প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰধানমন্ত্ৰীয়ে বিকশিত ভাৰত ইয়ং লীডাৰ্ছ ডায়লগ, ২০২৬-ত তেওঁৰ সম্বোধনৰ কিয়দাংশ শ্বেয়াৰ কৰিছে
পোষ্ট কৰা হৈছে:
13 JAN 2026 9:16AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত অনুষ্ঠিত হোৱা বিকশিত ভাৰত ইয়ং লীডাৰ্ছ ডায়লগ, ২০২৬-ত তেওঁৰ সম্বোধনৰ কিয়দাংশ শ্বেয়াৰ কৰিছে।
এক্স-ৰ এলানি প’ষ্টত শ্ৰী মোদীয়ে এইদৰে লিখিছেঃ
“বিগত ১১ বছৰে দেশৰ প্ৰতিটো খণ্ডতে সুযোগৰ অন্তহীন দুৱাৰ মুকলি হৈ আহিছে। বিষয়বস্তু আৰু সৃষ্টিশীলতা এই সুযোগসমূহৰ অন্যতম। আমাৰ যুৱ বন্ধুসকলে ৰামায়ণ আৰু মহাভাৰতৰ প্ৰেৰণাদায়ক কাহিনীসমূহ গেমিং জগতত সন্নিৱিষ্ট কৰিব পাৰে। আনকি আমাৰ হনুমান জীয়েই সমগ্ৰ গেমিং জগতখন চলাব পাৰে!
#YoungLeadersDialogue2026”
“আমি সাধন কৰা এলানি পৰৱৰ্তী প্ৰজন্মৰ সংস্কাৰ এতিয়া ৰিফৰ্ম এক্সপ্ৰেছত পৰিণত হৈছে। আমাৰ যুৱ শক্তি ইয়াৰ মূলতে আছে।
#YoungLeadersDialogue2026”
“আমি দাসত্বৰ মানসিকতা ত্যাগ কৰি আমাৰ ঐতিহ্য আৰু আমাৰ ধাৰণাক সদায় অগ্ৰাধিকাৰ প্ৰদান কৰিব লাগিব। স্বামী বিবেকানন্দৰ জীৱন পৰিক্ৰমায়ো আমাক এই কথাই শিকাইছে।
#YoungLeadersDialogue2026”
*****
MJPS/SR/SB
(ৰিলিজ আই ডি : 2214073)
অতিথি কক্ষ : 33
ত এই ৰিলিজটো পঢ়ক:
Marathi
,
English
,
Urdu
,
हिन्दी
,
Bengali
,
Bengali-TR
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Telugu
,
Kannada
,
Malayalam