প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
পশ্চিমবংগৰ মালদাত ৩,২৫০ কোটিতকৈ অধিক মূল্যৰ একাধিক ৰে’ল আৰু পথ আন্তঃগাঁথনি প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন অনুষ্ঠানৰ আভাস শ্বেয়াৰ কৰিলে প্ৰধানমন্ত্ৰীয়ে
পোষ্ট কৰা হৈছে:
17 JAN 2026 5:07PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পশ্চিমবংগৰ মালদাত ৩,২৫০ কোটিতকৈ অধিক মূল্যৰ একাধিক ৰে’ল আৰু পথ আন্তঃগাঁথনি প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন অনুষ্ঠানৰ আভাস শ্বেয়াৰ কৰে।
এক্সৰ এলানি পোষ্টত শ্ৰী মোদীযে লিখেঃ
‘পশ্চিমবংগৰ মালদাৰ পৰা ৰে’ল আন্তঃগাঁথনিৰ আধুনিকীকৰণৰ ক্ষেত্ৰত এক উল্লেখযোগ্য পদক্ষেপ গ্ৰহণ কৰা হৈছে।
বণ্ডে ভাৰত শ্লিপাৰ ৰে’লৰ শুভাৰম্ভণি যাত্ৰীসকলৰ সুবিধাৰ ক্ষেত্ৰত এক ডাঙৰ পদক্ষেপ।”
“ৰাজ্যখনে আৰু চাৰিখন আধুনিক অমৃত ভাৰত এক্সপ্ৰেছ ৰে’ল পোৱাৰ বাবে পশ্চিমবংগবাসীক অভিনন্দন জনাইছো।”
“মালদা ৰে’ল ষ্টেচনত হাওৰা আৰু গুৱাহাটী সংযোগী প্ৰথমখন বণ্ডে ভাৰত শ্লিপাৰ ৰে’লৰ ফ্লেগ অফ কৰিলোঁ। ষ্টেচনত আৰু ৰে’লত উপস্থিত থকা একাশ শিশুৰ সৈতে মত বিনিময় কৰি মই আনন্দিত হ’লো।”
***
MJPS/SR/DB
(ৰিলিজ আই ডি : 2215701)
অতিথি কক্ষ : 33
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
हिन्दी
,
Marathi
,
Manipuri
,
Bengali
,
Bengali-TR
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Tamil
,
Telugu
,
Kannada
,
Malayalam