৰতৰ গ্ৰাম্যাঞ্চলসমূহৰ জীৱনৰ মান যথেষ্ট উন্নত কৰিছিল।
প্ৰধানমন্ত্ৰী গ্ৰাম সড়ক যোজনা (PMGSY)
• ২০০০ চনৰ ডিচেম্বৰ মাহত আৰম্ভ হোৱা প্ৰধানমন্ত্ৰী গ্ৰাম সড়ক যোজনা-ই (পিএমজিএছৱাই) প্ৰায় সকলো যোগ্য গ্ৰাম্য বাসস্থানক সংযোগ কৰি যথেষ্ট আৰ্থ-সামাজিক পৰিৱৰ্তনৰ সুবিধা প্ৰদান কৰাত উল্লেখযোগ্য সফলতা লাভ কৰিছে।
• ০১.০১.২০২৫ৰ পৰা ১২.১২.২০২৫লৈকে প্ৰতিটো উলম্বৰ অধীনত পিএমজিএছওৱাই আঁচনিৰ অধীনত কৰা বাস্তৱিক কৃতিত্বসমূহ তলত উল্লেখ কৰা ধৰণৰ :
|
ক্ৰমিক নং
|
পিএমজিএছওৱাই-ৰ অধীনত উলম্ব
|
সম্পূৰ্ণ হোৱা পথৰ সংখ্যা
|
সম্পূৰ্ণ হোৱা পথৰ দৈৰ্ঘ্য (কিলোমিটাৰত)
|
সম্পূৰ্ণ হোৱা দলঙৰ সংখ্যা
|
|
১
|
পিএমজিএছওৱাই
|
১৮০
|
৫৫২
|
৭২
|
|
২
|
পিএমজিএছওৱাই-দ্বিতীয়
|
২৪
|
৬২
|
০৩
|
|
৩
|
আৰচিপিএলডব্লিউইএ
|
৯০
|
৪৩৩
|
৭৬
|
|
৪
|
পিএমজিএছওৱাই-তৃতীয়
|
২১২১
|
১৪২৮৫
|
৬৩২
|
|
৫
|
পিএম জনমন
|
২২০
|
১০৪৬
|
১৫৮
|
|
|
মুঠ
|
২৬৩৫
|
১৬৩৭৮
|
৯৪১
|
- ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ ১,৭২০টা পথ প্ৰকল্প সম্পূৰ্ণ কৰি ৰাষ্ট্ৰীয় আৰু আঞ্চলিক সংযোগ শক্তিশালী কৰা।
- ৮,৬৯৩.৫৪ কিলোমিটাৰ পথ নিৰ্মাণ কৰি গ্ৰাম্য, দূৰৱৰ্তী, আৰু অৰ্থনৈতিকভাৱে গুৰুত্বপূৰ্ণ অঞ্চলসমূহৰ প্ৰৱেশানুকূলতাৰ যথেষ্ট উন্নতি সাধন কৰা হৈছে।
- ৪৮১খন দলং সফলতাৰে সম্পূৰ্ণ কৰা, সকলো বতৰৰ সংযোগ বৃদ্ধি কৰা আৰু নদী আৰু দুৰ্গম ভূখণ্ডৰ মাজেৰে চলাচল সহজ কৰা হৈছে।
- এই সময়ছোৱাত পথ আৰু দলং নিৰ্মাণৰ বাবে ৮,৫৪৮.২৬ কোটি টকাৰ মূলধনী ব্যয় কৰা হৈছে।
- ইয়াৰ উপৰিও ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহে গ্ৰাম্য পথসমূহৰ ৰক্ষণাবেক্ষণ, বহনক্ষমতা নিশ্চিত কৰা, যাত্ৰাৰ মান উন্নত কৰা, আৰু বৰ্তমানৰ সম্পত্তিৰ দীৰ্ঘ সেৱা জীৱনৰ বাবে ৮১১ কোটি টকা ব্যয় কৰা হৈছিল।
- ৫৩৬টা পথ সম্পূৰ্ণ কৰি ১,৭৩৬.২৫ কিলোমিটাৰ পথ নেটৱৰ্কত সংযোজন কৰি তামিলনাডুৱে শীৰ্ষ প্ৰদৰ্শনকাৰী ৰাজ্য হিচাপে আত্মপ্ৰকাশ কৰে।
- হিমাচল প্ৰদেশে সৰ্বাধিক দৈৰ্ঘ্যৰ পথ (১১০৩.৭৭ কিলোমিটাৰ) সম্পূৰ্ণ কৰে, যিয়ে পাহাৰীয়া আৰু প্ৰত্যাহ্বানমূলক ভূখণ্ডত শক্তিশালী প্ৰদৰ্শন প্ৰতিফলিত কৰিছে।
- বিহাৰত সৰ্বাধিক সংখ্যক দলং-ৰ নিৰ্মাণ সম্পূৰ্ণ (১৭৩) হৈছে, যাৰ ফলত বান প্ৰৱণ অঞ্চলত সংযোগৰ বহুখিনি উন্নতি ঘটিছে।
- ছত্তীশগড়, মহাৰাষ্ট্ৰ, মধ্যপ্ৰদেশ, ওড়িশা, উত্তৰ প্ৰদেশ, আৰু ঝাৰখণ্ডতো যথেষ্ট অগ্ৰগতি লাভ কৰা হৈছে।
- সীমান্ত, পাহাৰীয়া, আৰু উত্তৰ-পূৰ্বাঞ্চল যেনে অৰুণাচল প্ৰদেশ, জম্মু আৰু কাশ্মীৰ, লাডাখ, আৰু উত্তৰাখণ্ডত কেন্দ্ৰীভূত আন্তঃগাঁথনি উন্নয়ন সাধন কৰা হৈছিল, যিয়ে আঞ্চলিক বিকাশ আৰু কৌশলগত সংযোগক সমৰ্থন কৰিছিল।
- প্ৰধানমন্ত্ৰী গ্ৰাম সড়ক যোজনা-ৰ চতুৰ্থ পৰ্যায়ৰ অধীনত আজি পৰ্যন্ত পিএমজিএছওৱাই-চতুৰ্থৰ অধীনত উত্তৰাখণ্ড, ছত্তীশগড় আৰু জম্মু-কাশ্মীৰ ৰাজ্যৰ বাবে মুঠ ৫,৪৩৬ কিলোমিটাৰ দৈৰ্ঘ্যৰ পথলৈ অনুমোদন জনোৱা হৈছে।
১. ডিজিটেল হস্তক্ষেপ
- NeSLৰ সৈতে PMGSY OMMAS পৰ্টেল-ৰ সংহতিৰ জৰিয়তে ইলেক্ট্ৰনিক বেংক গেৰাণ্টী (eBG) জাৰি কৰা, স্বচ্ছতা আৰু দক্ষতা বৃদ্ধি কৰা।
- পথ-ভিত্তিক বাস্তৱায়িত আৰু বিত্তীয় লক্ষ্য আৰু কৃতিত্ব নিৰীক্ষণৰ বাবে ডেল্টা প্ৰতিবেদন প্ৰৱৰ্তন কৰা, বাস্তৱ সময়ৰ পৰিৱেশন অনুসৰণক সমৰ্থন কৰাৰ ব্যৱস্থা কৰা।
- মানক নিবিদা নথিপত্ৰ (এছ বি ডি) ডিজিটেলাইজেশ্যন সম্পূৰ্ণ কৰা, নিবিদাৰ নথিপত্ৰ অনলাইনত প্ৰস্তুত কৰাত সহায় কৰা আৰু ক্ৰয় প্ৰক্ৰিয়া সুশৃংখলিত কৰা।
২. দীনদয়াল অন্ত্যোদয় যোজনা - ৰাষ্ট্ৰীয় গ্ৰাম্য জীৱিকা অভিযান (DAY-NRLM)
২০১১ চনৰ জুন মাহত আৰম্ভ হোৱা দীনদয়াল অন্ত্যোদয় যোজনা – ৰাষ্ট্ৰীয় গ্ৰাম্য জীৱিকা অভিযান (DAY-NRLM) হৈছে গ্ৰামোন্নয়ন মন্ত্ৰালয়ৰ কেন্দ্ৰীয় পৃষ্ঠপোষকতাত ৰূপায়ণ কৰা আঁচনি। DAY-NRLM গ্ৰামোন্নয়ন মন্ত্ৰালয় {গ্ৰাম্য জীৱিকা (RL) বিভাগ}ৰ দ্বাৰা ৰাজ্যিক গ্ৰাম্য জীৱিকা অভিযান (SRLM)ৰ সহযোগত ৰূপায়ণ কৰা হয়। অভিযানটোৰ উদ্দেশ্য হৈছে "দৰিদ্ৰসকলৰ তৃণমূল পৰ্যায়ৰ শক্তিশালী প্ৰতিষ্ঠান গঢ়ি তুলি দৰিদ্ৰ পৰিয়ালসমূহক লাভজনক আত্মনিয়োগ আৰু দক্ষ মজুৰিৰ নিয়োগৰ সুযোগ লাভ কৰিবলৈ সক্ষম কৰি দৰিদ্ৰতা হ্ৰাস কৰা, যাৰ ফলত বহনক্ষম ভিত্তিত তেওঁলোকৰ জীৱিকাৰ প্ৰশংসনীয় উন্নতি হ’ব।"
ফলাফল আৰু প্ৰভাৱ
বিশ্ব বেংক সমৰ্থিত ইণ্টাৰনেশ্যনেল ইনিচিয়েটিভ ফৰ ইমপেক্ট ইভেলুৱেশ্যন (3ie)ৰ ২০১৯ চনৰ এক অধ্যয়নত DAY-NRLM কাৰ্যসূচীৰ উল্লেখযোগ্য প্ৰভাৱ সন্দৰ্ভত আলোকপাত কৰা হৈছে:
-
- আয় বৃদ্ধি: ভিত্তি ৰাশিতকৈ আয় বৃদ্ধি।
- অনানুষ্ঠানিক ঋণৰ নিৰ্ভৰশীলতা হ্ৰাস: অনানুষ্ঠানিক ঋণৰ ওপৰত নিৰ্ভৰশীলতা ২০% হ্ৰাস পাইছে।
- সঞ্চয় বৃদ্ধি: হিতাধিকাৰীসকলৰ মাজত সঞ্চয় ২৮% হাৰে বাঢ়িছে।
- শ্ৰমিক শক্তিৰ অংশগ্ৰহণত উন্নতি: গৌণ বৃত্তিত নিয়োজিত মহিলাৰ অনুপাত ৪% হাৰে বাঢ়িছে।
- চৰকাৰী আঁচনিৰ বৰ্ধিত প্ৰৱেশ: ভিত্তি ৰেখাৰ পৰিসংখ্যাৰ তুলনাত চিকিৎসাৰ ক্ষেত্ৰত সমাজ কল্যাণ আঁচনিসমূহত প্ৰৱেশৰ হাৰ ৬.৫% হাৰে বাঢ়িছে।
উপসংহাৰ
গ্ৰাম্য মহিলা আৰু সম্প্ৰদায়ৰ আৰ্থ-সামাজিক অৱস্থা উন্নত কৰাৰ ক্ষেত্ৰত DAY-NRLM-য়ে ৰূপান্তৰণশীল ভাৱে কাম কৰিছে। সামাজিক সংগঠন, আৰ্থিক অন্তৰ্ভুক্তি, জীৱিকা প্ৰসাৰ, আৰু সামাজিক উন্নয়নত গুৰুত্ব আৰোপ কৰি ই লাখ লাখ গ্ৰাম্য মহিলাৰ সৱলীকৰণৰ দিহা কৰিছে, দৰিদ্ৰতা হ্ৰাস কৰিছে, আৰু সমগ্ৰ ভাৰততে সৰ্বাংগীন বিকাশত অৰিহণা যোগাইছে। এই কাৰ্যসূচীৰ সফলতা নিহিত হৈ আছে ইয়াৰ সম্প্ৰদায়-চালিত পদ্ধতি, সামৰ্থ্য বিকাশ, আৰু মহিলাকেন্দ্ৰিক পদক্ষেপ যিবোৰৰ লক্ষ্য হৈছে এক বহনক্ষম আৰু স্থিতিস্থাপক গ্ৰাম্য অৰ্থনীতি সৃষ্টি কৰা।
৩. প্ৰধান মন্ত্ৰী আৱাস যোজন - গ্ৰামীন
প্ৰধানমন্ত্ৰী আৱাস যোজনা-গ্ৰামিন (PMAY-G) হৈছে ভাৰত চৰকাৰৰ অন্যতম ধ্বজাবাহী আঁচনি, অন্যান্য আঁচনিসমূহৰ সৈতে আঁচনিখনক একত্ৰিত কৰি মৌলিক সুবিধাসমূহৰ সৈতে ৪.৯৫ কোটি পকী ঘৰ প্ৰদানেৰে সকলো গৃহহীন পৰিয়াল আৰু গ্ৰাম্য অঞ্চলৰ জৰাজীৰ্ণ ঘৰবোৰ আঁতৰাই ২০২৯ চনৰ ভিতৰত "সকলোৰে বাবে ঘৰ" আগবঢ়োৱাৰ লক্ষ্য গ্ৰহণ কৰা হৈছিল। প্ৰাৰম্ভিক লক্ষ্য হিচাপে ২০২৪ চনৰ মাৰ্চ মাহৰ ভিতৰত ২.৯৫ কোটি গৃহ নিৰ্মাণৰ ক্ষেত্ৰত সাহায্য প্ৰদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়।
০৯.১২.২০২৫ তাৰিখ পৰ্যন্ত ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহক ৪.১৪ কোটি ঘৰৰ সামগ্ৰিক লক্ষ্য আবণ্টিত কৰা হৈছে, ইয়াৰে ৩.৮৬ কোটি ঘৰলৈ অনুমোদন জনোৱা হৈছে আৰু ২.৯২ কোটি ঘৰৰ নিৰ্মাণ সম্পূৰ্ণ হৈছে।
পদক্ষেপসমূহ:
ই-গভৰ্নেন্স সমাধান, আৱাসছফ্ট আৰু আৱাছএপ-ৰ জৰিয়তে এই আঁচনিখন ৰূপায়ণ আৰু নিৰীক্ষণ কৰা হৈছে। AwaasSoft -য়ে আঁচনিৰ ৰূপায়ণ দিশসমূহৰ সৈতে জড়িত একাধিক পৰিসংখ্যাৰ তথ্য প্ৰৱেশ আৰু নিৰীক্ষণৰ বাবে কাৰ্য্যকৰিতা প্ৰদান কৰে। এই পৰিসংখ্যাসমূহৰ ভিতৰত আছে, বাস্তৱিক অগ্ৰগতি(পঞ্জীয়ন, অনুমোদন, ঘৰ সম্পূৰ্ণ কৰা আৰু কিস্তি মুকলি কৰা ইত্যাদি), আৰ্থিক অগ্ৰগতি, অভিসৰণৰ অৱস্থা আদি। ২০১৬ চনত আঁচনিখন আৰম্ভ হোৱাৰ পিছৰে পৰা নতুন পদক্ষেপৰ প্ৰৱৰ্তনৰ জৰিয়তে আঁচনিখনক অধিক হিতাধিকাৰীমুখী কৰি তোলাৰ প্ৰচেষ্টা হাতত লোৱা হৈছে।
প্ৰযুক্তিগত হস্তক্ষেপ
আঁচনিখনৰ ফলপ্ৰসূ আৰু স্বচ্ছ ব্যৱস্থাপনাৰ বাবে প্ৰযুক্তিভিত্তিক সমাধান প্ৰৱৰ্তনৰ ক্ষেত্ৰত পিএমএওৱাই-জিয়ে সদায় অগ্ৰণী ভূমিকা পালন কৰি আহিছে। নতুন পৰ্যায় ৰূপায়ণৰ লগে লগে পিএমএৱাই-জিয়ে স্বচ্ছতা সৰ্বাধিক কৰিবলৈ আৰু ঘৰবোৰ চিনাক্তকৰণৰ পৰা সম্পূৰ্ণ হোৱালৈকে প্ৰক্ৰিয়াটোত পবিত্ৰতা নিশ্চিত কৰিবলৈ একাধিক বৈশিষ্ট্য প্ৰৱৰ্তন কৰিছে। নতুন বৈশিষ্ট্যসমূহ হ’ল-
- আৱাস+ ২০২৪ জৰীপ- পি এম এ ওৱাই-জি-ৰ হিতাধিকাৰী ডাটাবেছত অন্তৰ্ভুক্ত কৰাৰ বাবে বিশেষভাৱে আৰ্হি কৰা আৱাস+ ২০২৪ মোবাইল এপ্লিকেশ্যন ব্যৱহাৰ কৰি সকলো ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলত (বিত্তীয় বছৰ ২০২৪-২৫ৰ পৰা ২০২৮-২৯)আৱাস+ ২০২৪ পৰিয়ালৰ জৰীপ কৰা হৈছে। এই এপটোৱে অনলাইনৰ লগতে অফলাইন মোডতো কাম কৰে।
- ii. পহল - পিএমএওৱাই-জি-ৰ হিতাধিকাৰীসকলক ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহে দুৰ্যোগৰ স্থিতিস্থাপক বৈশিষ্ট্যকে ধৰি তেওঁলোকৰ স্থানীয় ভূ-জলবায়ু পৰিস্থিতিৰ লগত খাপ খোৱা ঘৰৰ এলানি আৰ্হিৰে গৃহ নিৰ্মাণত সহায় কৰিছে। গ্ৰামোন্নয়ন মন্ত্ৰালয়ে চিএছআইআৰ-চিবিআৰআই-ৰ সহযোগত 3D DESIGN TYPOLOGY PAHAL compendium ৰ ভিত্তিত আৱাস এপ-ৰ জৰিয়তে হিতাধিকাৰীসকলক আদৰ্শ গৃহ নিৰ্মাণৰ আৰ্হিৰ পৰামৰ্শ দিবলৈ এপ্ প্ৰস্তুত কৰাৰ উদ্যোগ গ্ৰহণ কৰিছে।
- গ্ৰাম্য ৰাজমিস্ত্ৰী প্ৰশিক্ষণ- পিএমএওৱাই-জি-ৰ দক্ষতা স্থানান্তৰৰ অন-ছাইট মডেল-ৰ সমান্তৰালভাৱে চলিত বিত্তীয় বৰ্ষৰ পৰা গ্ৰাম্য আত্মনিয়োগ প্ৰশিক্ষণ প্ৰতিষ্ঠান (আৰএছইটিআই)সমূহৰ জৰিয়তেও গ্ৰাম্য ৰাজমিস্ত্ৰী প্ৰশিক্ষণ কাৰ্যসূচী আৰম্ভ কৰা হৈছে। আৰ এছ ই টি আইসমূহে নেশ্যনেল একাডেমী অব ৰুডছেটি (এন এ আৰ)ৰ দ্বাৰা গঠন কৰা চৌহদ ভিত্তিক প্ৰশিক্ষণ পৰিৱেশ প্ৰদান কৰে, যিটো ৰাষ্ট্ৰীয় বৃত্তিমূলক শিক্ষা আৰু প্ৰশিক্ষণ পৰিষদ(এন চি ভি ই টি)ৰ দ্বৈত বঁটা প্ৰদানকাৰী সংস্থা হিচাপে স্বীকৃতিপ্ৰাপ্ত।
পিএম-জনমন পদক্ষেপ আৰু সাফল্য
কেন্দ্ৰীয় কেবিনেটে অনুমোদন জনোৱা পিএম-জনমন-ত গ্ৰাম্য উন্নয়ন মন্ত্ৰালয়কে ধৰি চৰকাৰৰ ৯টা মন্ত্ৰালয়ক সামৰি ১১টা গুৰুত্বপূৰ্ণ হস্তক্ষেপ জড়িত হৈ আছে। লক্ষ্য হৈছে পিভিটিজি পৰিয়াল আৰু বাসস্থানসমূহৰ মৌলিক সুবিধাসমূহ যেনে নিৰাপদ গৃহ নিৰ্মাণ, পথ সংযোগ, বিশুদ্ধ খোৱাপানী আৰু অনাময়, শিক্ষা, স্বাস্থ্য, পুষ্টি, দূৰ-সংযোগ, বিদ্যুৎ, আৰু বহনক্ষম জীৱিকাৰ সুযোগৰ সৈতে পৰিপূৰ্ণতা লাভ কৰা। আঁচনিখনৰ অধীনত গৃহ নিৰ্মাণৰ হস্তক্ষেপ পিএমএওৱাই-জিৰ জৰিয়তে সামৰি লোৱা হয়। ২০২৫ চনৰ ০৯ ডিচেম্বৰ পৰ্যন্ত সমগ্ৰ ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত ৪,৭১,৪৮৬ টা ঘৰলৈ অনুমোদন আৰু ২,৪২,৮১১ টা ঘৰৰ নিৰ্মাণকাৰ্য সম্পূৰ্ণ হৈছে। ইফালে ২০২৫ চনৰ ১ জানুৱাৰীৰ পৰা আজি পৰ্যন্ত সমগ্ৰ ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহত ১,২৪,২০৪ টা ঘৰলৈ অনুমোদন জনোৱাৰ লগতে ১,৭১,৭১৯ টা ঘৰ সম্পূৰ্ণ হৈছে।
৪. দীন দয়াল উপাধ্যায় গ্ৰামীণ কৌশল্য যোজন (DDU-GKY)
নিয়োজন-সংলগ্ন কাৰ্যসূচীসমূহক বিশ্ব মানদণ্ডৰ সৈতে সংগতিপূৰ্ণ কৰাৰ এক অভিলাষী কাৰ্যসূচীৰ সৈতে গ্ৰাম্যোন্নয়ন মন্ত্ৰালয়ে (MoRD) ৰাষ্ট্ৰীয় গ্ৰাম্য জীৱিকা অভিযানৰ অধীনত নিয়োজন-সংলগ্ন দক্ষতা বিকাশ কাৰ্যসূচীক দীন দয়াল উপাধ্যায় গ্ৰামীণ কৌশল যোজনা (DDU-GKY) হিচাপে ২৫ ছেপ্টেম্বৰ, ২০১৪ত পুনৰুজ্জীৱিত কৰে। ভাৰতক গোলকীয় পছন্দৰ উৎপাদনী কেন্দ্ৰ হিচাপে গঢ়ি তুলিবলৈ প্ৰধানমন্ত্ৰীৰ ‘মে’ক ইন ইণ্ডিয়া’ অভিযানত অৰিহণা যোগাইছে, একে সময়তে দেশৰ অন্যান্য ধ্বজাবাহী কাৰ্যসূচীসমূহত উল্লেখযোগ্য অৰিহণা যোগোৱাৰ প্ৰচেষ্টাৰে সংগতিপূৰ্ণ কৰিছে।
ডিডিইউ-জিকেওৱাই হৈছে চাহিদা চালিত লক্ষ্য অনুমোদন প্ৰক্ৰিয়া ভিত্তিক পিপিপি মোডত ৰূপায়ণ কৰা ৰাজ্যসমূহৰ নেতৃত্বত চলা এক আঁচনি। ডিডিইউ-জিকেওৱাই-ৰ অধীনত দুখন বিশেষ কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। সেয়া হৈছে- ৰোছনী(ROSHNI) আৰু হিমায়য়ত কাৰ্যসূচী। ৰোছনী কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে ৯ খন ৰাজ্যৰ ২৭ টা বাওঁপন্থী উগ্ৰপন্থী ক্ষতিগ্ৰস্ত অঞ্চলৰ মহিলা প্ৰাৰ্থীসকলক ৪০% কভাৰেজৰ সৈতে বাধ্যতামূলক আৱাসিক পাঠ্যক্ৰমৰ সৈতে আৰু হিমায়ত কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে- জম্মু আৰু কাশ্মীৰ আৰু লাডাখৰ কেন্দ্ৰীয় শাসিত অঞ্চলৰ সকলো যুৱক-যুৱতী এই আঁচনিৰ অধীনত ১০০% কেন্দ্ৰীয় পুঁজিৰে সামৰি লোৱা হৈছে।
বিশেষ সাফল্য:
-
- সম্প্ৰতি ২৭খন ৰাজ্য আৰু ৪খন কেন্দ্ৰীয় শাসিত অঞ্চলত ২৩৬৯টাতকৈয়ো অধিক প্ৰশিক্ষণ কেন্দ্ৰ (অৱশ্যে ৬১১টা কাৰ্যক্ষম), ৩৭টা খণ্ডত প্ৰশিক্ষণ চলোৱা ৪৬৬টাতকৈয়ো অধিক প্ৰকল্প ৰূপায়ণ সংস্থাৰ সৈতে অংশীদাৰিত্বৰে, আৰু ৮১৬টাতকৈয়ো অধিক চাকৰিৰ ভূমিকাৰে ৬০৬টা প্ৰকল্পৰ জৰিয়তে ডিডিইউ-জিকেওৱাই ৰূপায়ণ কৰা হৈছে।
- বাস্তৱিক অগ্ৰগতি: আৰম্ভণিৰে পৰাই ডিডিইউ-জিকেওৱাই-ৰ অধীনত মুঠ ১৭.৯২ লাখ প্ৰাৰ্থীক প্ৰশিক্ষণ দিয়া হৈছে, আৰু ৩১.১০.২০২৫ পৰ্যন্ত ১১.৬৪ লাখ প্ৰাৰ্থীক স্থান দিয়া হৈছে (৫৭৫টা বিদেশী নিয়োজনকে ধৰি)।
- বিত্তীয় অগ্ৰগতি: আৰম্ভ হোৱাৰ পৰাই ডিডিইউ-জিকেওৱাই-ৰ অধীনত ৩১.১০.২০২৫ পৰ্যন্ত মুঠ ৭৭৯৬৬৭.০৩ লাখ টকা মুকলি কৰা হৈছে।
- ২০২৫ কেলেণ্ডাৰ বৰ্ষৰ ভিতৰত মুঠ ৮২২৭২ গৰাকী প্ৰাৰ্থীক প্ৰশিক্ষণ দিয়া হৈছে, আৰু ৩১.১০.২০২৫ পৰ্যন্ত ৩৭০৩৫ গৰাকী প্ৰাৰ্থীক নিয়োজিত কৰা হৈছে
৫. গ্ৰাম্য আত্মনিয়োগ প্ৰশিক্ষণ প্ৰতিষ্ঠান (RSETIS)
আঁচনিৰ উদ্দেশ্য
• ১৮–৫০ বছৰ বয়সৰ গ্ৰাম্য নিবনুৱা যুৱক-যুৱতীসকলক বিনামূলীয়া, আৱাসিক, চাহিদা-চালিত দক্ষতা প্ৰশিক্ষণ প্ৰদান কৰা।
• প্ৰশিক্ষাৰ্থীসকলক উদ্যমিতা বিকাশ আৰু বেংক-ৰ সৈতে ঋণ সংযোগৰ জৰিয়তে আত্মনিয়োগৰ উদ্যোগ গ্ৰহণ কৰিবলৈ সক্ষম কৰা।
• ১–২ বছৰৰ বাবে প্ৰশিক্ষণৰ পিছৰ হেণ্ডহল্ডিং সহযোগিতাৰ জৰিয়তে বহনক্ষম জীৱিকা নিশ্চিত কৰা।
• ফলাফল সৰ্বাধিক কৰিবলৈ অন্যান্য ৰাষ্ট্ৰীয় কাৰ্যসূচী (NRLM, PMAY-G, MGNREGS-UNNATI, PM-VIkas MSDE, MSME, MoTA, KVIC আদি)ৰ সৈতে একত্ৰিত হোৱা।
আঁচনিখনৰ অনন্য বৈশিষ্ট্যসমূহ
-
- বৰ্ডিং, লজিং, আৰু ভ্ৰমণ ভাট্টাকে ধৰি বিনামূলীয়া, পূৰ্ণকালীন আৱাসিক প্ৰশিক্ষণ।
- স্বচ্ছতাৰ বাবে AEBAS (আধাৰ সক্ষম বায়মেট্ৰিক উপস্থিতি ব্যৱস্থা)।
- কৌশল পঞ্জী এপ-ৰ জৰিয়তে প্ৰাৰ্থীৰ পঞ্জীয়ণ।
- ৭০টা পাঠ্যক্ৰম আগবঢ়োৱা হৈছে (৬৫টা এন এছ কিউএফ-এলাইনড + ৫টা বিশেষ পাঠ্যক্ৰম MoRDৰ দ্বাৰা অনুমোদিত)।
- স্থানীয় অৰ্থনীতি আৰু প্ৰয়োজনীয়তা ভিত্তিত ইচ্ছানুযায়ী প্ৰশিক্ষণ মডিউল।
- বন্দোবস্তি নিশ্চিত কৰিবলৈ ২ বছৰলৈকে প্ৰশিক্ষণৰ পিছৰ হেণ্ডহল্ডিং আৰু ফ'ল'-আপ।
- বেংকৰ সৈতে ঋণ সংযোগৰ সুবিধা; উদ্যোগীকৰণত শক্তিশালী মনোনিৱেশ।
- মহিলা, অনুসূচিত জাতি/জনজাতি, পিডব্লিউডি, এছএইচজিৰ সদস্য, আৰু সংখ্যালঘুৰ বাবে বিশেষ ব্যৱস্থা।
বাস্তৱিক সাফল্য (অক্টোবৰ, ২০২৫ পৰ্যন্ত)
-
- মুঠ প্ৰতিষ্ঠান: ২৭ খন ৰাজ্য আৰু ৬ টা কেন্দ্ৰীয় শাসিত অঞ্চলত ৬১২ খন জিলা সামৰি ৬২৫ টা আৰ এছ ই টি আই।
- মুঠ প্ৰশিক্ষাৰ্থী: ৫৯ লাখ গ্ৰাম্য যুৱক-যুৱতী।
- মুঠ নিষ্পাদন: স্ব/মজুৰিযুক্ত নিয়োগৰ জৰিয়তে ৪৩ লাখ।
আৰছেটি ২.০(RSETI 2.0) (বিত্তীয়বৰ্ষ ২৫-২৬ৰ পৰা)ৰ অধীনত হোৱা মূল পৰিৱৰ্তনসমূহ
-
- ঋণ সংযোগৰ লক্ষ্য ৫০% লৈ বৃদ্ধি কৰা হৈছে।
- বাস্তৱ সময়ৰ স্বচ্ছতাৰ বাবে ডিজিটেল শাসন ব্যৱস্থা।
- সম্প্ৰসাৰিত NSQF-প্ৰান্তিককৃত পাঠ্যক্ৰমৰ থুপ
৬. মহাত্মা গান্ধী ৰাষ্ট্ৰীয় গ্ৰাম্য নিয়োগ নিশ্চয়তা আঁচনি (MGNREGS)
মহাত্মা গান্ধী ৰাষ্ট্ৰীয় গ্ৰাম্য নিয়োগ নিশ্চয়তা আইন (মহাত্মা গান্ধী এনৰেগা) হৈছে দেশৰ গ্ৰাম্য অঞ্চলৰ পৰিয়ালসমূহৰ জীৱিকাৰ সুৰক্ষা বৃদ্ধিৰ বাবে স্বেচ্ছাই অদক্ষ শ্ৰমিক হিচাপে কাম কৰিব বিচৰা প্ৰতিটো গ্ৰাম্য পৰিয়ালৰ প্ৰাপ্তবয়স্ক সদস্যসকলক প্ৰতিটো বিত্তীয় বৰ্ষত কমেও ১০০ দিনৰ নিশ্চিত মজুৰিযুক্ত নিয়োগ প্ৰদান কৰাৰ এক ব্ৱস্থা।
উদ্দেশ্য
মহাত্মা গান্ধী ৰাষ্ট্ৰীয় গ্ৰাম্য নিয়োগ নিশ্চয়তা আঁচনি (মহাত্মা গান্ধী এন আৰ ই জি এছ)ৰ উদ্দেশ্যসমূহ হ’ল-
১) গ্ৰাম্য অঞ্চলৰ প্ৰতিটো পৰিয়ালক চাহিদা অনুসৰি বিত্তীয় বৰ্ষত কমেও এশ দিনৰ অদক্ষ হাতৰ কাম প্ৰদান কৰা, যাৰ ফলত নিৰ্ধাৰিত গুণগত মান আৰু স্থায়িত্বৰ উৎপাদনশীল সম্পত্তিৰ সৃষ্টি হয়;
২) দৰিদ্ৰ লোকসকলৰ জীৱিকা সম্পদৰ ভিত্তি শক্তিশালী কৰা;
৩) সামাজিক অন্তৰ্ভুক্তি সক্ৰিয়ভাৱে নিশ্চিত কৰা; আৰু
৪) পঞ্চায়তীৰাজ প্ৰতিষ্ঠান (পি আৰ আই)সমূহক শক্তিশালী কৰা
বিকশিত ভাৰত – ৰোজগাৰ আৰু অজীৱিকা নিশ্চয়তা অভিযান (গ্ৰামিন) — ভি বি–জি ৰাম জি আইন, ২০২৫-ৰ প্ৰৱৰ্তন
বছৰটোত চৰকাৰে গ্ৰাম্য নিয়োগ, বহনক্ষম জীৱিকা আৰু স্থায়ী ৰাজহুৱা সম্পত্তি সৃষ্টিৰ উদ্দেশ্যে বিকশিত ভাৰত – ৰোজগাৰ আৰু অজীৱিকা নিশ্চয়তা মিছন(গ্ৰামীণ) — ভিবি–জি ৰেম জি আইন, ২০২৫ প্ৰৱৰ্তন কৰি এক ৰূপান্তৰণশীল নীতিগত পদক্ষেপ গ্ৰহণ কৰে। এম জি এনৰেগাৰ পৰা প্ৰতিষ্ঠানিক শিক্ষণৰ ভিত্তিত নিৰ্মাণ কৰা এই আইনখনে গ্ৰাম্য পৰিয়ালসমূহক ১২৫ দিনলৈকে মজুৰিযুক্ত নিয়োগৰ বিধিগত নিশ্চয়তা প্ৰদান কৰে।
নতুন আইনখনত পৰিকল্পনা বিকেন্দ্ৰীকৃত, অংশগ্ৰহণমূলক আৰু তলৰ পৰা ওপৰলৈ কৰাৰ কথা কল্পনা কৰা। গাঁও পঞ্চায়তসমূহে গাঁও সভাসমূহৰ জৰিয়তে বিকশিত গাঁও পঞ্চায়ত পৰিকল্পনা (ভিজিপিপি) প্ৰস্তুত কৰিব, যাতে সমাজৰ পৰাই অগ্ৰাধিকাৰমূহ উত্থাপন হয়। এই পৰিকল্পনাসমূহক বিকশিত ভাৰত ৰাষ্ট্ৰীয় গ্ৰাম্য আন্তঃগাঁথনি সংগ্ৰহ (ভিবিএনআৰআইএছ)ত একত্ৰিত কৰা হৈছে — ভিজিপিপি-ৰ পৰা উদ্ভৱ হোৱা প্ৰস্তাৱিত কামসমূহৰ সামগ্ৰিক একত্ৰীকৰণ, জিলা আৰু ৰাজ্যিক পৰ্যায়ত একত্ৰিত কৰা, আৰু কামৰ চাৰিটা বিষয়ভিত্তিক ক্ষেত্ৰ: জল সুৰক্ষা, মূল গ্ৰাম্য আন্তঃগাঁথনি, জীৱিকা সম্পৰ্কীয় আন্তঃগাঁথনি, আৰু চৰম বতৰৰ পৰিঘটনা আৰু দুৰ্যোগ প্ৰশমনৰ বাবে গ্ৰহণ কৰিব খোজা বিশেষ কাৰ্যক্ৰমৰ সৈতে সংযুক্ত কৰা।
এই আইনখনে নীতিগত আবণ্টনক প্ৰতিষ্ঠানিকৰণ, জবাবদিহিতাক শক্তিশালী, আৰু বায়’মেট্ৰিক প্ৰমাণীকৰণ, জিআইএছ/স্থান-প্ৰযুক্তি-ভিত্তিক পৰীক্ষণ, বাস্তৱ সময়ৰ এমআইএছ নিৰীক্ষণ আৰু শক্তিশালী সামাজিক নিৰীক্ষণ ব্যৱস্থাকে ধৰি একাধিক প্ৰযুক্তি-সক্ষম ব্যৱস্থাক সন্নিৱিষ্ট কৰে। এই সংস্কাৰসমূহৰ আৰ্হি হৈছে পুঁজিৰ ব্যৱহাৰ উন্নত কৰা, স্বচ্ছতা বৃদ্ধি কৰা আৰু হৰলুকিৰ সম্ভাৱনা হ্ৰাস কৰা।
ভিবি–জি ৰাম জি আইনখনে গ্ৰাম্য নিয়োগ যাতে অধিক আয়, স্থিতিস্থাপক জীৱিকা আৰু শক্তিশালী গাঁৱৰ অৰ্থনীতিলৈ ৰূপান্তৰিত হয়, সেয়া নিশ্চিত কৰিব বিচাৰে। ইয়াৰ ৰূপায়ণক গ্ৰাম্য নিয়োগ, আন্তঃগাঁথনি উন্নয়ন আৰু জীৱিকা সুৰক্ষাক বিকশিত ভাৰত @ ২০৪৭-ৰ দীৰ্ঘম্যাদী দৃষ্টিভংগীৰ সৈতে একাকাৰ কৰাৰ ক্ষেত্ৰত এক বৃহত্ মাইলৰ খুঁটি হিচাপে চিহ্নিত কৰিছে।
৭. ৰাষ্ট্ৰীয় সামাজিক সাহায্য কাৰ্যসূচী (NSAP)
ভাৰতীয় সংবিধানৰ ৪১ নং অনুচ্ছেদত ৰাজ্যসমূহক নিবনুৱা, বাৰ্ধক্য, অসুস্থতা আৰু অক্ষমতা আৰু অন্যান্য অপ্ৰাপ্য অভাৱসমূহৰ ক্ষেত্ৰত তেওঁলোকৰ নাগৰিকসকলক নিজৰ অৰ্থনৈতিক সামৰ্থ্য আৰু উন্নয়নৰ সীমাৰ ভিতৰত ৰাজহুৱা সাহায্য প্ৰদান কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। ৰাজ্যিক নীতিৰ এই নিৰ্দেশনামূলক নীতিসমূহ পূৰণৰ দিশত ১৯৯৫ চনৰ ১৫ আগষ্টৰ পৰা ৰাষ্ট্ৰীয় সামাজিক সাহায্য কাৰ্যসূচী (এন এছ এ পি) কাৰ্যকৰী হয়। এন এছ এ পি-ৰ উদ্দেশ্য হৈছে এন এছ এ পি-ৰ নিৰ্দেশনা অনুসৰি ৰাজ্য/ কেন্দ্ৰীয় শাসিত অঞ্চলসমূহে চিনাক্ত কৰা দৰিদ্ৰ সীমাৰেখাৰ তলৰ (বি পি এল) পৰিয়ালৰ উপাৰ্জনকৰোতাগৰাকীৰ মৃত্যুৰ ক্ষেত্ৰত বৃদ্ধ, বিধৱা আৰু বিশেষভাৱে সক্ষম লোকৰ লগতে শোকসন্তপ্ত পৰিয়ালসমূহক মৌলিক পৰ্যায়ৰ আৰ্থিক সাহায্য প্ৰদান কৰা।
- বিগত বছৰসমূহত কাৰ্যসূচীটোৰ গঠন, যোগ্যতাৰ মাপকাঠী আৰু পুঁজিৰ ধৰণৰ ক্ষেত্ৰত বহু পৰিৱৰ্তন হৈছে। বৰ্তমান ই পাঁচখন সুকীয়া আঁচনিৰে গঠিত।
- ৰাজ্য/ কন্দ্ৰীয় শাসিত অঞ্চলসমূহক তিনিখন পেঞ্চন আঁচনিৰ অধীনত অন্ততঃ সমান বৰঙণি আগবঢ়াবলৈ অনুৰোধ জনোৱা হৈছে। বৰ্তমান ৰাজ্য/ কেন্দ্ৰীয় শাসিত অঞ্চলসমূহে প্ৰতিমাহে ৫০ৰ পৰা ৫৭০০ টকা পৰ্যন্ত বৰঙণি আগবঢ়াইছে। বৰ্তমান এন এছ এ পি-য়ে হিতাধিকাৰীসকলৰ সংখ্যাৰ ভিত্তিত প্ৰতিখন ৰাজ্য/ কেন্দ্ৰীয় শাসিত অঞ্চলৰ বাবে আঁচনিভিত্তিক চিলিং/ সীমাৰেখাৰে ৩.০৯ কোটি বিপিএল হিতাধিকাৰীলৈ সেৱা আগবঢ়ায়। এন এছ এ পি-ৰ অধীনত আঁচনিভিত্তিক সাহায্য ডিজিটেলাইজড হিতাধিকাৰীৰ সংখ্যা বা ৰাজ্য/ কেন্দ্ৰীয় শাসিত অঞ্চলৰ সীমালৈকে অনুমোদন কৰা হয়। ২০২৪-২৫ চনৰ ভিতৰত এন এছ এ পি আঁচনি ৰূপায়ণৰ বাবে ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহলৈ ৯৬৫২ কোটি টকাৰ ধনৰাশি মুকলি কৰা হৈছিল। ২০২৫-২৬ বিত্তীয় বৰ্ষৰ বাবে এন এছ এ পি আঁচনিৰ বাবে ৯৬৫২.০০ কোটি টকাৰ আবণ্টন দিয়া হৈছে ২০২৫-২৬ বিত্তীয় বৰ্ষৰ বাবে এন এছ এ পি আঁচনিৰ বাবে ৯৬৫২.০০ কোটি টকাৰ ধন আবণ্টন দিয়া হৈছে, যাৰ ভিতৰত ৩০.১১.২০২৫ পৰ্যন্ত ৰাজ্য/ কেন্দ্ৰীয় শাসিত অঞ্চলসমূহলৈ ৫৫৬৪.০০ কোটি টকা মুকলি কৰা হৈছে।
৮. জিলা উন্নয়ন সমন্বয় আৰু নিৰীক্ষণ সমিতি (DISHA)
বহনক্ষম আৰু সংহত গ্ৰাম্যোন্নয়নৰ বাবে এক সামগ্ৰিক দৃষ্টিভংগী গ্ৰহণ কৰা আৰু অভিসৰণৰ জৰিয়তে ত্বৰান্বিত গ্ৰাম্যোন্নয়নৰ বাবে এক উমৈহতীয়া লক্ষ্যৰে বিভিন্ন মন্ত্ৰালয়ৰ অবিধিগত আঁচনিসমূহৰ ৰূপায়ণ নিৰীক্ষণ কৰাটো অতি প্ৰয়োজনীয়। এই উদ্দেশ্য পূৰণৰ বাবে সংসদ, ৰাজ্যিক বিধানসভা আৰু স্থানীয় নিকায় (পঞ্চায়তীৰাজ প্ৰতিষ্ঠান/পৌৰসভাৰ সংস্থা)সমূহৰ সকলো নির্বাচিত প্রতিনিধি (পঞ্চায়তীৰাজ প্রতিষ্ঠান/পৌৰসভাৰ সংস্থা)ৰ মাজত সুসংহতি সুনিশ্চিত কৰাৰ বাবে সাংসদসকলৰ অধ্যক্ষতাত ৭৭৬খন জিলাত জিলা পর্যায়ৰ দিশা সমিতি গঠন কৰা হৈছে৷ একেদৰে ৰাজ্যসমূহৰ উচ্চতম পৰ্যায়ত সমাধান কৰিবলগীয়া বিষয়সমূহৰ প্ৰতি লক্ষ্য ৰাখিবলৈ ৰাজ্য চৰকাৰসমূহে ৰাজ্যৰ মুখ্যমন্ত্ৰীক অধ্যক্ষ হিচাপে লৈ ৰাজ্যিক দিশা সমিতিসমূহ গঠন কৰে।
২০২৫ চনৰ ১ জানুৱাৰীৰ পৰা আজি পৰ্যন্ত হোৱা বৃহত্ সাফল্যসমূহ হ’ল-
- বছৰটোৰ ভিতৰত জিলাৰ মাননীয় সাংসদ মহোদয়ৰ অধ্যক্ষতাত মুঠ ১০৫৮ খন জিলা পৰ্যায়ৰ দিশা সভা আহ্বান কৰা হয়।
- ৰাজ্য/জিলা পৰ্যায়ৰ দিশা সমিতিৰ বাবে বছৰটোৰ ভিতৰত মুঠ ২৪৬ গৰাকী বেচৰকাৰী সদস্যক মনোনীত কৰা হয়।
- ৰাজ্যৰ মাননীয় মুখ্যমন্ত্ৰীসকলৰ অধ্যক্ষতাত মুঠ ৮ খন ৰাজ্যিক পৰ্যায়ৰ দিশা সমিতিৰ বৈঠক অনুষ্ঠিত হয়।
- জিলা পৰ্যায়ৰ দিশা সমিতিসমূহৰ বাবে ৰাজ্যসভাৰ মুঠ ২৩ গৰাকী মাননীয় সাংসদক অধ্যক্ষ/ সহ-অধ্যক্ষ হিচাপে মনোনীত কৰা হৈছে।
- মুঠ ৮ খন আঁচনি DISHA ডেচব’ৰ্ড-ত অন্তৰ্ভুক্ত কৰা হৈছে।
******
MS/KB
(ৰিলিজ আই ডি : 2216860)
অতিথি কক্ষ : 25